--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুম্বাই টেষ্ট মেচত নিউজিলেণ্ডৰ দলটোৱে ভাৰতক ২৫ ৰাণত পৰাস্ত কৰাৰ বিপৰীতে ভাৰতীয় দলে ৩খন মেচৰ টেষ্ট শৃংখলাত ০-৩ ত পৰাস্ত হয়। ভাৰতীয় টেষ্ট ইতিহাসত দ্বিতীয়বাৰৰ বাবে ভাৰতত ক্লীন ছুইপিঙত কৃতিত্ব অৰ্জন কৰিছে এটা দলে। নিউজিলেণ্ডৰ দলটোৱে ভাৰতত ক্লীন ছুইপ কৰা আৰু ইতিহাস সৃষ্টি কৰা দ্বিতীয়টো দল হিচাপে পৰিগণিত হয়।

India suffer string of 'firsts' in Test, series loss against New Zealand |  Cricket News - Times of India
২০০০ চনৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকাই ভাৰতক ক্লীন ছুইপ কৰিছিল। অৱশ্যে নিউজিলেণ্ডৰ দলটোৱে ৩খন মেচৰ টেষ্ট শৃংখলাত প্ৰথমবাৰৰ বাবে ‘ক্লিন ছুইপ ইণ্ডিয়া’ৰ কৃতিত্ব অৰ্জন কৰে। এই টেষ্ট শৃংখলাত পৰাস্ত হোৱাৰ পাছত এতিয়া ভাৰতীয় দলটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান হেৰুৱালে।


নিউজিলেণ্ডৰ বিৰুদ্ধে ৩খন মেচৰ টেষ্ট শৃংখলাত ০-৩ ত পৰাস্ত হোৱাৰ পাছত এতিয়া ভাৰতীয় ক্ৰিকেট দলটোৱে ডব্লিউ টি চি পইণ্ট টেবুলত প্ৰথম স্থানৰ পৰা দ্বিতীয় স্থানলৈ গৈছে। এই টেষ্ট চেম্পিয়নশ্বিপ চক্ৰত ভাৰতে মুঠ ১৪খন খেল খেলিছে, য’ত দলটোৱে ৮খন জয়, ৫খন পৰাজয় আৰু এখন মেচ ড্ৰ’ আছিল। ভাৰতৰ জয়ৰ শতকৰা হাৰ এতিয়া ৫৮.৩৩। ভাৰতৰ শৃংখলাৰ পৰাজয়ৰ পিছত এতিয়া অষ্ট্ৰেলিয়া প্ৰথম স্থানলৈ আগবাঢ়িছে। কেংগাৰু দলৰ জয়ৰ শতাংশ বৰ্তমান ৬২.৫০।

IND Vs NZ: Taking A Look At India's Test Series Losses At Home Since 2000


টেষ্ট শৃংখলাত ভাৰতক ৩-০ ত পৰাস্ত কৰাৰ পাছত এতিয়া পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে নিউজিলেণ্ড দল। কিউই দলটোৱে ১১খন মেচৰ ভিতৰত ৬খন খেলত জয়লাভ কৰি ৫খন মেচত পৰাস্ত হৈছে আৰু এই দলটোৰ জয়ৰ শতাংশ ৫৪.৫৫। তৃতীয় স্থানত আছে ৫৫.৫৬ শতাংশ জয়ী শ্ৰীলংকাৰ দলটো। বৰ্তমান দক্ষিণ আফ্ৰিকা ৫৪.১৭ জয়ৰ শতাংশৰে পঞ্চম স্থানত থকাৰ বিপৰীতে ইংলেণ্ডে ৪০.৭৯ জয়ৰ শতাংশৰে ষষ্ঠ স্থানত আছে। ৩৩.৩৩ ৰ জয়ৰ শতাংশৰে সপ্তম স্থানত আছে পাকিস্তান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ