--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ আজি জন্মদিন। ৩৬ বছৰত ভৰি দিলে কোহলীয়ে। বিৰাট কোহলীৰ এই বিশেষ দিনটোত তেওঁৰ লাখ লাখ গুণমুগ্ধই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতীয় ক্ৰিকেটৰ এটা চিনাকী নাম বিৰাট কোহলি।

কোনে জানিছিল যে পশ্চিম দিল্লীৰ এজন ল’ৰাই এদিন বিশ্ব ক্ৰিকেটত শাসন কৰিব? সমগ্ৰ বিশ্বতে তেওঁৰ নাম সকলোৰে মুখে মুখে থাকিব? কিন্তু আজি ৩৬ বছৰ সম্পূৰ্ণ কৰা বিৰাট কোহলীলৈ মন কৰিলে এই সকলোবোৰ সপোন সপোন যেন লাগে। আজি বিৰাট ভাৰতীয় ক্ৰিকেটৰ শক্তিয়েই নহয়, প্ৰতিদ্বন্দ্বী দলৰ বাবেও আটাইতকৈ ডাঙৰ সমস্যা। 

Virat Kohli Turns 36: A Look At His Unmatched Records In International Cricket



৩৬ বছৰ ৩৬টা অভিলেখ আৰু বিৰাট কোহলী

ভাৰতীয় বেটছমেন বিৰাট কোহলীয়ে বহুবাৰ দলটোক কঠিন পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিছে৷ প্ৰাক্তন অধিনায়ক কোহলীয়ে আজি ৩৬ সংখ্যক জন্মদিন উদযাপন কৰিছে। আহক আজি আমি বিৰাট কোহলীৰ সেই ৩৬টা কৃতিত্বৰ ওপৰত চকু ফুৰাওঁ যিয়ে তেওঁৰ ক্ৰিকেটৰ ‘কিং’ খিতাপক সঁচা অৰ্থত ন্যায্যতা প্ৰদান কৰে। 

১)বিৰাট কোহলীৰ অধিনায়কত্বৰ অধীনত ভাৰতীয় ইউ-১৯ দলটোৱে ২০০৮ চনৰ বিশ্বকাপত জয়লাভ কৰিছিল। এই প্ৰতিযোগিতাখন মালয়েছিয়াত অনুষ্ঠিত হৈছিল। এই দৰ্শনীয় প্ৰদৰ্শনৰ পিছত কোহলীয়ে পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই ।

২)এদিনীয়া ক্ৰিকেটত ৮০০০, ৯০০০, ১০০০০, ১১০০০, ১২০০০ আৰু ১৩০০০ ৰান সংগ্ৰহ কৰা সৰ্বাধিক বেটছমেন বিৰাট কোহলী।

৩)আইচিচিৰ ইভেণ্টত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ বিৰাট কোহলিৰ হাতত।

৪)আইচিচিৰ ইভেণ্টত অধিকাংশ অৰ্ধশতক অৰ্জন কৰাৰ ক্ষেত্ৰতো বিৰাট কোহলী শীৰ্ষস্থানত আছে।

৫)আইচিচিৰ ইভেণ্টত সৰ্বাধিক মেন অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ অভিলেখ গঢ়িছে কোহলীয়ে ৷ 

৬)বিশ্বৰ সক্ৰিয় ক্ৰিকেটাৰসকলৰ ভিতৰত বিৰাট কোহলী হৈছে এদিনীয়া খেলত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন।

৭)কেলেণ্ডাৰ বছৰত দুবাৰকৈ ১১-১১ শতক অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ বিৰাট কোহলী।

৮)এদিনীয়া খেলত একেৰাহে ৩টা শতক অৰ্জন কৰা একমাত্ৰ অধিনায়ক বিৰাট।

৯)আইচিচিৰ নক আউটত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছে বিৰাটৰ।

১০)আই চি চি নক আউটত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখ কোহলীৰ হাতত আছে।

১১)আইচিচিৰ তিনিওটা ইভেণ্টতে গড়ে ৫০টাতকৈ অধিক ৰান সংগ্ৰহ কৰা একমাত্ৰ খেলুৱৈ বিৰাট।

১২)এক দশকৰ ভিতৰত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছে বিৰাট কোহলি।

১৩)এদশকত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন কোহলী।

১৪)এটা দশকৰ ভিতৰত সৰ্বাধিক প্লেয়াৰ অৱ দ্য মেচৰ বঁটাৰ অভিলেখ বিৰাটৰ হাতত আছে।

১৫)সেই দুগৰাকী ভাৰতীয়ৰ ভিতৰত বিৰাটৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে টেষ্ট আৰু এদিনীয়া দুয়োখন ছেনা দেশতে শতক অৰ্জন কৰিছে।

১৬)টেষ্টত বিৰাট কোহলিয়ে কেলেণ্ডাৰ বছৰত দুবাৰকৈ ৩টা ডাবল চেঞ্চুৰী কৰাৰ অভিলেখ আছে।

১৭)দ্বিপাক্ষিক এদিনীয়া শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ বিৰাট কোহলিৰ হাতত।

১৮)টি-২০ বিশ্বকাপৰ এই সংস্কৰণত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন বিৰাট।

১৯)টি-২০ বিশ্বকাপৰ এই সংস্কৰণত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা বেটছমেন বিৰাট।

২০)চেম্পিয়নছ ট্ৰফীৰ এই সংস্কৰণত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা বেটছমেন বিৰাট কোহলী।

২১)বিৰাট কোহলী হৈছে এটা দশকৰ ভিতৰত ২০০০০ আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন।

২২)কেলেণ্ডাৰ বছৰত ১০০০ এদিনীয়া ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত বেটছমেন বিৰাট। ২০১১ চনত এই কাম কৰি তেওঁ হাছিম আমলাৰ ১৫ ইনিংছৰ অভিলেখ ভংগ কৰে।

২৩)দুটা দলৰ বিৰুদ্ধে এদিনীয়া খেলত একেৰাহে ৩টা শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হৈছে বিৰাট।

২৪)একে বছৰতে আইচিচিৰ তিনিটা ডাঙৰ বঁটা – ছাৰ গাৰ্ফিল্ড ছ’বাৰ্ছ ট্ৰফী, বছৰৰ শ্ৰেষ্ঠ টেষ্ট খেলুৱৈ আৰু বছৰৰ শ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ – লাভ কৰা প্ৰথমজন খেলুৱৈ।

২৫)২০১৯ চনৰ বিশ্বকাপত তেওঁ একেৰাহে ৫টা অৰ্ধশতক অৰ্জন কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়।

২৬)টেষ্টৰ অধিনায়ক হিচাপে বিৰাট কোহলীয়ে সৰ্বাধিক ৭টা দ্বৈত শতক অৰ্জন কৰিছে।

২৭)আই পি এলৰ এটা ছিজনত সৰ্বাধিক ৯৭৩ ৰান সংগ্ৰহ কৰাৰ অভিলেখো বিৰাট কোহলিৰ হাতত আছে।

২৮)অধিনায়ক হিচাপে বিৰাট কোহলীয়ে এদিনীয়াত সৰ্বাধিক দ্ৰুততম ৩০০০ ৰান সংগ্ৰহ কৰিছে।

২৯)ৱেষ্ট ইণ্ডিজৰ মাটিত ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক এদিনীয়া স্ক’ৰ কৰাৰ অভিলেখ বিৰাট কোহলীৰ হাতত আছে।

৩০)অধিনায়ক হিচাপে তেওঁ টেষ্টত সৰ্বাধিক দ্ৰুতগতিত ৪০০০ ৰান সংগ্ৰহ কৰিছে।

৩১)ভাৰতীয় ভূমিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক এদিনীয়া শতক অৰ্জন কৰা বেটছমেন বিৰাট।

৩২)ক্ৰিকেট কেৰিয়াৰত ৩০, ৩৫ আৰু ৪০টা এদিনীয়া শতক অৰ্জন কৰা সৰ্বাধিক বেটছমেন বিৰাট।

৩৩)বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বিৰাট।

৩৪)আই পি এলৰ এটা ছিজনত সৰ্বাধিক ৪ শতক (২০১৬) অৰ্জন কৰা প্ৰথমজন বেটছমেন। তেওঁৰ পিছত ২০২২ চনত জোছ বাটলাৰেও একে সংখ্যক শতক অৰ্জন কৰিছিল।

৩৫)অধিনায়ক হিচাপে বিৰাটে টেষ্টত সৰ্বাধিক ১৫০ প্লাছ স্ক’ৰ কৰিছে।

৩৬)টেষ্ট ক্ৰিকেটৰ ইতিহাসত একেৰাহে ৪টা শৃংখলাত ৪টা ডাবল শতক অৰ্জন কৰা একমাত্ৰ বেটছমেন।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ