--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰ্দমা, নলা বা মেনহোল পৰিষ্কাৰ কৰাৰ সময়তে  দেশত বহু সময়ত বহু লোকৰ মৃত্যু ঘটিছে।ইয়াৰ পৰিপ্ৰেক্ষিততে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এনে মৃত্যুৰ ক্ষেত্ৰতত উপযুক্ত ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিছে। ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু অৰবিন্দ কুমাৰৰ খণ্ড বিচাৰপীঠে কয় যে চৰকাৰে নৰ্দমা পৰিষ্কাৰ কৰোঁতে মৃত্যু হোৱা অনাময় কৰ্মীৰ পৰিয়ালক ৩০ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰা উচিত।

২০২২ চনৰ জুলাই মাহত সংসদত দাখিল কৰা কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি  যোৱা পাঁচ বছৰত ৩৪৭ জন লোকে  নলা চাফা কৰিবলৈ গৈ মৃত্যুক সাৱটি লৈছে।

 উত্তৰ প্ৰদেশ, তামিলনাডু আৰু দিল্লীত এনে  ৪০ শতাংশ দুৰ্ঘটনা সংঘটিত হৈছে । উচ্চতম ন্যায়ালয়ত চাফাই কৰ্মচাৰীৰ সুৰক্ষা সম্পৰ্কীয় এখন ৰাজহুৱা স্বাৰ্থৰজড়িত   আবেদনৰ শুনানি গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয়  "কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিশ্চিত কৰা উচিত যে  নলা আৰু মেনহোলবোৰ পৰিষ্কাৰ কৰাৰ কাম সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা হৈছে," । 

যদি কোনো  কৰ্মচাৰীৰ  নলা আৰু মেনহোলত কাম কৰোঁতে কোনো শাৰীৰিক সমস্যাৰ সন্মুখীন হয় বা  কৰ্মচাৰীজনে ইয়াৰ বাবে আজীৱন ভুগিবলগীয়া হয়, তেন্তে চৰকাৰে তেওঁক বা তেওঁৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিব। যদি কৰ্মচাৰী এজনে সামান্য শাৰীৰিক সমস্যাৰ সন্মুখীন হয়, ক্ষতিপূৰণৰ পৰিমাণ হ'ব ১০  লাখ টকা। নলা পৰিষ্কাৰ কৰোঁতে কাৰোবাৰ মৃত্যু হ’লে মৃতকৰ নিকট আত্মীয়ক ৩০ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ নিৰ্দেশ দিয়ে আদালতে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ