--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰ্দমা, নলা বা মেনহোল পৰিষ্কাৰ কৰাৰ সময়তে  দেশত বহু সময়ত বহু লোকৰ মৃত্যু ঘটিছে।ইয়াৰ পৰিপ্ৰেক্ষিততে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এনে মৃত্যুৰ ক্ষেত্ৰতত উপযুক্ত ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিছে। ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু অৰবিন্দ কুমাৰৰ খণ্ড বিচাৰপীঠে কয় যে চৰকাৰে নৰ্দমা পৰিষ্কাৰ কৰোঁতে মৃত্যু হোৱা অনাময় কৰ্মীৰ পৰিয়ালক ৩০ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰা উচিত।

২০২২ চনৰ জুলাই মাহত সংসদত দাখিল কৰা কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি  যোৱা পাঁচ বছৰত ৩৪৭ জন লোকে  নলা চাফা কৰিবলৈ গৈ মৃত্যুক সাৱটি লৈছে।

 উত্তৰ প্ৰদেশ, তামিলনাডু আৰু দিল্লীত এনে  ৪০ শতাংশ দুৰ্ঘটনা সংঘটিত হৈছে । উচ্চতম ন্যায়ালয়ত চাফাই কৰ্মচাৰীৰ সুৰক্ষা সম্পৰ্কীয় এখন ৰাজহুৱা স্বাৰ্থৰজড়িত   আবেদনৰ শুনানি গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয়  "কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিশ্চিত কৰা উচিত যে  নলা আৰু মেনহোলবোৰ পৰিষ্কাৰ কৰাৰ কাম সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা হৈছে," । 

যদি কোনো  কৰ্মচাৰীৰ  নলা আৰু মেনহোলত কাম কৰোঁতে কোনো শাৰীৰিক সমস্যাৰ সন্মুখীন হয় বা  কৰ্মচাৰীজনে ইয়াৰ বাবে আজীৱন ভুগিবলগীয়া হয়, তেন্তে চৰকাৰে তেওঁক বা তেওঁৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিব। যদি কৰ্মচাৰী এজনে সামান্য শাৰীৰিক সমস্যাৰ সন্মুখীন হয়, ক্ষতিপূৰণৰ পৰিমাণ হ'ব ১০  লাখ টকা। নলা পৰিষ্কাৰ কৰোঁতে কাৰোবাৰ মৃত্যু হ’লে মৃতকৰ নিকট আত্মীয়ক ৩০ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ নিৰ্দেশ দিয়ে আদালতে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত