--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অটোৱালাই নিজৰ অটোত লগোৱা সতৰ্কবাণী চৰ্চাৰ বিষয় হৈ পৰিছে। ভাইৰেল হৈ পৰিছে সতৰ্কবাণী লিখি থোৱা পোষ্টাৰখন। 

অটোৱালাগৰাকীয়ে লিখিছে- সাৱধান...'ইয়াত ৰোমাঞ্চ নকৰিব। এয়া অটো হয়, আপোনাৰ ব্যক্তিগত কোঠা বা OYO নহয়। দূৰত্ব বজাই ৰাখক আৰু শান্ত হৈ থাকক। সন্মান দিয়ক...সন্মান লওক। ধন্যবাদ'

এতিয়া এই অটো চালকৰ সতৰ্কবাণী ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পোষ্টটোৰ ওপৰত ৰাইজে নিজ নিজ প্ৰতিক্ৰিয়াও দি আছে। কোনো কোনোৱে ইয়াক শুদ্ধ আৰু কোনোবাই ভুল বুলি কৈছে।

অন্যা নামৰ এগৰাকী ইউজাৰ্ছে এই ফটোখন নিজ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছিল আৰু তাৰপাছতেই ই ভাইৰেল হৈ পৰে।

ইউজাৰ্ছ এগৰাকীয়ে লিখিছে ‘এইগৰাকী অটো চালকৰ প্ৰতি মোৰ বহুত সন্মান যাচিলোঁ’। আন এজন ইউজাৰ্ছে লিখিছে, ‘চালকক সন্মান কৰক, যাত্ৰীক সন্মান কৰক, কোনো ঠাট্টা-মস্কৰা নকৰিব।’ তৃতীয়জন ইউজাৰ্ছে লিখিছে, ‘অটো চালকজনে হৃদয়ত ঠাই ল’লে। 

চতুৰ্থজন ইউজাৰ্ছে লিখিছে, ‘অয়’ৰ পিছত অটোৱালাই নিব্বা-নিব্বিক নিজৰ মৰ্যাদা দেখুৱাইছে’। পঞ্চমজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এয়া মজা লাগিল’। আন এজনে লিখিছে, ‘অটোৱালা দাদাৰ অতি ভাল পদক্ষেপ’। 

এনেদৰে নানা মন্তব্যৰে ভৰি পৰিছে পোষ্টাদাতাৰ এক্স একাউণ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post