--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাৰ শাৰীৰিক গঠনৰ ওপৰত কৰা মন্তব্যক যৌন নিৰ্যাতন বুলি অভিহিত কৰিছে কেৰালা উচ্চ ন্যায়ালয়ে। কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ বদৰুদ্দিনে এখন আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে এনে মন্তব্যক যৌন নিৰ্যাতনৰ অপৰাধ বুলি বিবেচনা কৰি ব্যৱস্থা গ্ৰহণ কৰা উচিত।

কেৰেলা ৰাজ্যিক বিদ্যুৎ ব’ৰ্ডৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰীৰ বিৰুদ্ধে একেটা কাৰ্যালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে অভিযোগ উত্থাপন কৰে। মহিলাগৰাকীয়ে ২০১৩ চনৰ পৰা অভিযুক্ত প্ৰাক্তন কৰ্মচাৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে অশ্লীল ভাষা ব্যৱহাৰ কৰা বুলি কৈছিল। ইয়াৰ পিছত ২০১৬-১৭ চনত তেওঁ আপত্তিজনক মেছেজ আৰু ভইচ কল প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে মহিলা কৰ্মচাৰীগৰাকীক। কে এছ ই বি আৰু আৰক্ষীক অভিযোগ দিয়াৰ পিছতো তেওঁ মহিলাগৰাকীক আপত্তিজনক মেছেজ প্ৰেৰণ কৰি থাকিল।

কেইবাটাও অভিযোগৰ অন্তত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কেৰেলা আৰক্ষী আইনৰ আইপিচি ধাৰা ৩৫৪এ (যৌন নিৰ্যাতন) আৰু ৫০৯ (মহিলাৰ বিনয়ক ক্ষোভিত কৰা) আৰু ১২০ (অ’) ধাৰাত (অবাঞ্চিত ফোন, চিঠি, লিখা, বাৰ্তা) গোচৰ ৰুজু কৰে। অভিযুক্তই যৌন নিৰ্যাতনৰ গোচৰ বাতিল কৰাৰ বাবে আবেদন দাখিল কৰিছিল।

অভিযুক্তই আবেদনখনত দাবী কৰিছে যে আইপিচিৰ ধাৰা ৩৫৪এ আৰু ৫০৯ আৰু কেৰেলা আৰক্ষী আইনৰ ধাৰা ১২০ (অ)ৰ পৰিসৰৰ অধীনত এজন ব্যক্তিৰ শৰীৰৰ গঠন ভাল বুলি উল্লেখ কৰিলেই তেওঁক যৌন নিৰ্যাতনৰ বাবে জগৰীয়া কৰিব নোৱাৰি। 
তেতিয়া মহিলাগৰাকীয়ে কয় যে তেওঁৰ শৰীৰৰ গঠনক লৈ ফোন আৰু মেছেজত অশ্লীল মন্তব্য কৰি অভিযুক্তই হাৰাশাস্তি কৰিছিল।

এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কয় যে প্ৰাইমা ফেচি আইপিচিৰ ধাৰা ৩৫৪এ আৰু ৫০৯ আৰু কেৰেলা আৰক্ষী আইনৰ ধাৰা ১২০ (অ’)ৰ অধীনত অভিযুক্তৰ আবেদন নাকচ কৰে আদালতে। 

কেৰালা উচ্চ ন্যায়ালয়ে মন্তব্য কৰি কয় যে অভিযুক্ত দোষী সব্যস্ত হ'লে যৌন নিৰ্যাতনৰ ফৌজদাৰী গোচৰত শাস্তি লাভ কৰিব। ন্যায়াধীশ এ বদৰুদ্দিনৰ এজনীয়া পীঠে এই ৰায় প্ৰদান কৰে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ