--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাক লৈ ভাৰত আৰু কানাডাৰ মাজত আৰম্ভ হোৱা সংঘাতৰ এতিয়ালৈকে ওৰ পৰা নাই।  এনে সংঘাতৰ পৰিণতিতে  কানাডাই ভাৰতৰ পৰা ৪১  জন কূটনীতিক নিজৰ দেশলৈ ওভতাই নিছে।   নতুন দিল্লীয়ে পূৰ্বে কৈছিল যে শুক্ৰবাৰৰ ভিতৰত কমেও ৪০ জন কূটনীতিকক কানাডাই ওভতাই নিব লাগিব। সেই সময়সীমা শেষ হোৱাৰ পূৰ্বেই কানাডাই ভাৰতৰ পৰা মুঠ ৪১  জন কূটনীতিকক স্থানান্তৰ কৰিছে। 

জুন মাহত কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশত খালিস্তান পন্থী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰা হৈছিল। কানাডাৰ সংসদৰ মজিয়াত  কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে  নেতাজনৰ হত্যাৰ আঁৰত ভাৰতৰ হাত  থকাৰ অভিযোগ উত্থাপন কৰিছিল। তেতিয়াৰে  পৰা ভাৰত-কানাডাৰ উত্তেজনা অব্যাহত আছে। 

ভাৰতত মুঠ ৬১ জন কানাডাৰ  কূটনীতিবিদ আছে। ৪১  জনক কানাডাই   ঘূৰাই নিয়াৰ পিছত  ভাৰতত আন ২০  জনে কাম কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে স্পষ্ট কৰি দিছে  যে নতুন দিল্লীত কানাডাৰ কূটনীতিকৰ  সংখ্যা কানাডাত থকা  ভাৰতীয় কূটনীতিকৰ  সংখ্যাতকৈ বহু বেছি। ভাৰতে দুয়োখন দেশৰ মাজত সমতা বজাই ৰাখিবলৈ ৪০ জন কূটনীতিকক ঘূৰাই অনাৰ নিৰ্দেশ দিছে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে যদি শুক্ৰবাৰৰ ভিতৰত ৪০ জন কূটনীতিকক অপসাৰণ কৰা নহয়, তেন্তে ২১ জন কূটনীতিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাহিৰে আন সকলোকে ভাৰত এৰাৰ নিৰ্দেশ দিয়া হ’ব।  

ভাৰতৰ কঠোৰ স্থিতিৰ পিছত কানাডাই  ৪১ জন কূটনীতিকক প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় । কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানিয়া জোলিয়ে কয়, "২১ জন কানাডাৰ  কূটনীতিক  আৰু তেওঁলোকৰ পৰিয়ালৰ বাহিৰে বাকীসকলক  প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছে।" আমি তেওঁলোকক ভাৰতৰ পৰা সুৰক্ষিতভাৱে উলিয়াই আনিছো। " তেওঁ লগতে কয় যে ৪১ জন কূটনীতিকৰ  কূটনৈতিক বিশেষাধিকাৰ প্ৰত্যাহাৰ কৰাৰ ভাবুকি কেৱল অভূতপূৰ্বই নহয়, আন্তঃৰাষ্ট্ৰীয় আইন বিৰুদ্ধও।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ