--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাক লৈ ভাৰত আৰু কানাডাৰ মাজত আৰম্ভ হোৱা সংঘাতৰ এতিয়ালৈকে ওৰ পৰা নাই।  এনে সংঘাতৰ পৰিণতিতে  কানাডাই ভাৰতৰ পৰা ৪১  জন কূটনীতিক নিজৰ দেশলৈ ওভতাই নিছে।   নতুন দিল্লীয়ে পূৰ্বে কৈছিল যে শুক্ৰবাৰৰ ভিতৰত কমেও ৪০ জন কূটনীতিকক কানাডাই ওভতাই নিব লাগিব। সেই সময়সীমা শেষ হোৱাৰ পূৰ্বেই কানাডাই ভাৰতৰ পৰা মুঠ ৪১  জন কূটনীতিকক স্থানান্তৰ কৰিছে। 

জুন মাহত কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশত খালিস্তান পন্থী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰা হৈছিল। কানাডাৰ সংসদৰ মজিয়াত  কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে  নেতাজনৰ হত্যাৰ আঁৰত ভাৰতৰ হাত  থকাৰ অভিযোগ উত্থাপন কৰিছিল। তেতিয়াৰে  পৰা ভাৰত-কানাডাৰ উত্তেজনা অব্যাহত আছে। 

ভাৰতত মুঠ ৬১ জন কানাডাৰ  কূটনীতিবিদ আছে। ৪১  জনক কানাডাই   ঘূৰাই নিয়াৰ পিছত  ভাৰতত আন ২০  জনে কাম কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে স্পষ্ট কৰি দিছে  যে নতুন দিল্লীত কানাডাৰ কূটনীতিকৰ  সংখ্যা কানাডাত থকা  ভাৰতীয় কূটনীতিকৰ  সংখ্যাতকৈ বহু বেছি। ভাৰতে দুয়োখন দেশৰ মাজত সমতা বজাই ৰাখিবলৈ ৪০ জন কূটনীতিকক ঘূৰাই অনাৰ নিৰ্দেশ দিছে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে যদি শুক্ৰবাৰৰ ভিতৰত ৪০ জন কূটনীতিকক অপসাৰণ কৰা নহয়, তেন্তে ২১ জন কূটনীতিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাহিৰে আন সকলোকে ভাৰত এৰাৰ নিৰ্দেশ দিয়া হ’ব।  

ভাৰতৰ কঠোৰ স্থিতিৰ পিছত কানাডাই  ৪১ জন কূটনীতিকক প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় । কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানিয়া জোলিয়ে কয়, "২১ জন কানাডাৰ  কূটনীতিক  আৰু তেওঁলোকৰ পৰিয়ালৰ বাহিৰে বাকীসকলক  প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছে।" আমি তেওঁলোকক ভাৰতৰ পৰা সুৰক্ষিতভাৱে উলিয়াই আনিছো। " তেওঁ লগতে কয় যে ৪১ জন কূটনীতিকৰ  কূটনৈতিক বিশেষাধিকাৰ প্ৰত্যাহাৰ কৰাৰ ভাবুকি কেৱল অভূতপূৰ্বই নহয়, আন্তঃৰাষ্ট্ৰীয় আইন বিৰুদ্ধও।






FOLLOW US F
POPULAR
FEATURE
TRENDY
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক