--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সংস্কৃতিত জোঁৱাইৰ আতিথ্যৰ অতি তাৎপৰ্য আছে। জোঁৱাই আহিলে শহুৰ পৰিয়ালে আতিথ্য কৰিবলৈ অলপো কৃপণালি নকৰে। প্ৰতিগৰাকী শাহুৱেক আৰু শহুৰেকে নিজৰ মৰ্যাদা অনুসৰি জোঁৱাইৰ যত্ন লয়। জোঁৱাইৰ প্ৰতি সন্মান আৰু আতিথ্যৰ এক অনন্য খবৰ আহিছে অন্ধ্ৰপ্ৰদেশৰ পৰা। মকৰ সংক্ৰান্তি উপলক্ষে আয়োজন কৰা জোঁৱাইৰ অতি বিশেষ আদৰণি অনুষ্ঠানৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।


অন্ধ্ৰ প্ৰদেশৰ আল্লাৱৰাম মণ্ডলৰ বাসিন্দা জংগা বুজ্জী আৰু তেওঁৰ পত্নী বাসৱীয়ে জোঁৱাই আৰু কন্যাক অনন্য ৰূপত আদৰণি জনায়। সংক্ৰান্তি উৎসৱ উপলক্ষে বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে শহুৰেকৰ ঘৰলৈ অহা জোঁৱাইৰ বাবে এক বৃহৎ ভোজৰ আয়োজন কৰা হয়।

আচলতে জংগা বুজ্জী আৰু বাসৱীয়ে জোঁৱাই হেমন্তৰ বাবে ফলৰ ৰসৰ লগতে সকলো পৰম্পৰাগত জলপান, নিৰামিষ আৰু আমিষ খাদ্যকে ধৰি ৬৩০টা ব্যঞ্জন প্ৰস্তুত কৰে। ইয়াৰ লগত আইচক্ৰীম, মিঠাইকে ধৰি সুৰাৰ বটলো অন্তৰ্ভূক্ত আছিল।
दामाद की खातिरदारी में परोसे गए पकवान.
দিনটো আৰু বিশেষ কৰি তুলিবলৈ পৰিয়ালটোৱে এক বিশাল আতচবাজীৰো আয়োজন কৰে। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত জোঁৱাই হেমন্তক বিপুল আদৰণি জনাই এই অনুষ্ঠানটো স্মৰণীয় কৰি তোলে পৰিয়ালটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post