--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন ফুড ডেলিভাৰী কোম্পানী ZOMATO শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ ইয়াৰ মালিক তথা মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱেলে ইয়াৰ এজন গ্ৰাহকৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হয় । আচলতে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱেলে নিজৰ গ্ৰাহকৰ ওচৰত ক্ষমা বিচাৰিছে কাৰণ ZOMATOই নিৰামিষ খাদ্যৰ পৰা অতিৰিক্ত ধন লোৱাৰ বিতৰ্কিত সিদ্ধান্ত লৈছিল। ZOMATOৰ বিলত নিৰামিষ হেণ্ডলিং চাৰ্জ ‘ভেজ মোড ইনেবলমেণ্ট মাচুল’ৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ পিছতে এই বিষয়টো পোহৰলৈ আহে।

২০২৫ চনৰ ১৭ জানুৱাৰীত ZOMATOৰ এজন গ্ৰাহকে ছ’চিয়েল মিডিয়াত তেওঁৰ খাদ্য বিলৰ এখন ফটো শ্বেয়াৰ কৰিছিল, য’ত নিৰামিষ খাদ্যৰ বাবে অতিৰিক্ত চাৰ্জৰ কথা উল্লেখ কৰা হৈছিল। এই পোষ্টটোত ৰোহিত ৰঞ্জন নামৰ এজন গ্ৰাহকে লিখিছে, ভাৰতত নিৰামিষভোজী হোৱাটো অভিশাপ হৈ পৰিছে। এই পোষ্টটো অতি সোনকালে ভাইৰেল হৈ পৰাত বহুতে ইয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।

বিতৰ্ক বৃদ্ধি পোৱাৰ লগে লগে ZOMATOৰ মালিক তথা মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱেলে ক্ষন্তেকতে সঁহাৰি জনাই ছ’চিয়েল মিডিয়াত ক্ষমা বিচাৰিলে। ‘আমাৰ ফালৰ পৰা যি হ’ল সেয়া মূৰ্খামি বুলি ক’লে। আমি এই বিষয়টোক গুৰুত্বসহকাৰে লৈ ততাতৈয়াকৈ সমাধান কৰি আছো।’ গোৱেলে লগতে কয় যে ‘কোম্পানীয়ে গ্ৰাহকৰ আৱেগক সন্মান কৰে আৰু ভৱিষ্যতে এনে ভুল ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব।’

ৰোহিত ৰঞ্জনৰ এই পোষ্টটো অতি বেগেৰে ভাইৰেল হৈ পৰে। বহু ব্যৱহাৰকাৰীয়ে লিখিছে যে "এতিয়া আমিও আমাৰ খাদ্যৰ ওপৰত কৰ দিব লাগিবনে? এইটো সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post