--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন ফুড ডেলিভাৰী কোম্পানী ZOMATO শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ ইয়াৰ মালিক তথা মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱেলে ইয়াৰ এজন গ্ৰাহকৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হয় । আচলতে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱেলে নিজৰ গ্ৰাহকৰ ওচৰত ক্ষমা বিচাৰিছে কাৰণ ZOMATOই নিৰামিষ খাদ্যৰ পৰা অতিৰিক্ত ধন লোৱাৰ বিতৰ্কিত সিদ্ধান্ত লৈছিল। ZOMATOৰ বিলত নিৰামিষ হেণ্ডলিং চাৰ্জ ‘ভেজ মোড ইনেবলমেণ্ট মাচুল’ৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ পিছতে এই বিষয়টো পোহৰলৈ আহে।

২০২৫ চনৰ ১৭ জানুৱাৰীত ZOMATOৰ এজন গ্ৰাহকে ছ’চিয়েল মিডিয়াত তেওঁৰ খাদ্য বিলৰ এখন ফটো শ্বেয়াৰ কৰিছিল, য’ত নিৰামিষ খাদ্যৰ বাবে অতিৰিক্ত চাৰ্জৰ কথা উল্লেখ কৰা হৈছিল। এই পোষ্টটোত ৰোহিত ৰঞ্জন নামৰ এজন গ্ৰাহকে লিখিছে, ভাৰতত নিৰামিষভোজী হোৱাটো অভিশাপ হৈ পৰিছে। এই পোষ্টটো অতি সোনকালে ভাইৰেল হৈ পৰাত বহুতে ইয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।

বিতৰ্ক বৃদ্ধি পোৱাৰ লগে লগে ZOMATOৰ মালিক তথা মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱেলে ক্ষন্তেকতে সঁহাৰি জনাই ছ’চিয়েল মিডিয়াত ক্ষমা বিচাৰিলে। ‘আমাৰ ফালৰ পৰা যি হ’ল সেয়া মূৰ্খামি বুলি ক’লে। আমি এই বিষয়টোক গুৰুত্বসহকাৰে লৈ ততাতৈয়াকৈ সমাধান কৰি আছো।’ গোৱেলে লগতে কয় যে ‘কোম্পানীয়ে গ্ৰাহকৰ আৱেগক সন্মান কৰে আৰু ভৱিষ্যতে এনে ভুল ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব।’

ৰোহিত ৰঞ্জনৰ এই পোষ্টটো অতি বেগেৰে ভাইৰেল হৈ পৰে। বহু ব্যৱহাৰকাৰীয়ে লিখিছে যে "এতিয়া আমিও আমাৰ খাদ্যৰ ওপৰত কৰ দিব লাগিবনে? এইটো সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ