--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ন্যায়াধীশক দৰমহা দিয়াত পলম হোৱাৰ বিষয়টোক লৈ মঙলবাৰে ৰাজ্য চৰকাৰসমূহক কঠোৰ ভাষাৰে সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক সমালোচনা কৰি কয় যে তেওঁলোকৰ বিনামূলীয়া আঁচনিৰ বাবে ধন ওলায়, কিন্তু কিন্তু ন্যায়াধীশক দৰমহা দিবলৈহে ধন নাই। ন্যায়াধীশৰ দৰমহাৰ ক্ষেত্ৰত বিত্তীয় সংকটৰ কথা কয় ৰাজ্য চৰকাৰে। 

ন্যায়াধীশ বি আৰ গবই আৰু ন্যায়াধীশ এ জি মছিহে ন্যায়াধীশসকলৰ দৰমহাৰ সৈতে জড়িত এখন আৱেদনৰ শুনানি লৈ কয়, 'ৰাজ্যসমূহৰ হাতত বিনামূলীয়া আঁচনিৰ বাবে ধনৰ অভাৱ নহয়, কিন্তু ন্যায়াধীশৰ দৰমহা-পেঞ্চন দিবলৈ ধনে নোজোৰে। এই প্ৰসংগত দিল্লীৰ বিধানসভা নিৰ্বাচনত বিভিন্ন দলে ঘোষণা কৰা বিভিন্ন আঁচনিৰ কথাও উল্লেখ কৰে। 

বিচাৰপীঠখনে কয়, 'ন্যায়াধীশৰ দৰমহা দিয়াৰ কথা ওলালে ৰাজ্যসমূহে বিত্তীয় সংকটৰ কথা কয়। কিন্তু নির্বাচন আহিলে তেওঁলোকে লাডলী বেহনাৰ দৰে আন আঁচনি কাৰ্যকৰী কৰাৰ কথা কয়। যদি দিল্লীলৈ চায় তেতিয়া দেখিব যে ইয়াত ৰাজনৈতিক দলসমূহে এই বুলি প্রতিশ্রুতি দিছে যে তেওঁলোক ক্ষমতালৈ আহিলে ২১০০, ২৫০০ টকাকৈ দিব। ৰাজ্য চৰকাৰৰ হাতত কাম নকৰা মানুহক দিবলৈ ধন থাকে।' 

সৰ্বভাৰতীয় ন্যায়াধীশ সন্থাই ২০১৫ চনত দাখিল কৰা ন্যায়াধীশৰ বেতন আৰু অৱসৰৰ সময়ত লাভ সা-সুবিধাসমূহক লৈ উক্ত আৱেদনখন দাখিল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post