--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ন্যায়াধীশক দৰমহা দিয়াত পলম হোৱাৰ বিষয়টোক লৈ মঙলবাৰে ৰাজ্য চৰকাৰসমূহক কঠোৰ ভাষাৰে সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক সমালোচনা কৰি কয় যে তেওঁলোকৰ বিনামূলীয়া আঁচনিৰ বাবে ধন ওলায়, কিন্তু কিন্তু ন্যায়াধীশক দৰমহা দিবলৈহে ধন নাই। ন্যায়াধীশৰ দৰমহাৰ ক্ষেত্ৰত বিত্তীয় সংকটৰ কথা কয় ৰাজ্য চৰকাৰে। 

ন্যায়াধীশ বি আৰ গবই আৰু ন্যায়াধীশ এ জি মছিহে ন্যায়াধীশসকলৰ দৰমহাৰ সৈতে জড়িত এখন আৱেদনৰ শুনানি লৈ কয়, 'ৰাজ্যসমূহৰ হাতত বিনামূলীয়া আঁচনিৰ বাবে ধনৰ অভাৱ নহয়, কিন্তু ন্যায়াধীশৰ দৰমহা-পেঞ্চন দিবলৈ ধনে নোজোৰে। এই প্ৰসংগত দিল্লীৰ বিধানসভা নিৰ্বাচনত বিভিন্ন দলে ঘোষণা কৰা বিভিন্ন আঁচনিৰ কথাও উল্লেখ কৰে। 

বিচাৰপীঠখনে কয়, 'ন্যায়াধীশৰ দৰমহা দিয়াৰ কথা ওলালে ৰাজ্যসমূহে বিত্তীয় সংকটৰ কথা কয়। কিন্তু নির্বাচন আহিলে তেওঁলোকে লাডলী বেহনাৰ দৰে আন আঁচনি কাৰ্যকৰী কৰাৰ কথা কয়। যদি দিল্লীলৈ চায় তেতিয়া দেখিব যে ইয়াত ৰাজনৈতিক দলসমূহে এই বুলি প্রতিশ্রুতি দিছে যে তেওঁলোক ক্ষমতালৈ আহিলে ২১০০, ২৫০০ টকাকৈ দিব। ৰাজ্য চৰকাৰৰ হাতত কাম নকৰা মানুহক দিবলৈ ধন থাকে।' 

সৰ্বভাৰতীয় ন্যায়াধীশ সন্থাই ২০১৫ চনত দাখিল কৰা ন্যায়াধীশৰ বেতন আৰু অৱসৰৰ সময়ত লাভ সা-সুবিধাসমূহক লৈ উক্ত আৱেদনখন দাখিল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ