--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ হ্ৰাস পাই চাৰি বছৰৰ ভিতৰত নিম্নতম হব। প্রস্তুতকৰণ আৰু সেৱা খণ্ডত দেখা দিয়া দুৰ্বল প্ৰদৰ্শনৰ বাবেই মঙলবাৰে চৰকাৰে প্ৰকাশ কৰা তথ্যত ২০২৪-২৫ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৪ শতাংশ হ'ব বুলি কোৱা হৈছে। 

উল্লেখযোগ্য যে কভিডৰ বৰ্ষৰ (২০২০-২১) পাছত মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) হাৰ ৬.৪ শতাংশ হৈছে আটাইতকৈ কম। উক্ত বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশ বা জি ডি পিৰ হাৰ আছিল ৫.৮ শতাংশ। তাৰ পাছৰ বিত্তীয় বর্ষত (২০২১-২২) জি ডি পিৰ হাৰ আছিল ৯.৭ শতাংশ। 

তেনেদৰে ২০২২-২৩ বৰ্ষত ৭ শতাংশ আৰু যোৱা বিত্তীয় বৰ্ষত জি ডি পিৰ হাৰ আছিল ৮.২ শতাংশ। উল্লেখযোগ্য যে মঙলবাৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ে (এন এছ অ') প্ৰকাশ কৰা ২০২৪-২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় আয়ৰ প্ৰথম অগ্রিম প্রাককলন ২০২৪ চনৰ ডিচেম্বৰত ভাৰতীয় ৰিজার্ভ বেংকে কৰা প্ৰাককলন ৬.৬ শতাংশতকৈ কম। 

বিত্তীয় মন্ত্ৰালয়ে কৰা প্ৰাককলন ৬.৫-৭ শতাংশতকৈও ই কম। এই অগ্রিম প্রাককলন অহা ১ ফেব্ৰুৱাৰীত লোকসভাত বিত্ত মন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটৰ প্রস্তুতিত ব্যৱহাৰ কৰা হ'ব। প্ৰস্তুতকৰণ খণ্ডত বিকাশৰ হাৰ যোৱা বছৰৰ ৯.৯ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্রাস পাব। আনহাতে সেৱা খণ্ডত বিকাশৰ হাৰ যোৱা বছৰৰ ৬.৪ শতাংশৰ পৰা ৫.৮ শতাংশলৈ হ্রাস পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post