--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ হ্ৰাস পাই চাৰি বছৰৰ ভিতৰত নিম্নতম হব। প্রস্তুতকৰণ আৰু সেৱা খণ্ডত দেখা দিয়া দুৰ্বল প্ৰদৰ্শনৰ বাবেই মঙলবাৰে চৰকাৰে প্ৰকাশ কৰা তথ্যত ২০২৪-২৫ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৪ শতাংশ হ'ব বুলি কোৱা হৈছে। 

উল্লেখযোগ্য যে কভিডৰ বৰ্ষৰ (২০২০-২১) পাছত মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) হাৰ ৬.৪ শতাংশ হৈছে আটাইতকৈ কম। উক্ত বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশ বা জি ডি পিৰ হাৰ আছিল ৫.৮ শতাংশ। তাৰ পাছৰ বিত্তীয় বর্ষত (২০২১-২২) জি ডি পিৰ হাৰ আছিল ৯.৭ শতাংশ। 

তেনেদৰে ২০২২-২৩ বৰ্ষত ৭ শতাংশ আৰু যোৱা বিত্তীয় বৰ্ষত জি ডি পিৰ হাৰ আছিল ৮.২ শতাংশ। উল্লেখযোগ্য যে মঙলবাৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ে (এন এছ অ') প্ৰকাশ কৰা ২০২৪-২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় আয়ৰ প্ৰথম অগ্রিম প্রাককলন ২০২৪ চনৰ ডিচেম্বৰত ভাৰতীয় ৰিজার্ভ বেংকে কৰা প্ৰাককলন ৬.৬ শতাংশতকৈ কম। 

বিত্তীয় মন্ত্ৰালয়ে কৰা প্ৰাককলন ৬.৫-৭ শতাংশতকৈও ই কম। এই অগ্রিম প্রাককলন অহা ১ ফেব্ৰুৱাৰীত লোকসভাত বিত্ত মন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটৰ প্রস্তুতিত ব্যৱহাৰ কৰা হ'ব। প্ৰস্তুতকৰণ খণ্ডত বিকাশৰ হাৰ যোৱা বছৰৰ ৯.৯ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্রাস পাব। আনহাতে সেৱা খণ্ডত বিকাশৰ হাৰ যোৱা বছৰৰ ৬.৪ শতাংশৰ পৰা ৫.৮ শতাংশলৈ হ্রাস পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ