--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱাৰ ভাগত মহাৰাষ্ট্ৰৰ অস্ত্ৰ কাৰখানাত এক ভয়াবহ বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণে ইয়াৰ আশে-পাশে থকা অঞ্চলতো প্ৰভাৱিত কৰে। পুৱা প্ৰায় ১১ বজাত মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, স্বাস্থ্যকৰ্মী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। স্থানীয় লোকেও এই উদ্ধাৰ অভিযানত সহযোগ কৰিছে বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত এজন লোকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। আৰু বহুলোক হতাহত হোৱাৰ আশংকা কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি শুকুৰবাৰে পুৱা প্ৰায় ১০:৩০ বজাত নাগপুৰৰ সমীপৰ জৱাহৰ নগৰৰ অস্ত্ৰ কাৰখানাত এক বিস্ফোৰণ সংঘটিত হয়।বিস্ফোৰণৰ ফলত সমগ্ৰ অঞ্চলটো কঁপি উঠিছিল।স্থানীয় লোকে দাবী কৰিছে যে বিস্ফোৰণৰ শব্দ ঘটনাস্থলীৰ পৰা পাঁচ কিলোমিটাৰ দূৰলৈ লৈ বিয়পি পৰে।

ভাণ্ডাৰা জিলা দণ্ডাধীশ সঞ্জয় কলটে জনোৱা মতে, বিস্ফোৰণৰ কিছু সময়ৰ ভিতৰতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। বিস্ফোৰণৰ ফলত কাৰখানাৰ চাড ভাঙি পৰাত। ইয়াৰ তলত কমেও ১৪ জন শ্ৰমিকক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত দুজনক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। বাকী কেইগৰাকীৰ ধ্বংসাৱশেষৰ পৰা উলিয়াই অনাৰ প্ৰচেষ্টা অব্যাহত আছে। অৱশ্যে ইয়াৰে কিমানজন জীৱিত অৱস্থাত আছে নে নাই সেয়া এতিয়াও অস্পষ্ট হৈ আছে।

কাৰখানা কৰ্তৃপক্ষই জনোৱা মতে, বিস্ফোৰণৰ সময়ত কাৰখানাৰ ভিতৰত ১৪ জন শ্ৰমিক আছিল। ইয়াৰে দুজনক উলিয়াই অনা হৈছে। আৰু এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।এতিয়া আবদ্ধ হৈ থকা বাকী শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ