--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ পিভি সিন্ধুৰ বিয়া অতি সোনকালে। শেহতীয়াকৈ টীম ইণ্ডিয়াৰ মহান ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ ঘৰত উপস্থিত হয় পিভি সিন্ধু। সিন্ধুৱে শচীনক বিয়াৰ বাবে নিমন্ত্ৰণ জনাবলৈ আহে৷ সিন্ধুৰ লগত তেওঁৰ হ’বলগীয়া স্বামী ভেংকট দত্ত ছাইও আহিছিল। সিন্ধুক শুভেচ্ছা জনাই ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে শচীনে। তাত এখন ফটোও সংলগ্ন কৰা হৈছে।

শেহতীয়াকৈ সিন্ধুৰ পৰিয়ালে এই বিবাহ নিশ্চিত কৰিছিল। ২২ ডিচেম্বৰত বিয়া হ’ব সিন্ধুৰ। ইয়াৰ আগতে তাই শচীনক নিমন্ত্ৰণ কৰিবলৈ আহিছিল। শচীনে এক্সত শ্বেয়াৰ কৰিছে এখন ফটো। কেপচনত লিখা আছিল, "বেডমিণ্টনত স্ক'ৰ সদায় 'প্ৰেম'ৰ পৰা আৰম্ভ হয়, আৰু ভেংকট দত্ত ছাইৰ সৈতে আপোনাৰ সুন্দৰ যাত্ৰাই নিশ্চিত কৰে যে ই চিৰদিনৰ বাবে চলি থাকিব।" আপোনাৰ জীৱনৰ ইমান ডাঙৰ অনুষ্ঠান এটালৈ আমাক ব্যক্তিগতভাৱে আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ।

সিন্ধু ভাৰতৰ তাৰকা খেলুৱৈ। শেহতীয়াকৈ তেওঁৰ পৰিয়ালে এই বিবাহ নিশ্চিত কৰিছিল। বিয়াৰ তাৰিখ ২২ ডিচেম্বৰ। ইয়াৰ পিছত ২৪ ডিচেম্বৰত এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হ’ব। হায়দৰাবাদত বিয়া হ’ব সিন্ধুৰ। তেওঁৰ ভাবী স্বামী ভেংকট দত্ত ছাই এটা কোম্পানীৰ কাৰ্যবাহী সঞ্চালক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ