--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ পিভি সিন্ধুৰ বিয়া অতি সোনকালে। শেহতীয়াকৈ টীম ইণ্ডিয়াৰ মহান ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ ঘৰত উপস্থিত হয় পিভি সিন্ধু। সিন্ধুৱে শচীনক বিয়াৰ বাবে নিমন্ত্ৰণ জনাবলৈ আহে৷ সিন্ধুৰ লগত তেওঁৰ হ’বলগীয়া স্বামী ভেংকট দত্ত ছাইও আহিছিল। সিন্ধুক শুভেচ্ছা জনাই ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে শচীনে। তাত এখন ফটোও সংলগ্ন কৰা হৈছে।

শেহতীয়াকৈ সিন্ধুৰ পৰিয়ালে এই বিবাহ নিশ্চিত কৰিছিল। ২২ ডিচেম্বৰত বিয়া হ’ব সিন্ধুৰ। ইয়াৰ আগতে তাই শচীনক নিমন্ত্ৰণ কৰিবলৈ আহিছিল। শচীনে এক্সত শ্বেয়াৰ কৰিছে এখন ফটো। কেপচনত লিখা আছিল, "বেডমিণ্টনত স্ক'ৰ সদায় 'প্ৰেম'ৰ পৰা আৰম্ভ হয়, আৰু ভেংকট দত্ত ছাইৰ সৈতে আপোনাৰ সুন্দৰ যাত্ৰাই নিশ্চিত কৰে যে ই চিৰদিনৰ বাবে চলি থাকিব।" আপোনাৰ জীৱনৰ ইমান ডাঙৰ অনুষ্ঠান এটালৈ আমাক ব্যক্তিগতভাৱে আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ।

সিন্ধু ভাৰতৰ তাৰকা খেলুৱৈ। শেহতীয়াকৈ তেওঁৰ পৰিয়ালে এই বিবাহ নিশ্চিত কৰিছিল। বিয়াৰ তাৰিখ ২২ ডিচেম্বৰ। ইয়াৰ পিছত ২৪ ডিচেম্বৰত এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হ’ব। হায়দৰাবাদত বিয়া হ’ব সিন্ধুৰ। তেওঁৰ ভাবী স্বামী ভেংকট দত্ত ছাই এটা কোম্পানীৰ কাৰ্যবাহী সঞ্চালক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post