--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন মেচত সফলতাৰ পাছত ভাৰতীয় দলটো এডিলেইডত দ্বিতীয় টেষ্টত অৱতীৰ্ণ হৈছিল। পাৰ্থৰ সফল যাত্ৰাৰ পাছত এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিপৰ্যয়ৰ সন্মুখীন হয় ভাৰতীয় দলটো৷ 

এডিলেইডত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ভাৰতে ১০ উইকেটত পৰাজয়ৰ বৰণ কৰাৰ লগে লগে ভাৰতীয় দলটোৱে এতিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্টৰ তালিকাত তৃতীয় স্থানলৈ অৱনমিত হয়।  এতিয়া ডব্লিউ টি চিৰ ফাইনেলত প্ৰৱেশৰ পথ কঠোৰ হৈ পৰে ভাৰতীয় দলটোৰ৷ এডিলেইডৰ দ্বিতীয় খন মেচত পৰাজয়ৰ পিছত সলনি হৈছে সমীকৰণ। ভাৰতে এতিয়া বাকী তিনিওখন মেচতে জয়ী হ’ব লাগিব।

ইফালে অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষস্থানলৈ উন্নিত হয়। কামিন্সবাহিনী ১৪খন টেষ্টৰ ৯খনত জয়ী হোৱাৰ পৰিৱৰ্তে এখনত ড্ৰ’ কৰে। এই দৰে  অষ্ট্ৰেলিয়াৰদলটোৱে সৰ্বোচ্চ ১৬৮ পইণ্টৰ ভিতৰত ১০২ পইণ্ট সংগ্ৰহ কৰে যিটো শতাংশ হিচাপত ৬০.৭১শতাংশ৷উল্লেখনীয় যে এই পইণ্ট তালিকাৰ শীৰ্ষ দুটা দলে টেষ্ট বিশ্বকাপৰ চূড়ান্ত খেলৰ বাবে যোগ্যতা অৰ্জন কৰে। দক্ষিণ আফ্ৰিকাই ৯ খন টেষ্টত ড্ৰ’ আৰু ৫ খন মেচত জয়ী হৈ এই তালিকাৰ দ্বিতীয় স্থানত আছে। দলটোৱে সৰ্বোচ্চ ১০৮ পইণ্টৰ ভিতৰত ৬৪ পইণ্ট সংগ্ৰহ কৰে যিটো শতাংশ হিচাপত ৫৯.২৬ শতাংশ। ভাৰতে ১৬ খন টেষ্টৰ ৯ খন জয়ী হোৱাৰ বিপৰিতে দুখনত পৰাজিত হৈ হৈছে। ভাৰতে সম্ভাৱ্য সৰ্বোচ্চ ১৯২ পইণ্টৰ ভিতৰত ১১০ পইণ্ট সংগ্ৰহ কৰে যিটো শতাংশ হিচাপে ৫৭.২৯ শতাংশৰে তৃতীয় স্থানত আছে৷

পইণ্ট তালিকাত চতুৰ্থ স্থানত আছে শ্ৰীলংকা। ইফালে নিউজিলেণ্ডৰ বিৰুদ্ধে সফলতা লাভ কৰি ইংলেণ্ড পঞ্চম স্থানলৈ উন্নীত হয়। আনহাতে পইণ্ট তালিকাৰ ষষ্ঠ স্থানলৈ নামি আহিছে কিউই। 

অৱশ্যে ভাৰতীয় দলটোৱে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত শেহতীয়া আধিপত্য অব্যাহত ৰখাৰ লগতে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আশা জীয়াই ৰাখিবলৈ হ’লে পৰৱৰ্তী মেচসমূহত ভাৰতৰ প্ৰত্যাৱৰ্তন নিতান্তই প্ৰয়োজনীয় হ’ব। উল্লেখনীয় যে ১৪ ডিচেম্বৰৰ পৰা ব্ৰিছবেনত আৰম্ভ হ’ব এই শৃংখলাৰ তৃতীয়খন টেষ্ট। এই মেচত ভাৰতে প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী