--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন মেচত সফলতাৰ পাছত ভাৰতীয় দলটো এডিলেইডত দ্বিতীয় টেষ্টত অৱতীৰ্ণ হৈছিল। পাৰ্থৰ সফল যাত্ৰাৰ পাছত এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিপৰ্যয়ৰ সন্মুখীন হয় ভাৰতীয় দলটো৷ 

এডিলেইডত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ভাৰতে ১০ উইকেটত পৰাজয়ৰ বৰণ কৰাৰ লগে লগে ভাৰতীয় দলটোৱে এতিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্টৰ তালিকাত তৃতীয় স্থানলৈ অৱনমিত হয়।  এতিয়া ডব্লিউ টি চিৰ ফাইনেলত প্ৰৱেশৰ পথ কঠোৰ হৈ পৰে ভাৰতীয় দলটোৰ৷ এডিলেইডৰ দ্বিতীয় খন মেচত পৰাজয়ৰ পিছত সলনি হৈছে সমীকৰণ। ভাৰতে এতিয়া বাকী তিনিওখন মেচতে জয়ী হ’ব লাগিব।

ইফালে অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষস্থানলৈ উন্নিত হয়। কামিন্সবাহিনী ১৪খন টেষ্টৰ ৯খনত জয়ী হোৱাৰ পৰিৱৰ্তে এখনত ড্ৰ’ কৰে। এই দৰে  অষ্ট্ৰেলিয়াৰদলটোৱে সৰ্বোচ্চ ১৬৮ পইণ্টৰ ভিতৰত ১০২ পইণ্ট সংগ্ৰহ কৰে যিটো শতাংশ হিচাপত ৬০.৭১শতাংশ৷উল্লেখনীয় যে এই পইণ্ট তালিকাৰ শীৰ্ষ দুটা দলে টেষ্ট বিশ্বকাপৰ চূড়ান্ত খেলৰ বাবে যোগ্যতা অৰ্জন কৰে। দক্ষিণ আফ্ৰিকাই ৯ খন টেষ্টত ড্ৰ’ আৰু ৫ খন মেচত জয়ী হৈ এই তালিকাৰ দ্বিতীয় স্থানত আছে। দলটোৱে সৰ্বোচ্চ ১০৮ পইণ্টৰ ভিতৰত ৬৪ পইণ্ট সংগ্ৰহ কৰে যিটো শতাংশ হিচাপত ৫৯.২৬ শতাংশ। ভাৰতে ১৬ খন টেষ্টৰ ৯ খন জয়ী হোৱাৰ বিপৰিতে দুখনত পৰাজিত হৈ হৈছে। ভাৰতে সম্ভাৱ্য সৰ্বোচ্চ ১৯২ পইণ্টৰ ভিতৰত ১১০ পইণ্ট সংগ্ৰহ কৰে যিটো শতাংশ হিচাপে ৫৭.২৯ শতাংশৰে তৃতীয় স্থানত আছে৷

পইণ্ট তালিকাত চতুৰ্থ স্থানত আছে শ্ৰীলংকা। ইফালে নিউজিলেণ্ডৰ বিৰুদ্ধে সফলতা লাভ কৰি ইংলেণ্ড পঞ্চম স্থানলৈ উন্নীত হয়। আনহাতে পইণ্ট তালিকাৰ ষষ্ঠ স্থানলৈ নামি আহিছে কিউই। 

অৱশ্যে ভাৰতীয় দলটোৱে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত শেহতীয়া আধিপত্য অব্যাহত ৰখাৰ লগতে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আশা জীয়াই ৰাখিবলৈ হ’লে পৰৱৰ্তী মেচসমূহত ভাৰতৰ প্ৰত্যাৱৰ্তন নিতান্তই প্ৰয়োজনীয় হ’ব। উল্লেখনীয় যে ১৪ ডিচেম্বৰৰ পৰা ব্ৰিছবেনত আৰম্ভ হ’ব এই শৃংখলাৰ তৃতীয়খন টেষ্ট। এই মেচত ভাৰতে প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ