--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ১৮টা পুৰাণৰ ভিতৰত গড়ুৰ পুৰাণক মহাপুৰাণ বুলি গণ্য কৰা হয়। গড়ুৰ পুৰাণত জীৱন-মৃত্যুৰ চক্ৰৰ বিষয়ে অতি বিশদভাৱে বাখ্যা কৰা হৈছে। এই পুৰাণৰ মতে প্ৰতিটো জীৱৰে জন্ম-মৃত্যুৰ সময় প্ৰথমৰ পৰাই নিৰ্ধাৰিত থাকে। সেয়েহে কেতিয়াবা মৃত্যু স্বাভাৱিক হয়, যেনে-বাৰ্ধক্যৰ বাবে মৃত্যু, দীৰ্ঘদিনীয়া বেমাৰৰ পাছত হোৱা মৃত্যু ইত্যাদি। কিন্তু বহু সময়ত দুৰ্ঘটনা, আত্মহত্যাৰ বাবেই এজন ব্যক্তিয়ে নিজৰ জীৱন সম্পূৰ্ণ নকৰাকৈয়ে এই পৃথিৱী এৰি যায়। এনে মৃত্যুক অকাল মৃত্যু বোলা হয়। গড়ুৰ পুৰাণত অকাল মৃত্যুৰ লক্ষণ আৰু কাৰণ বিষয়েও ব্যাখ্যা কৰা হৈছে।

এজন ব্যক্তিৰ জীৱন ৪ ভাগত বিভক্ত - শিশুকাল, কৈশোৰ, প্ৰাপ্তবয়স্ক আৰু বাৰ্ধক্য। কিন্তু বহু সময়ত বিভিন্ন কাৰণত জীৱনৰ দ্বিতীয় বা তৃতীয় পৰ্যায়ত এই পৃথিৱীৰ পৰা আঁতৰি যায়। যেতিয়া কোনো ব্যক্তিয়ে আত্মহত্যা কৰি নিজৰ মৃত্যুক আঁকোৱালি লয় তেতিয়া ইয়াক অকাল মৃত্যু বুলি কোৱা হয়। এনে ব্যক্তিৰ আত্মাই মৃত্যুৰ পাছত পৰলোকত বিচৰণ কৰি থাকে আৰু নিজৰ নিয়তিৰ জীৱন সম্পূৰ্ণ কৰিবলৈ অপেক্ষা কৰি থাকে। অৰ্থাৎ শৰীৰৰ পৰা ওলাই যোৱাৰ পাছতো মানুহৰ আত্মাই এই সংসাৰ এৰি নাযায় আৰু নতুন দেহো নাপায়। 

মৃত্যুৰ কথা ক’লে অকাল মৃত্যুৰ ভিতৰত আত্মহত্যাক আটাইতকৈ ঘৃণনীয় আৰু নিন্দনীয় কাণ্ড বুলি গণ্য কৰা হয়। ঈশ্বৰে এজন ব্যক্তিক দিয়া জীৱন সম্পূৰ্ণ নকৰাকৈ পৰলোক এৰি যাবলৈ চেষ্টা কৰাটো অতি নিন্দনীয়। যদি স্বাভাৱিকতে অকাল মৃত্যু ঘটে তেন্তে এনে মৃতকৰ আত্মাই নূন্যতম ৩দিনৰ ভিতৰত বা সৰ্বাধিক ৪০দিনৰ ভিতৰত আন এটা শৰীৰ লাভ কৰে। কিন্তু আত্মহত্যা কৰা মানুহৰ আত্মাই পৃথিৱীত বিচৰণ কৰি থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ