--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ২৯ জুনৰ পৰা জম্মু-কাশ্মীৰত আৰম্ভ হৈছে অমৰনাথ যাত্ৰা। ভগৱান শিৱ আৰু মাপাৰ্বতীৰ সৈতে জড়িত এই ধাম শিৱ আৰু শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়।প্ৰতি বছৰে বিপদসংকুল যাত্ৰা আৰু বহু বাধাক নেওচা দি ভক্তসকলৰ আগমন ঘটে এই চাৰিধামলৈ। সমগ্ৰ বিশ্বৰ ভিতৰতে ইয়াতেই ভগৱান শিৱৰ হিমলিংগ ৰূপত আবিৰ্ভাৱ হয়। মহৰ্ষি ভৃগুৱে প্ৰথমে অমৰনাথ গুহালৈ যাত্ৰা কৰিছিল বুলি জনবিশ্বাস আছে। সত্যৰ ওপৰত আধাৰিত এই পৌৰাণিক কাহিনীটো জানো আহক।

পুৰাণৰ মতে ভগৱান শিৱই অমৰত্বৰ কাহিনী বৰ্ণনা কৰিবলৈ মাপাৰ্বতীক এই গুহালৈ লৈ আহিছিল। কাহিনী কোৱাৰ সময়ত মাপাৰ্বতীৰ ভাগৰত টোপনি যায়। কিন্তু তাত উপস্থিত থকা এযোৰ পাৰ চৰাই শিৱৰ এই কাহিনী শুনি থাকিল আৰু মাজে মাজে শব্দ কৰি ভগৱান শিৱক সঁহাৰি জনাই থাকিল, যাৰ বাবে ভগৱান শিৱই অনুভৱ কৰিলে যে পাৰ্বতীয়ে কাহিনী শুনি আছে। জনবিশ্বাস অনুসৰি কাহিনী শুনাৰ বাবেই এই পাৰ চৰাইযোৰে অমৰত্ব লাভ কৰিছিল আৰু আজিও অমৰনাথ গুহা পৰিদৰ্শন কৰাৰ সময়ত পাৰ চৰাই দেখিবলৈ পোৱা যায়। আচৰিত কথা এয়ে যে অক্সিজেনৰ পৰিমাণ প্ৰায় নগণ্য আৰু দূৰ-দূৰণিৰ খাদ্য বা পানীয়ৰ কোনো ব্যৱস্থা নথকা সত্ত্বেও এই পাৰ চৰাইবোৰে কেনেকৈ ইয়াত অতি সহজভাৱে বাস কৰিব পাৰে। সেয়েহে অমৰনাথ যাত্ৰাৰ সময়ত পাৰ চৰাই দেখাটো অতি শুভ আৰু শিৱ-পাৰ্বতীক দেখাৰ দৰেই বুলি গণ্য কৰা হয়।

অমৰনাথ গুহাৰ পৌৰাণিক ইতিহাস : মহৰ্ষি কাশ্যপ আৰু মহৰ্ষি ভৃগুৰ বৰ্ণনা অমৰনাথ গুহাৰ পৌৰাণিক ইতিহাসতো পোৱা যায়। কাহিনী অনুসৰি এসময়ত পৃথিৱীৰ স্বৰ্গ কাশ্মীৰ ডুব গৈ ডাঙৰ হ্ৰদলৈ পৰিণত হৈছিল। জগত কল্যাণৰ বাবে ঋষি কাশ্যপে সেই পানী সৰু সৰু নদীত বিভক্ত কৰিছিল। সেই সময়ত ঋষি ভৃগুৱে হিমালয়লৈ যাত্ৰা কৰিছিল। জলস্তৰ কম হোৱাৰ সময়তে মহৰ্ষি ভৃগুৱে প্ৰথমে হিমালয়ৰ পৰ্বতমালাত অমৰনাথৰ পবিত্ৰ গুহা আৰু বাবা বৰফনীৰ শিৱলিংগ দেখা পাইছিল।

কিয় বিশেষ অমৰনাথ ধাম : অমৰনাথ ধাম ভগৱান শিৱৰ অন্যতম প্ৰধান তীৰ্থস্থান। মহাদেৱৰ বিৰল আৰু প্ৰাকৃতিক বৰফনী শিৱলিংগ অমৰনাথত দেখা যায়। অমৰনাথৰ পবিত্ৰ গুহাত ভোলানাথে কেতিয়াৰ পৰা বৰফৰ শিৱলিংগৰ স্বতঃস্ফূত হয় আৰু কেতিয়াৰ পৰা ভক্তসকলে এই শিৱলিংগ দৰ্শনৰ বাবে আহিছে তাৰ কোনো লিখিত ইতিহাস নাই। কিন্তু বিশ্বাস কৰা হয় যে এসময়ত এই গুহাটো স্মৃতিৰ পৰা বিলীন হৈছিল আৰু প্ৰায় এশ পঞ্চাশ বছৰ আগতে ইয়াক পুনৰ আৱিষ্কাৰ কৰা হৈছিল। প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই স্বতঃস্ফূত হিমলিংগৰ দৰ্শন বাবে আহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
Advertisement