--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ২৯ জুনৰ পৰা জম্মু-কাশ্মীৰত আৰম্ভ হৈছে অমৰনাথ যাত্ৰা। ভগৱান শিৱ আৰু মাপাৰ্বতীৰ সৈতে জড়িত এই ধাম শিৱ আৰু শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়।প্ৰতি বছৰে বিপদসংকুল যাত্ৰা আৰু বহু বাধাক নেওচা দি ভক্তসকলৰ আগমন ঘটে এই চাৰিধামলৈ। সমগ্ৰ বিশ্বৰ ভিতৰতে ইয়াতেই ভগৱান শিৱৰ হিমলিংগ ৰূপত আবিৰ্ভাৱ হয়। মহৰ্ষি ভৃগুৱে প্ৰথমে অমৰনাথ গুহালৈ যাত্ৰা কৰিছিল বুলি জনবিশ্বাস আছে। সত্যৰ ওপৰত আধাৰিত এই পৌৰাণিক কাহিনীটো জানো আহক।

পুৰাণৰ মতে ভগৱান শিৱই অমৰত্বৰ কাহিনী বৰ্ণনা কৰিবলৈ মাপাৰ্বতীক এই গুহালৈ লৈ আহিছিল। কাহিনী কোৱাৰ সময়ত মাপাৰ্বতীৰ ভাগৰত টোপনি যায়। কিন্তু তাত উপস্থিত থকা এযোৰ পাৰ চৰাই শিৱৰ এই কাহিনী শুনি থাকিল আৰু মাজে মাজে শব্দ কৰি ভগৱান শিৱক সঁহাৰি জনাই থাকিল, যাৰ বাবে ভগৱান শিৱই অনুভৱ কৰিলে যে পাৰ্বতীয়ে কাহিনী শুনি আছে। জনবিশ্বাস অনুসৰি কাহিনী শুনাৰ বাবেই এই পাৰ চৰাইযোৰে অমৰত্ব লাভ কৰিছিল আৰু আজিও অমৰনাথ গুহা পৰিদৰ্শন কৰাৰ সময়ত পাৰ চৰাই দেখিবলৈ পোৱা যায়। আচৰিত কথা এয়ে যে অক্সিজেনৰ পৰিমাণ প্ৰায় নগণ্য আৰু দূৰ-দূৰণিৰ খাদ্য বা পানীয়ৰ কোনো ব্যৱস্থা নথকা সত্ত্বেও এই পাৰ চৰাইবোৰে কেনেকৈ ইয়াত অতি সহজভাৱে বাস কৰিব পাৰে। সেয়েহে অমৰনাথ যাত্ৰাৰ সময়ত পাৰ চৰাই দেখাটো অতি শুভ আৰু শিৱ-পাৰ্বতীক দেখাৰ দৰেই বুলি গণ্য কৰা হয়।

অমৰনাথ গুহাৰ পৌৰাণিক ইতিহাস : মহৰ্ষি কাশ্যপ আৰু মহৰ্ষি ভৃগুৰ বৰ্ণনা অমৰনাথ গুহাৰ পৌৰাণিক ইতিহাসতো পোৱা যায়। কাহিনী অনুসৰি এসময়ত পৃথিৱীৰ স্বৰ্গ কাশ্মীৰ ডুব গৈ ডাঙৰ হ্ৰদলৈ পৰিণত হৈছিল। জগত কল্যাণৰ বাবে ঋষি কাশ্যপে সেই পানী সৰু সৰু নদীত বিভক্ত কৰিছিল। সেই সময়ত ঋষি ভৃগুৱে হিমালয়লৈ যাত্ৰা কৰিছিল। জলস্তৰ কম হোৱাৰ সময়তে মহৰ্ষি ভৃগুৱে প্ৰথমে হিমালয়ৰ পৰ্বতমালাত অমৰনাথৰ পবিত্ৰ গুহা আৰু বাবা বৰফনীৰ শিৱলিংগ দেখা পাইছিল।

কিয় বিশেষ অমৰনাথ ধাম : অমৰনাথ ধাম ভগৱান শিৱৰ অন্যতম প্ৰধান তীৰ্থস্থান। মহাদেৱৰ বিৰল আৰু প্ৰাকৃতিক বৰফনী শিৱলিংগ অমৰনাথত দেখা যায়। অমৰনাথৰ পবিত্ৰ গুহাত ভোলানাথে কেতিয়াৰ পৰা বৰফৰ শিৱলিংগৰ স্বতঃস্ফূত হয় আৰু কেতিয়াৰ পৰা ভক্তসকলে এই শিৱলিংগ দৰ্শনৰ বাবে আহিছে তাৰ কোনো লিখিত ইতিহাস নাই। কিন্তু বিশ্বাস কৰা হয় যে এসময়ত এই গুহাটো স্মৃতিৰ পৰা বিলীন হৈছিল আৰু প্ৰায় এশ পঞ্চাশ বছৰ আগতে ইয়াক পুনৰ আৱিষ্কাৰ কৰা হৈছিল। প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই স্বতঃস্ফূত হিমলিংগৰ দৰ্শন বাবে আহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত