--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আচলতে অ'মিক্ৰনৰ ভয়াৱহতা কিমান? সঁচাকৈয়ে অ'মিক্ৰনৰ প্ৰভাৱ বহু কম নেকি? ক'ভিড-১৯ৰ ভয়াৱহতা তথা সংক্ৰমণৰ কথা আমি সকলোৱে প্ৰত্যক্ষ কৰিছো৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী বিজ্ঞানী ডাঃ সৌম্য স্বামীনাথনে বৃহস্পতিবাৰে কৈছিল যে অ'মিক্ৰণৰ বিষয়ে কিছু তথ্য সদৰী কৰে৷ ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক হ'ব লাগিব বোলা ধাৰণাটো 'মূৰ্খতা' কিয়নো ইয়াৰ বাবে যথেষ্ট ব্যয় পৰিশোধ কৰিবলগা হ'ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানীজনে নতুন অ'মিক্ৰণ উপ-প্ৰকাৰৰ বিষয়ে ব্যাখ্যা কৰি কৈছিল যে বি.এ.2 বি.এ.1তকৈ অধিক শক্তিশালী আৰু ইয়াৰ সংক্ৰমণ অন্যান্য উপ-প্ৰকাৰতকৈ অধিক। ই কিছুমান দেশত, বিশেষকৈ ভাৰত আৰু ডেনমাৰ্কত অধিক সংক্ৰমণ ঘটাইছে। তেওঁ লগতে কৈছিল যে বিশ্ব স্বাস্থ্য সংস্থাটোৱে এতিয়াও অ'মিক্ৰণৰ প্ৰভাৱৰ ওপৰত কোনো সঠিক মন্তব্য কৰিব নোৱাৰে৷ কিয়নো ই এক তুলনামূলকভাৱে নতুন প্ৰকাৰ আৰু ই পুনৰ সংক্ৰমণ বৃদ্ধি কৰিব পাৰে নে নাই সেয়াও সঠিক নহয় আৰু ই দীৰ্ঘম্যাদী ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেদৰে প্ৰভাৱিত কৰে সেয়া নিৰ্ধাৰণ কৰিবলৈ এতিয়াও অধ্যয়ন চলি আছে। ক'ভিডৰ বিৰুদ্ধে বৰ্তমানৰ ভেকচিনবোৰে অ'মিক্ৰনৰ প্ৰতি কেনেদৰে সঁহাৰি জনাইছে সেই সন্দৰ্ভত অধ্যয়ন অব্যাহত আছে৷ এতিয়ালৈ কৰা অধ্যয়নত পোৱা গৈছে যে কৰ'নাৰ এণ্টিবডীয়ে অ'মিক্ৰন নিষ্ক্ৰিয় কৰাৰ সম্ভাৱনা কম৷ আনকি অধ্যয়নটোত এইটোও পোৱা গৈছিল যে যিসকল ব্যক্তিয়ে ভেকচিন লৈছিল তেওঁলোক পুনৰবাৰ ক'ভিডত আক্ৰান্ত হ'লেও শাৰীৰিক অসুস্থতাৰ পৰিমাণ কম আছিল৷ তাৰ উপৰিও ক'ভিড ভেকচিন গ্ৰহণ কৰাৰ ফলত অ'মিক্ৰনত আক্ৰান্ত হৈ মৃত্যুৰ পৰিমাণো হ্ৰাস হৈছিল৷ বিশ্ব স্বাস্থ্য সংস্থাৰ স্পষ্টীকৰণ অনুসৰি বুষ্টাৰ ভেকচিন আৰম্ভ কৰিবলৈ কিছুমান গোটক প্ৰাথমিকতা দিয়াৰ প্ৰয়োজনীয়তা আছে। বৰ্ধিত বয়স আৰু অন্য ৰোগ হৈছে ক'ভিডৰ বিপদাশংকাৰ কাৰক৷ স্বামীনাথনে কয় যে ভাৰতে বৃহৎ জনসংখ্যাক টিকাকৰণৰ ক্ষেত্ৰত এক প্ৰশংসনীয় কাম কৰিছে৷ যাৰ ফলত ভাৰতত মৃত্যুৰ হাৰ কম হোৱা দেখিবলৈ পোৱা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ