--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আচলতে অ'মিক্ৰনৰ ভয়াৱহতা কিমান? সঁচাকৈয়ে অ'মিক্ৰনৰ প্ৰভাৱ বহু কম নেকি? ক'ভিড-১৯ৰ ভয়াৱহতা তথা সংক্ৰমণৰ কথা আমি সকলোৱে প্ৰত্যক্ষ কৰিছো৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী বিজ্ঞানী ডাঃ সৌম্য স্বামীনাথনে বৃহস্পতিবাৰে কৈছিল যে অ'মিক্ৰণৰ বিষয়ে কিছু তথ্য সদৰী কৰে৷ ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক হ'ব লাগিব বোলা ধাৰণাটো 'মূৰ্খতা' কিয়নো ইয়াৰ বাবে যথেষ্ট ব্যয় পৰিশোধ কৰিবলগা হ'ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানীজনে নতুন অ'মিক্ৰণ উপ-প্ৰকাৰৰ বিষয়ে ব্যাখ্যা কৰি কৈছিল যে বি.এ.2 বি.এ.1তকৈ অধিক শক্তিশালী আৰু ইয়াৰ সংক্ৰমণ অন্যান্য উপ-প্ৰকাৰতকৈ অধিক। ই কিছুমান দেশত, বিশেষকৈ ভাৰত আৰু ডেনমাৰ্কত অধিক সংক্ৰমণ ঘটাইছে। তেওঁ লগতে কৈছিল যে বিশ্ব স্বাস্থ্য সংস্থাটোৱে এতিয়াও অ'মিক্ৰণৰ প্ৰভাৱৰ ওপৰত কোনো সঠিক মন্তব্য কৰিব নোৱাৰে৷ কিয়নো ই এক তুলনামূলকভাৱে নতুন প্ৰকাৰ আৰু ই পুনৰ সংক্ৰমণ বৃদ্ধি কৰিব পাৰে নে নাই সেয়াও সঠিক নহয় আৰু ই দীৰ্ঘম্যাদী ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেদৰে প্ৰভাৱিত কৰে সেয়া নিৰ্ধাৰণ কৰিবলৈ এতিয়াও অধ্যয়ন চলি আছে। ক'ভিডৰ বিৰুদ্ধে বৰ্তমানৰ ভেকচিনবোৰে অ'মিক্ৰনৰ প্ৰতি কেনেদৰে সঁহাৰি জনাইছে সেই সন্দৰ্ভত অধ্যয়ন অব্যাহত আছে৷ এতিয়ালৈ কৰা অধ্যয়নত পোৱা গৈছে যে কৰ'নাৰ এণ্টিবডীয়ে অ'মিক্ৰন নিষ্ক্ৰিয় কৰাৰ সম্ভাৱনা কম৷ আনকি অধ্যয়নটোত এইটোও পোৱা গৈছিল যে যিসকল ব্যক্তিয়ে ভেকচিন লৈছিল তেওঁলোক পুনৰবাৰ ক'ভিডত আক্ৰান্ত হ'লেও শাৰীৰিক অসুস্থতাৰ পৰিমাণ কম আছিল৷ তাৰ উপৰিও ক'ভিড ভেকচিন গ্ৰহণ কৰাৰ ফলত অ'মিক্ৰনত আক্ৰান্ত হৈ মৃত্যুৰ পৰিমাণো হ্ৰাস হৈছিল৷ বিশ্ব স্বাস্থ্য সংস্থাৰ স্পষ্টীকৰণ অনুসৰি বুষ্টাৰ ভেকচিন আৰম্ভ কৰিবলৈ কিছুমান গোটক প্ৰাথমিকতা দিয়াৰ প্ৰয়োজনীয়তা আছে। বৰ্ধিত বয়স আৰু অন্য ৰোগ হৈছে ক'ভিডৰ বিপদাশংকাৰ কাৰক৷ স্বামীনাথনে কয় যে ভাৰতে বৃহৎ জনসংখ্যাক টিকাকৰণৰ ক্ষেত্ৰত এক প্ৰশংসনীয় কাম কৰিছে৷ যাৰ ফলত ভাৰতত মৃত্যুৰ হাৰ কম হোৱা দেখিবলৈ পোৱা গৈছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ