--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা কণমানি। বয়স মাথো পাঁচ বছৰ। শিশুটোক লৈ এতিয়া সকলো উৎকণ্ঠিত। এই শিশুটো এতিয়া এতিয়া গভীৰ কুঁৱা ভিতৰত আবদ্ধ হৈ আছে যিটো কুঁৱা ১০৪ ফুট গভীৰ। এই ঘটনাটো সংঘটিত হৈছে মৰক্কোত। মৰক্কো প্ৰশাসনে শিশুটোৰ উদ্ধাৰৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে। ঘটনাটো ৪ দিনৰ আগতে সংঘটিত হৈছিল আৰু প্ৰশাসনে উদ্ধাৰ অভিযানৰ অন্তিম পৰ্যায়ত আছে। অতি সোনকালে শিশুটোক সোকলমে উদ্ধাৰ কৰি পৰিয়ালৰ লোকক গতাই দিয়া হব। শিশুটোৰ নাম ৰিয়ান । তেওঁৰ এটা স্বাস্থ্যৱান শৰীৰৰে ঘূৰি অহাৰ বাবে দেশখনত প্ৰাৰ্থনা আৰম্ভ হৈছে। মৰক্কোৰ সামাজিক মাধ্যমত ৰিয়ানৰ এই উদ্ধাৰ অভিযান সবাটোকৈ বেছিকৈ ট্ৰেণ্ডিং হৈ আছে। ৰিয়ানৰ ঘটনাই উত্তৰ আফ্ৰিকাৰ দেশখনত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰশাসনৰ সংশ্লিষ্ট কৰ্মচাৰী আৰু বিষয়াসকলেও দিনে নিশাই উদ্ধাৰ অভিযান চলাই আছে। চৰকাৰেও বিষয়টো নিৰন্তৰভাৱে নিৰীক্ষণ কৰি আছে। অৱশ্যে, উদ্ধাৰকাৰীসকলে আশংকা কৰে যে যদি অলপো আমাৰ ভুল হয়, তেনেহলে কুঁৱাৰ মাটি খহি পৰিব পাৰে। তেনে ক্ষেত্ৰত, ৰিয়ানক জীৱিত অৱস্থাত উলিয়াই অনাটো অসম্ভৱ হ'ব। গতিকে তেওঁলোকে অতি সাৱধানে আৰু যিমান সম্ভৱ সোনকালে শিশুটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে। অৱশ্যে, কুঁৱাটোৰ মাটিত শিল আৰু বালি মিহলি হোৱাৰ ফলত তেওঁলোকৰ কাম লেহেম হৈ পৰিছে। মৰক্কোৰ তামোৰত এই ঘটনা সংঘটিত হৈছে, যি মৰক্কোৰ উত্তৰ অংশত অৱস্থিত। সকলো লোকে উদ্ধাৰকাৰী দলটোক সাহস দি আছে। যাতে তেওঁলোকে এক মুহূৰ্তৰ বাবেও কষ্ট নাপায়। ৰিয়ানৰ দেউতাকে সংবাদ মাধ্যমক কোৱা অনুসৰি, যে ঘটনাটোৰ সময়ত তেওঁ কুঁৱাৰ দেৱালখন মেৰামতি কৰি আছিল। লৰাটো তেওঁৰ কাষত খেলি আছিল। মাত্ৰ কেইছেকেণ্ডৰ বাবে, তেওঁৰ চকু লৰাটোৰ পৰা আঁতৰি গৈছিল আৰু তাৰ পিছত এই ভয়ংকৰ দুৰ্ঘটনাতো সংঘটিত হল। ঘটনাটোৰ পাছত, ৰিয়ানৰ মাক অসুস্থ হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ