--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা কণমানি। বয়স মাথো পাঁচ বছৰ। শিশুটোক লৈ এতিয়া সকলো উৎকণ্ঠিত। এই শিশুটো এতিয়া এতিয়া গভীৰ কুঁৱা ভিতৰত আবদ্ধ হৈ আছে যিটো কুঁৱা ১০৪ ফুট গভীৰ। এই ঘটনাটো সংঘটিত হৈছে মৰক্কোত। মৰক্কো প্ৰশাসনে শিশুটোৰ উদ্ধাৰৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে। ঘটনাটো ৪ দিনৰ আগতে সংঘটিত হৈছিল আৰু প্ৰশাসনে উদ্ধাৰ অভিযানৰ অন্তিম পৰ্যায়ত আছে। অতি সোনকালে শিশুটোক সোকলমে উদ্ধাৰ কৰি পৰিয়ালৰ লোকক গতাই দিয়া হব। শিশুটোৰ নাম ৰিয়ান । তেওঁৰ এটা স্বাস্থ্যৱান শৰীৰৰে ঘূৰি অহাৰ বাবে দেশখনত প্ৰাৰ্থনা আৰম্ভ হৈছে। মৰক্কোৰ সামাজিক মাধ্যমত ৰিয়ানৰ এই উদ্ধাৰ অভিযান সবাটোকৈ বেছিকৈ ট্ৰেণ্ডিং হৈ আছে। ৰিয়ানৰ ঘটনাই উত্তৰ আফ্ৰিকাৰ দেশখনত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰশাসনৰ সংশ্লিষ্ট কৰ্মচাৰী আৰু বিষয়াসকলেও দিনে নিশাই উদ্ধাৰ অভিযান চলাই আছে। চৰকাৰেও বিষয়টো নিৰন্তৰভাৱে নিৰীক্ষণ কৰি আছে। অৱশ্যে, উদ্ধাৰকাৰীসকলে আশংকা কৰে যে যদি অলপো আমাৰ ভুল হয়, তেনেহলে কুঁৱাৰ মাটি খহি পৰিব পাৰে। তেনে ক্ষেত্ৰত, ৰিয়ানক জীৱিত অৱস্থাত উলিয়াই অনাটো অসম্ভৱ হ'ব। গতিকে তেওঁলোকে অতি সাৱধানে আৰু যিমান সম্ভৱ সোনকালে শিশুটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে। অৱশ্যে, কুঁৱাটোৰ মাটিত শিল আৰু বালি মিহলি হোৱাৰ ফলত তেওঁলোকৰ কাম লেহেম হৈ পৰিছে। মৰক্কোৰ তামোৰত এই ঘটনা সংঘটিত হৈছে, যি মৰক্কোৰ উত্তৰ অংশত অৱস্থিত। সকলো লোকে উদ্ধাৰকাৰী দলটোক সাহস দি আছে। যাতে তেওঁলোকে এক মুহূৰ্তৰ বাবেও কষ্ট নাপায়। ৰিয়ানৰ দেউতাকে সংবাদ মাধ্যমক কোৱা অনুসৰি, যে ঘটনাটোৰ সময়ত তেওঁ কুঁৱাৰ দেৱালখন মেৰামতি কৰি আছিল। লৰাটো তেওঁৰ কাষত খেলি আছিল। মাত্ৰ কেইছেকেণ্ডৰ বাবে, তেওঁৰ চকু লৰাটোৰ পৰা আঁতৰি গৈছিল আৰু তাৰ পিছত এই ভয়ংকৰ দুৰ্ঘটনাতো সংঘটিত হল। ঘটনাটোৰ পাছত, ৰিয়ানৰ মাক অসুস্থ হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল