--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰীষ্টিয়ানো ৰোনাল্ডোৰ নাম বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰৰ ভিতৰত অন্তৰ্ভুক্ত। ক্রিষ্টিয়ানো ৰোনাল্ডো এতিয়া ছৌদি আৰৱৰ আল নাছৰ ফুটবল ক্লাবৰ হৈ খেলিছে। ২০২২ চনত এই দলৰ সৈতে তেওঁ চুক্তিবদ্ধ হৈছিল। এই ক্লাবত ৰোনাল্ডোৰ সৈতে খেলা গ’লৰক্ষক ৱালিদ আব্দুল্লাই এক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে। ৱালিদ আব্দুল্লাই ৰোনাল্ডো ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ সম্ভাৱনাৰ ইংগিত দিছে।

১৯৮৫ চনৰ ৫ ফেব্ৰুৱাৰীত মাদেইৰাত জন্মগ্ৰহণ কৰিছিল ৰোনাল্ডোৱে। তেওঁ এজন কেথলিক। এটা টিভি শ্ব’ত ক্রিষ্টিয়ানো ৰোনাল্ডোৰ বিষয়ে প্ৰশ্ন কৰাত ৱালিদ আব্দুল্লাই এটা ডাঙৰ বক্তব্য আগবঢ়ায়৷ আব্দুল্লাই কয় ‘ৰ’নাল্ডোৱে সঁচাকৈয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিব বিচাৰে। মই তেওঁৰ লগত এই বিষয়ে কথা পাতিলোঁ আৰু তেওঁ ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে। তেওঁ এটা গ’ল দিয়াৰ পাছত খেলপথাৰত হাতযোৰ কৰে আৰু তেওঁ খেলুৱৈসকলক সদায় নমাজ পঢিবলৈ আৰু ইছলামিক ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ উৎসাহিত কৰে। যেতিয়া ৰোনাল্ডোৱে গ’লটো দি খেলপথাৰত হাতযোৰ কৰে তেতিয়া সকলো খেলুৱৈয়ে একেলগে ‘আল্লাহো আকবৰ’ ধ্বনি দিয়ে।


আব্দুল্লাই কয় যে ৰোনাল্ডোৱে স্থানীয় সংস্কৃতি বিশেষকৈ ইছলাম আৰু ইয়াৰ আচাৰ-ব্যৱহাৰৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছে যাতে তেওঁ নিজৰ মুছলমান সতীৰ্থসকলক অধিক সন্মান আৰু বুজিব পাৰে। আব্দুল্লাই কয়, ‘অভ্যাসৰ সময়ত যেতিয়া আজানৰ শব্দ আহে, তেতিয়া ৰোনাল্ডোৱে প্ৰশিক্ষকক আজান শেষ নোহোৱালৈকে ৰ’বলৈ কয়। প্ৰথম অৱস্থাত ক্রিষ্টিয়ানোৰ লগত ঘনিষ্ঠ আছিলোঁ কাৰণ তেওঁ দেশৰ সংস্কৃতি, ক্লাব বা অন্যান্য দিশৰ সৈতে পৰিচিত নাছিল৷ মোক প্ৰায়েই প্ৰশ্ন কৰিছিল।' 

উল্লেখ্য যে , ২০২৩ চনত ৰোনাল্ডো আল নাছৰলৈ যোৱাৰ আগতে এটা প্ৰতিবেদনত দাবী কৰা হৈছিল যে ৰিয়েল মাদ্রিদৰ প্ৰাক্তন সতীৰ্থ মেছুট অজিল আৰু কৰিম বেনজেমাই তেওঁক মুছলমান হ'বলৈ বুজাবলৈ চেষ্টা কৰিছিল। ৩৯ বছৰীয়া ৰোনাল্ডোৱে ফিফা বিশ্বকাপ ২০২২ৰ পূৰ্বে মানচেষ্টাৰ ইউনাইটেড এৰি থৈ গৈছিল। ইয়াৰ পিছত তেওঁ আল নাছৰ ক্লাবত যোগদান কৰাৰ সিদ্ধান্ত লয়। ২০২৫ চনৰ জুন মাহলৈকে আল নাছৰৰ সৈতে চুক্তিবদ্ধ হৈছে। অৰ্থাৎ ৪০ বছৰ সম্পূৰ্ণ নোহোৱালৈকে তেওঁ পেছাদাৰী ফুটবল খেলি থাকিব। খবৰ অনুসৰি এই ক্লাবত খেলাৰ বাবে ৰোনাল্ডোৱে বছৰি ২০ কোটি ইউৰো (প্ৰায় ১৮০০ কোটি টকা) লাভ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ