--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰীষ্টিয়ানো ৰোনাল্ডোৰ নাম বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰৰ ভিতৰত অন্তৰ্ভুক্ত। ক্রিষ্টিয়ানো ৰোনাল্ডো এতিয়া ছৌদি আৰৱৰ আল নাছৰ ফুটবল ক্লাবৰ হৈ খেলিছে। ২০২২ চনত এই দলৰ সৈতে তেওঁ চুক্তিবদ্ধ হৈছিল। এই ক্লাবত ৰোনাল্ডোৰ সৈতে খেলা গ’লৰক্ষক ৱালিদ আব্দুল্লাই এক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে। ৱালিদ আব্দুল্লাই ৰোনাল্ডো ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ সম্ভাৱনাৰ ইংগিত দিছে।

১৯৮৫ চনৰ ৫ ফেব্ৰুৱাৰীত মাদেইৰাত জন্মগ্ৰহণ কৰিছিল ৰোনাল্ডোৱে। তেওঁ এজন কেথলিক। এটা টিভি শ্ব’ত ক্রিষ্টিয়ানো ৰোনাল্ডোৰ বিষয়ে প্ৰশ্ন কৰাত ৱালিদ আব্দুল্লাই এটা ডাঙৰ বক্তব্য আগবঢ়ায়৷ আব্দুল্লাই কয় ‘ৰ’নাল্ডোৱে সঁচাকৈয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিব বিচাৰে। মই তেওঁৰ লগত এই বিষয়ে কথা পাতিলোঁ আৰু তেওঁ ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে। তেওঁ এটা গ’ল দিয়াৰ পাছত খেলপথাৰত হাতযোৰ কৰে আৰু তেওঁ খেলুৱৈসকলক সদায় নমাজ পঢিবলৈ আৰু ইছলামিক ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ উৎসাহিত কৰে। যেতিয়া ৰোনাল্ডোৱে গ’লটো দি খেলপথাৰত হাতযোৰ কৰে তেতিয়া সকলো খেলুৱৈয়ে একেলগে ‘আল্লাহো আকবৰ’ ধ্বনি দিয়ে।


আব্দুল্লাই কয় যে ৰোনাল্ডোৱে স্থানীয় সংস্কৃতি বিশেষকৈ ইছলাম আৰু ইয়াৰ আচাৰ-ব্যৱহাৰৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছে যাতে তেওঁ নিজৰ মুছলমান সতীৰ্থসকলক অধিক সন্মান আৰু বুজিব পাৰে। আব্দুল্লাই কয়, ‘অভ্যাসৰ সময়ত যেতিয়া আজানৰ শব্দ আহে, তেতিয়া ৰোনাল্ডোৱে প্ৰশিক্ষকক আজান শেষ নোহোৱালৈকে ৰ’বলৈ কয়। প্ৰথম অৱস্থাত ক্রিষ্টিয়ানোৰ লগত ঘনিষ্ঠ আছিলোঁ কাৰণ তেওঁ দেশৰ সংস্কৃতি, ক্লাব বা অন্যান্য দিশৰ সৈতে পৰিচিত নাছিল৷ মোক প্ৰায়েই প্ৰশ্ন কৰিছিল।' 

উল্লেখ্য যে , ২০২৩ চনত ৰোনাল্ডো আল নাছৰলৈ যোৱাৰ আগতে এটা প্ৰতিবেদনত দাবী কৰা হৈছিল যে ৰিয়েল মাদ্রিদৰ প্ৰাক্তন সতীৰ্থ মেছুট অজিল আৰু কৰিম বেনজেমাই তেওঁক মুছলমান হ'বলৈ বুজাবলৈ চেষ্টা কৰিছিল। ৩৯ বছৰীয়া ৰোনাল্ডোৱে ফিফা বিশ্বকাপ ২০২২ৰ পূৰ্বে মানচেষ্টাৰ ইউনাইটেড এৰি থৈ গৈছিল। ইয়াৰ পিছত তেওঁ আল নাছৰ ক্লাবত যোগদান কৰাৰ সিদ্ধান্ত লয়। ২০২৫ চনৰ জুন মাহলৈকে আল নাছৰৰ সৈতে চুক্তিবদ্ধ হৈছে। অৰ্থাৎ ৪০ বছৰ সম্পূৰ্ণ নোহোৱালৈকে তেওঁ পেছাদাৰী ফুটবল খেলি থাকিব। খবৰ অনুসৰি এই ক্লাবত খেলাৰ বাবে ৰোনাল্ডোৱে বছৰি ২০ কোটি ইউৰো (প্ৰায় ১৮০০ কোটি টকা) লাভ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post