--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ মিতালী ৰাজে আজি উদযাপন কৰিছে ৪২ সংখ্যক জন্মদিন৷ অনুৰাগী সকলে শুভেচ্ছা বাণীৰে উপচাই দিছে প্ৰিয় ক্ৰিকেটাৰগৰাকীক৷ ২০০৪ চনৰ পৰা ২০২২ চনলৈ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হিচাপে থকা প্ৰাক্তন ক্ৰিকেটাৰ মিতালী ৰাজ, মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী তথা সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে পৰিচিত। খেলুৱৈগৰাকীয়ে সকলো ফৰ্মেটতে একাধিক অভিলেখ গঢ়িছে যি এতিয়াও অক্ষত আছে

মিথালী ৰাজে ১৯৯৯ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া খেলত ১৬ বছৰ বয়সতে ভাৰতত অভিষেক কৰে আৰু অতি কম সময়তে তেওঁ মহিলা ক্ৰিকেটত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু মহিলাৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰি ২০২২ চনত অৱসৰ গ্ৰহণ কৰাৰ লগতে অভিলেখ সংখ্যক ১৫৫ খন মেচত ভৰতীয় দলৰ অধিনায়ক হিচাপে আছিল৷

জানো আহক মিতালী ৰাজে গঢ়া অভিলেখ আৰু আহৰণ কৰা সন্মানৰ বিষয়ে-

মহিলাৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ- মিতালী ৰাজে মহিলাৰ এদিনীয়া ক্ৰিকেটৰ ইতিহাসত  সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখ গঢ়ে। খেলুৱৈগৰাকীয়ে মহিলাৰ এদিনীয়া মেচ ২৩২খন মেচত ৭৮০৫ ৰান সংগ্ৰহেৰৰে শীৰ্ষ স্থানত আছে৷

মহিলাৰ এদিনীয়াত সৰ্বাধিক পঞ্চাশটাতকৈ অধিক স্ক’ৰ

মহিলাৰ এদিনীয়া মেচত বেটছমেনে সৰ্বাধিক পঞ্চাশৰ অধিক স্ক’ৰ কৰাৰ অভিলেখ আছে ক্ৰিকেটাৰগৰাকীৰ। এদিনীয়াত মুঠ ৭১টাকৈ আধিক পঞ্চাশ প্লাছ স্ক’ৰেৰে কেৰিয়াৰ সমাপ্ত কৰে, যিটো মহিলাৰ এদিনীয়াত সৰ্বাধিক স্ক’ৰ হিচাপে পৰিগণিত হয়। ভাৰতৰ হৈ ৭ শতক আৰু ৬৪টা অৰ্ধশতক অৰ্জন কৰিছিল।

মহিলাৰ এদিনীয়াত অধিনায়ক হিচাপে সৰ্বাধিক জয়-

ক্ৰিকেটাৰ গৰাকীয়ে মহিলাৰ এদিনীয়াত অধিনায়ক হিচাপে সৰ্বাধিক জয়ৰ অভিলেখ আছে। মিতালীয়ে মুঠ ১৫৫ খন মহিলা এদিনীয়াত ভাৰতৰ অধিনায়ক আছিল আৰু ৮৯ খনত জয়লাভ কৰিছিল তেওঁৰ নেতৃত্বত। 

মহিলাৰ এদিনীয়াত আটাইতকৈ দীঘলীয়া কেৰিয়াৰ-

১৯৯৯ চনত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ এদিনীয়াত অভিষেক ঘটা মিতালী ৰাজে ২০২২ চনত অন্তিম এদিনীয়া খেলিছিল। তেওঁ ২২ বছৰ এদিনীয়াত খেলিছিল৷ মহিলাৰ এদিনীয়া ইতিহাসৰ আটাইতকৈ দীঘলীয়া কেৰিয়াৰ হিচাপে পৰিগণিত হয়

টেষ্টত দ্বৈত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া মহিলা ক্ৰিকেটাৰ-

মহিলা টেষ্ট ইতিহাসত ডাবল চেঞ্চুৰি লাভ কৰা আটাইতকৈ কম বয়সীয়া মহিলা ক্ৰিকেটাৰ অভিলেখ গঢ়ে মিতালী ৰাজে। মিতালীয়ে ১৯ বছৰ বয়সত মহিলা টেষ্টৰ আটাইতকৈ কম বয়সীয়া ডাবল চেঞ্চুৰি লাভ কৰা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

উল্লেখযোগ্য যে মিতালী ৰাজে ২০০৩ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান চনৰ অৰ্জুন বঁটা,
২০১৫ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা চনৰ পদ্মশ্ৰী, ২০১৭ চনত চেন্নাইৰ ৰেডিয়েণ্ট ৱেলনেছ কনক্লেভত যুৱ ক্ৰীড়াৰ আইকন অৱ এক্সেলেন্স বঁটা, ২০১৭ চনত ভোগৰ দশম বৰ্ষপূৰ্তিত ভোগ বছৰৰ ক্ৰীড়াবিদ, ২০১৭ চনত উইজডেন বিশ্বৰ আগশাৰীৰ মহিলা ক্ৰিকেটাৰ,২০২১ চনত ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেলৰত্ন বঁটা লাভ কৰে ক্ৰিকেটাৰগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ