--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ মিতালী ৰাজে আজি উদযাপন কৰিছে ৪২ সংখ্যক জন্মদিন৷ অনুৰাগী সকলে শুভেচ্ছা বাণীৰে উপচাই দিছে প্ৰিয় ক্ৰিকেটাৰগৰাকীক৷ ২০০৪ চনৰ পৰা ২০২২ চনলৈ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হিচাপে থকা প্ৰাক্তন ক্ৰিকেটাৰ মিতালী ৰাজ, মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী তথা সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে পৰিচিত। খেলুৱৈগৰাকীয়ে সকলো ফৰ্মেটতে একাধিক অভিলেখ গঢ়িছে যি এতিয়াও অক্ষত আছে

মিথালী ৰাজে ১৯৯৯ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া খেলত ১৬ বছৰ বয়সতে ভাৰতত অভিষেক কৰে আৰু অতি কম সময়তে তেওঁ মহিলা ক্ৰিকেটত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু মহিলাৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰি ২০২২ চনত অৱসৰ গ্ৰহণ কৰাৰ লগতে অভিলেখ সংখ্যক ১৫৫ খন মেচত ভৰতীয় দলৰ অধিনায়ক হিচাপে আছিল৷

জানো আহক মিতালী ৰাজে গঢ়া অভিলেখ আৰু আহৰণ কৰা সন্মানৰ বিষয়ে-

মহিলাৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ- মিতালী ৰাজে মহিলাৰ এদিনীয়া ক্ৰিকেটৰ ইতিহাসত  সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখ গঢ়ে। খেলুৱৈগৰাকীয়ে মহিলাৰ এদিনীয়া মেচ ২৩২খন মেচত ৭৮০৫ ৰান সংগ্ৰহেৰৰে শীৰ্ষ স্থানত আছে৷

মহিলাৰ এদিনীয়াত সৰ্বাধিক পঞ্চাশটাতকৈ অধিক স্ক’ৰ

মহিলাৰ এদিনীয়া মেচত বেটছমেনে সৰ্বাধিক পঞ্চাশৰ অধিক স্ক’ৰ কৰাৰ অভিলেখ আছে ক্ৰিকেটাৰগৰাকীৰ। এদিনীয়াত মুঠ ৭১টাকৈ আধিক পঞ্চাশ প্লাছ স্ক’ৰেৰে কেৰিয়াৰ সমাপ্ত কৰে, যিটো মহিলাৰ এদিনীয়াত সৰ্বাধিক স্ক’ৰ হিচাপে পৰিগণিত হয়। ভাৰতৰ হৈ ৭ শতক আৰু ৬৪টা অৰ্ধশতক অৰ্জন কৰিছিল।

মহিলাৰ এদিনীয়াত অধিনায়ক হিচাপে সৰ্বাধিক জয়-

ক্ৰিকেটাৰ গৰাকীয়ে মহিলাৰ এদিনীয়াত অধিনায়ক হিচাপে সৰ্বাধিক জয়ৰ অভিলেখ আছে। মিতালীয়ে মুঠ ১৫৫ খন মহিলা এদিনীয়াত ভাৰতৰ অধিনায়ক আছিল আৰু ৮৯ খনত জয়লাভ কৰিছিল তেওঁৰ নেতৃত্বত। 

মহিলাৰ এদিনীয়াত আটাইতকৈ দীঘলীয়া কেৰিয়াৰ-

১৯৯৯ চনত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ এদিনীয়াত অভিষেক ঘটা মিতালী ৰাজে ২০২২ চনত অন্তিম এদিনীয়া খেলিছিল। তেওঁ ২২ বছৰ এদিনীয়াত খেলিছিল৷ মহিলাৰ এদিনীয়া ইতিহাসৰ আটাইতকৈ দীঘলীয়া কেৰিয়াৰ হিচাপে পৰিগণিত হয়

টেষ্টত দ্বৈত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া মহিলা ক্ৰিকেটাৰ-

মহিলা টেষ্ট ইতিহাসত ডাবল চেঞ্চুৰি লাভ কৰা আটাইতকৈ কম বয়সীয়া মহিলা ক্ৰিকেটাৰ অভিলেখ গঢ়ে মিতালী ৰাজে। মিতালীয়ে ১৯ বছৰ বয়সত মহিলা টেষ্টৰ আটাইতকৈ কম বয়সীয়া ডাবল চেঞ্চুৰি লাভ কৰা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

উল্লেখযোগ্য যে মিতালী ৰাজে ২০০৩ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান চনৰ অৰ্জুন বঁটা,
২০১৫ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা চনৰ পদ্মশ্ৰী, ২০১৭ চনত চেন্নাইৰ ৰেডিয়েণ্ট ৱেলনেছ কনক্লেভত যুৱ ক্ৰীড়াৰ আইকন অৱ এক্সেলেন্স বঁটা, ২০১৭ চনত ভোগৰ দশম বৰ্ষপূৰ্তিত ভোগ বছৰৰ ক্ৰীড়াবিদ, ২০১৭ চনত উইজডেন বিশ্বৰ আগশাৰীৰ মহিলা ক্ৰিকেটাৰ,২০২১ চনত ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেলৰত্ন বঁটা লাভ কৰে ক্ৰিকেটাৰগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী