--°C
Loading...
Listen to Article
2 min read
80%

ওজন হ্ৰাস কৰিবলৈ বিচাৰিছে নেকি? তেনেহ'লে প্ৰতিদিনেই খাওক কিছমিছ আৰু গুড়৷ এই দুটা বস্তু কম বেছি পৰিমাণে এই সকলোবোৰত পোৱা যায়। ই পুষ্টিকৰ আৰু সুস্বাদু।

ডিজিটেল ডেস্ক : পুষ্টিকৰ খাদ্য খালে আপুনি স্বাস্থ্যৱান হৈ থাকিব পাৰে৷ অতিৰিক্ত ওজন হ্ৰাস কৰিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো অনিবাৰ্য৷ স্মুদিৰ পৰা প্ৰ'টিন পানীয়লৈকে- বিভিন্ন ধৰণে স্বাস্থ্যকৰ খাদ্যই ওজন নিয়ন্ত্ৰণত ৰখাত সহায়ক হয়৷ কিন্তু আপুনি হয়টো জ্ঞাত নহয় যে, কিছমিছ আৰু গুড়ে আপোনাৰ ওজন কমাবলৈ সহয়ক হয়৷ ওজন কমাবলৈ মুখ্য উপাদানসমূহ হৈছে পানী, গুড় আৰু কিছমিছ৷ এই মিশ্ৰণটোৱে উপকাৰিতা অলেখ৷ কিছমিছে খালে ওজন বৃদ্ধিৰ লগতে আপুনি সোৱাদো পাৱ৷ ভিটামিন বি, ভিটামিন চি, আইৰণসমৃদ্ধ কিছমিছে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে৷ ই ৰক্তহীনতাৰ দৰে সমস্যা দূৰ কৰে৷ আঁহেৰে ভৰ্তি এই শুকান ফলে কোষ্ঠকাঠিন্য নিয়ন্ত্ৰণ কৰে৷ আনহাতে, আহাৰত গুড় থাকিলে হজম শক্তি বৃদ্ধি হয়৷ ই পেটৰ চৰ্বি দ্ৰুততাৰে আঁতৰ কৰাত সহায় কৰে৷ চেনী বিকল্প গুড়ত কেলৰি কম, কিন্তু প্ৰতিষেধক হিচাপে শক্তিশালী৷ এই দুটা উপাদানৰ সংমিশ্ৰণে ওজন হ্ৰাসৰ প্ৰক্ৰিয়া টো দ্ৰুত কৰে৷ কিছমিছ আৰু গুড়ৰ সংমিশ্ৰণে হজমত সহায় কৰে৷ শ্বাসতন্ত্ৰ পৰিষ্কাৰ হয়৷ কুহুমীয়া পানীত গোটেই ৰাতি ৪-৫ কিছমিছ তিয়াই থওক৷ ৰাতিপুৱা এগিলাচ পানীত ৫ গ্ৰাম কুঁহিয়াৰ গুড় তিয়াই ৰাখক৷ পানীত গুড় ভালদৰে মিহলি কৰি খোৱা উচিত৷ প্ৰথমে খালী পেটত তিয়াই থোৱা কিছমিছখিনি খাওক৷ তাৰ পাছত গুড়-পানী খাওক৷ প্ৰতিদিনে পুৱা এই মিশ্ৰণটো গ্ৰহণ কৰক৷ আপোনাৰ ওজন হ্ৰাস হোৱাট ই সহায়ক হ'ব। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post