--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালিম্পং, দাৰ্জিলিঙৰ পাহাৰ। ঘটনাৰ আঁৰৰ ঘটনা। এগৰাকী ছিংগল মাতৃৰ কাহিনী। একমাত্ৰ ছোৱালীজনীয়ে তেওঁৰ পৃথিৱী। কিন্তু হঠাত্‍ মাতৃ জড়িত হৈ পৰে এক অপৰাধত। তাৰ পিছত আৰক্ষীৰ চকুত ধূলি দি একমাত্ৰ ছোৱালীজনীৰ সৈতে পলাই যায় তেওঁ। এনে পৰিস্থিতিত মহিলাগৰাকীক এগৰাকী চুবুৰীয়াইও আগবঢ়াইছে  সহায়ৰ হাত।  ‘ডিভোশন অব সাসপেক্ট এক্স’।ৰিয়েল লাইফৰ ঘটনা বুলি ভাবি ভুল নকৰিব। বঙালী পৰিচালক সুজয় ঘোষৰ অ'টিটি চলচ্চিত্ৰখনৰ কাহিনী এয়া। নেটফ্লিক্সৰ এই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে আজিৰ পৰা। সম্প্ৰতি কালিম্পঙত চলিব ছবিৰ শ্বুটিং।

ছবিখনৰ মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব কৰীণা কাপুৰ খানক। তেওঁৰ সৈতে অভিনয় কৰিছে  জয়দীপ আহলাৱত, বিজয় বৰ্মা আৰু অন্যান্য বহু অভিনেতা-অভিনেত্ৰী। জাপানী লেখক কেইগো হিগাশিনোৰ উপন্যাসৰ পৰা চলচ্চিত্ৰখনৰ চিত্ৰনাট্য লিখিছে  সুজয় ঘোষে ।

বুধবাৰে পুৱা দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হোৱাৰ আগতেই, কৰীণাই তেওঁৰ অনুৰাগীসকলক বংগৰ পাহাৰৰ পৰা তোলা ছবিৰে মন জীপাল কৰি তুলিলে। কালিম্পঙৰ এখন হোটেলত ফিট আৰু কেশসজ্জা চলিছে কৰীণাৰ। দৃশ্যগ্ৰহণৰ বাবে সাজু হৈ উঠিছে কৰীণা। চকীত বহি হাতত আইনা লৈ নিজকে চাই আছে কৰীণাই। আল কলা-কুশলীসকল চাৰিওফালে থিয় হৈ আছে। সকলোৱে বিভিন্ন কাৰ্যকলাপত ব্যস্ত। পিছপিনে নীল আকাশত কপাহী ডাৱৰ। আৰু তাৰ মাজতে সেউজীয়া পৰ্বতৰ অপূৰ্ব দৃশ্য।

টুইটাৰত ছবিৰ কেপচনত কৰীণাই লিখিছে, ‘প্ৰথম দিন, কালিম্পং... ডিভোশন অব সাসপেক্ট এক্স’। ছবিখনৰ প্ৰথম দৃশ্যগ্ৰহণ কালিম্পঙতে হ’ব। তাৰ পিছত দাৰ্জিলিং। সম্প্ৰতি অনুৰাগীয়ে বাট চাইছে কৰীণাৰ আহিবলগীয়া ছবিখনলৈ। অৱশ্যে, কৰীণা অভিনিত ছবিখনে অনুৰাগীৰ হৃদয় জিনিব পাৰে নে নাই সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ