--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালিম্পং, দাৰ্জিলিঙৰ পাহাৰ। ঘটনাৰ আঁৰৰ ঘটনা। এগৰাকী ছিংগল মাতৃৰ কাহিনী। একমাত্ৰ ছোৱালীজনীয়ে তেওঁৰ পৃথিৱী। কিন্তু হঠাত্‍ মাতৃ জড়িত হৈ পৰে এক অপৰাধত। তাৰ পিছত আৰক্ষীৰ চকুত ধূলি দি একমাত্ৰ ছোৱালীজনীৰ সৈতে পলাই যায় তেওঁ। এনে পৰিস্থিতিত মহিলাগৰাকীক এগৰাকী চুবুৰীয়াইও আগবঢ়াইছে  সহায়ৰ হাত।  ‘ডিভোশন অব সাসপেক্ট এক্স’।ৰিয়েল লাইফৰ ঘটনা বুলি ভাবি ভুল নকৰিব। বঙালী পৰিচালক সুজয় ঘোষৰ অ'টিটি চলচ্চিত্ৰখনৰ কাহিনী এয়া। নেটফ্লিক্সৰ এই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে আজিৰ পৰা। সম্প্ৰতি কালিম্পঙত চলিব ছবিৰ শ্বুটিং।

ছবিখনৰ মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব কৰীণা কাপুৰ খানক। তেওঁৰ সৈতে অভিনয় কৰিছে  জয়দীপ আহলাৱত, বিজয় বৰ্মা আৰু অন্যান্য বহু অভিনেতা-অভিনেত্ৰী। জাপানী লেখক কেইগো হিগাশিনোৰ উপন্যাসৰ পৰা চলচ্চিত্ৰখনৰ চিত্ৰনাট্য লিখিছে  সুজয় ঘোষে ।

বুধবাৰে পুৱা দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হোৱাৰ আগতেই, কৰীণাই তেওঁৰ অনুৰাগীসকলক বংগৰ পাহাৰৰ পৰা তোলা ছবিৰে মন জীপাল কৰি তুলিলে। কালিম্পঙৰ এখন হোটেলত ফিট আৰু কেশসজ্জা চলিছে কৰীণাৰ। দৃশ্যগ্ৰহণৰ বাবে সাজু হৈ উঠিছে কৰীণা। চকীত বহি হাতত আইনা লৈ নিজকে চাই আছে কৰীণাই। আল কলা-কুশলীসকল চাৰিওফালে থিয় হৈ আছে। সকলোৱে বিভিন্ন কাৰ্যকলাপত ব্যস্ত। পিছপিনে নীল আকাশত কপাহী ডাৱৰ। আৰু তাৰ মাজতে সেউজীয়া পৰ্বতৰ অপূৰ্ব দৃশ্য।

টুইটাৰত ছবিৰ কেপচনত কৰীণাই লিখিছে, ‘প্ৰথম দিন, কালিম্পং... ডিভোশন অব সাসপেক্ট এক্স’। ছবিখনৰ প্ৰথম দৃশ্যগ্ৰহণ কালিম্পঙতে হ’ব। তাৰ পিছত দাৰ্জিলিং। সম্প্ৰতি অনুৰাগীয়ে বাট চাইছে কৰীণাৰ আহিবলগীয়া ছবিখনলৈ। অৱশ্যে, কৰীণা অভিনিত ছবিখনে অনুৰাগীৰ হৃদয় জিনিব পাৰে নে নাই সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ