--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱসৰ ঘোষণা কৰিছে ভাৰতৰ তাৰকা জিমনাষ্ট দীপা কৰ্মকাৰে। তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে অৱসৰ ঘোষণা কৰিছে। ক্ৰীড়াবিদগৰাকীৰ বাবে এই সিদ্ধান্ত  কঠোৰ আছিল যদিও বহু চিন্তাৰ অন্তত অৱসৰ গ্ৰহণৰ সিদ্ধান্ত লোৱা বুলি সদৰি কৰিছে। 

ভাৰতৰ হৈ বহু পদক উপহাৰ দিয়া জিমনাষ্টগৰাকীয়ে। এক্সত এখন চিঠি প্ৰচাৰ কৰিছে। এই চিঠিৰ জৰিয়তে দীপা কৰ্মকাৰে বহু চিন্তাৰ অন্তত জিমনাষ্টিকছৰ পৰা অৱসৰ লৈছো বুলি ঘোষণা কৰি কয় যে ‘এই সিদ্ধান্ত সহজ নহয় কিন্তু এতিয়া সময় আহি পৰিছে। জিমনাষ্টিক মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অংশস্বৰূপ।পাঁচ বছৰীয়া দীপাক কোৱা হৈছিল যে ভৰি চেপেটা হোৱাৰ বাবে কেতিয়াও জিমনাষ্ট হ’ব নোৱাৰে৷ এতিয়ালৈকে আহৰণ কৰা কৃতিত্বৰ বাবে গৌৰৱ অনুভৱ কৰিছো।’ বুলি উল্লেখ কৰিছে ক্ৰীড়াবিদ গৰাকীয়ে৷

উল্লেখযোগ্য যে ভাৰতৰ হৈ বহু পদক লাভ কৰিবলৈ সক্ষম হৈছিল দিপা কৰ্মকাৰে। ২০২৪ চনৰ এছিয়ান চেম্পিয়নশ্বিপত তেওঁ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে ইয়াৰ পূৰ্বে ২০১৫ চনত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০১৪ চনৰ কমনৱেলথ গেমছতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল জিমনাষ্টগৰাকীয়ে। ২০১৮ চনৰ বিশ্বকাপত তেওঁ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। চলিত বৰ্ষটো জিমনাষ্টগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post