--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহু লোকৰ চাহ খোৱাৰ প্ৰতি একধৰণৰ নিচা থকা দেখা যায়। কিন্তু দিনটোত এক বা দুকাপতকৈ অধিক চাহ খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে। অৰ্থাৎ দিনটোত ৪ কাপতকৈ অধিক চাহ সেৱনে বহু সমস্যা সৃষ্টি কৰে। প্ৰথমতে পেটৰ বিষ হ’ব পাৰে, পাছত লাহে লাহে ভোক নোহোৱা কৰে। কেৱল এয়াই নহয়, টোপনি নোযোৱা সমস্যাও হ’বলৈ আৰম্ভ কৰে। গতিকে জানো আহক অধিক চাহ সেৱনে স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলায়।

 অত্যধিক চাহ সেৱনে মানসিক উদ্বিগ্নতা বৃদ্ধি কৰে। চাহত যথেষ্ট পৰিমাণে কেফেইন পোৱা যায়, যি স্বাস্থ্যৰ পক্ষে বহু ধৰণৰ ক্ষতিকাৰক। সেয়েহে এনে অভ্যাস আমি লাহে লাহে সলনি কৰিব লাগিব।

 অত্যধিক চাহ খালে অন্ত্ৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। আচলতে ই আপোনাৰ অন্ত্ৰৰ ক্ষতি কৰিব পাৰে, যাৰ ফলত খাদ্য হজম কৰাত সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে অৱস্থাত বুকুৰ সমস্যা আৰু বাঢ়ি যায়। এনে অৱস্থাত বুকুত জ্বলা-পোৰাৰ অভিযোগো হ’ব পাৰে।

 অত্যধিক চাহ খালে অন্ত্ৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। আচলতে ই অন্ত্ৰৰ ক্ষতি কৰে, যাৰ ফলত খাদ্য হজম কৰাত সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে অৱস্থাত বুকুৰ সমস্যা আৰু বাঢ়ি যায়। এনে অৱস্থাত বুকুত জ্বলা-পোৰাৰ অভিযোগো হ’ব পাৰে।

 টোপনিহীনতাঃ-অত্যধিক চাহ খালেও টোপনি নোপোৱাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে অৱস্থাত যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি নাপায়, তেন্তে আপুনি সকলো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ চাহ খোৱাৰ আসক্তিৰ পৰা মুক্তি পাব লাগিব। বহু বাতৰিত দাবী কৰা হৈছে যে দিনটোত ২ কাপ চাহ খালে যথেষ্ট।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত