--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হংকং ক্ৰিকেট ছিক্স প্ৰতিযোগিতাত ভাৰতক ৬ উইকেটত পৰাস্ত কৰিছে পাকিস্তানে। পাকিস্তানী দলটোৱে এতিয়া গ্ৰুপ পৰ্যায়ৰ দুয়োখন খেলতে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। এই মেচত প্ৰথম খেলা ভাৰতীয় দলে নিৰ্ধাৰিত ৫ অভাৰত ১১৯ ৰান সংগ্ৰহ কৰে। 


india lost to pakistan by 6 wickets hong kong sixes tournament 2024 pakistan reaches quarterfinal IND vs PAK: पाकिस्तान ने भारत को बुरी तरह हराया, क्वार्टरफाइनल में किया प्रवेश; 5 ओवरो में बना डाले 121 रन
আনহাতে পাকিস্তান দলে এই খেলখনত কোনো উইকেট নেহেৰুৱাই ৬ উইকেটত জয়লাভ কৰিছে। উল্লেখ্য যে হংকং ছিক্স টুৰ্ণামেণ্টত এটা দলে ৬ জন খেলুৱৈ লৈ খেলপথাৰত নামে।

ভাৰতৰ হৈ ইনিংছ আৰম্ভ কৰে ৰবিন উথাপ্পা আৰু ভাৰত চিপ্লিয়ে। উথাপ্পাই ৮ বলত ৩১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ভৰতে ১৬ বলত ৫৩ ৰানৰ উজ্জ্বল ইনিংছ খেলে। কেদাৰ জাধৱে মাত্ৰ ৮ ৰানহে কৰিব পাৰিলে আৰু তেওঁৰ পিছত মনোজ তিৱাৰীয়ে ৭ বলত ১৭ ৰানৰ ইনিংছ খেলি দলটোক ১১৯ ৰানলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পাকিস্তানৰ হৈ দুয়োটা উইকেট দখল কৰে ফাহিম আশ্ৰফে।


যেতিয়া পাকিস্তানে ১২০ ৰানৰ লক্ষ্য বান্ধি দিয়ে, তেতিয়া মহম্মদ আখলাক আৰু আছিফ আলীয়ে একেলগেউন্মাদেৰে বেটিং আৰম্ভ কৰে। আখলাকে ১২টা বলত ৪০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আছিফ আলীয়ে ১৪টা বলত ৫৫ ৰানৰ অৰ্ধশতক অৰ্জন কৰে যদিও খেলখন শেষ কৰাৰ আগতেই আঘাত পাই মেচৰ পৰা বাহিৰ হয় । মেচখন সম্পূৰ্ণ কৰে অধিনায়ক ফাহীম আশ্ৰফে মাত্ৰ ৫টা বলত ২২ ৰান সংগ্ৰহ কৰি। 


হংকং ছিক্স প্ৰতিযোগিতাৰ পুল চিত স্থান লাভ কৰে ভাৰত আৰু পাকিস্তানে। পাকিস্তানে প্ৰথমে UAEক ৬ উইকেটত পৰাস্ত কৰিছিল আৰু এতিয়া ভাৰতকো পৰাস্ত কৰি পোনপটীয়াকৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। এখন মেচত পৰাস্ত হৈ বৰ্তমান ভাৰতীয় দলটো টেবুলৰ দ্বিতীয় স্থানত আছে। যদি ভাৰতীয় দলে UAEক পৰাস্ত কৰে তেন্তে ভাৰতো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ