--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেটছমেন ৰবিন উথাপ্পাৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছে। উথাপ্পাৰ বিৰুদ্ধে ইপিএফঅ’ অৰ্থাৎ প্ৰভিডেণ্ট ফাণ্ডত কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। ভাৰতীয় প্ৰাক্তন বেটছমেনৰ বিৰুদ্ধে ২৩ লাখ টকাৰ কেলেংকাৰিৰ অভিযোগ।

এক প্ৰতিবেদন অনুসৰি উথাপ্পাই চেঞ্চুৰী লাইফষ্টাইল ব্ৰেণ্ড প্ৰাইভেট লিমিটেড পৰিচালনা কৰাৰ সময়ত কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা ২৩ লাখ টকা কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে, কিন্তু উথাপ্পাই তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ডত টকাখিনি জমা কৰা নাছিল।

উল্লেখ্য যে, পি এফ আঞ্চলিক আয়ুক্ত শদক্ষৰী গোপাল ৰেড্ডীৰ জৰিয়তে এই ৱাৰেণ্ট জাৰি কৰা হৈছে, তেওঁ কৰ্ণাটকৰ জুৰিডিকচন পুলাকেশনগৰ আৰক্ষীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। বিষয়াসকলে কয় যে ৪ ডিচেম্বৰত কাৰ্যকৰী হোৱা গ্ৰেপ্তাৰী পৰোৱানাটো ঘূৰাই দিয়া হৈছে, কাৰণ উথাপ্পাক তেওঁৰ পুলাকেশনগৰৰ বাসগৃহত পোৱা নগ’ল। খবৰ অনুসৰি উথাপ্পাই পৰিয়ালৰ সৈতে তেওঁ ডুবাইত থাকে।

তথ্য অনুসৰি এই ঘটনা ৪ ডিচেম্বৰত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই বিষয়ত উথাপ্পাৰ পক্ষৰ পৰা এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। এতিয়া এই বিষয়ত উথাপ্পাই কি কয় সেয়া চাবলৈ আগ্ৰহী সকলো অনুৰাগী।

ৰবীন উথাপ্পাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ

উল্লেখযোগ্য যে উথাপ্পাই আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৪৬খন এদিনীয়া আৰু ১৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। উথাপ্পাই এদিনীয়াৰ ৪২ ইনিংছত ২৫.৯৪ গড়ে ৯৩৪ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ ৬টা অৰ্ধশতক অৰ্জন কৰিছিল, য’ত সৰ্বোচ্চ স্ক’ৰ আছিল ৮৬ ৰান।

ইয়াৰ উপৰিও টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ ১২ ইনিংছত তেওঁ ২৪.৯০ গড়ে ২৪৯ ৰান আৰু ১১৮.০০ ষ্ট্ৰাইক ৰেট সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ ১টা অৰ্ধশতক অৰ্জন কৰে, যিটো তেওঁৰ সৰ্বোচ্চ স্ক’ৰ (৫০ ৰান)। উথাপ্পাই ২০০৬ চনৰ পৰা ২০১৫ চনলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছিল। ২০০৬ চনৰ এপ্ৰিল মাহত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া খেলত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ