--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯ বছৰ অনুৰ্ধৰ ৱমেনছ এছিয়া কাপ ২০২৪ত ভাৰতে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই। ছুপাৰ ফোৰ মেচত শ্ৰীলংকাক পৰাস্ত কৰে ভাৰতে। এই জয়েৰে ভাৰতীয় দলে ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ভাৰতক ৯৯ ৰানৰ লক্ষ্য দিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে ৬টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে। 

ভাৰতীয় দলৰ হৈ আয়ুষী শুক্লাই বলিঙত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই। তেওঁ ৪টা উইকেট দখল কৰে। খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও নিৰ্বাচিত হয় আয়ুষী শুক্লা। প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ৯টা উইকেট হেৰুৱাই ২০ অভাৰত ৯৮ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত নানায়কাৰাই ৩৩ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। ছুমুডুৱে ৩১টা বলৰ মুখামুখি হৈ ২১ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ সঞ্জনাই ৯ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। আনহাতে হিৰুণীয়ে ২ ৰান সংগ্ৰহ কৰে। এই সময়ত আয়ুষী শুক্লাই ভাৰতৰ হৈ মাৰাত্মক বলিং কৰে। তেওঁ ৪টা উইকেট দখল কৰে। এই খেলখন শ্ৰীলংকাৰ বাবে অতি কঠিন আছিল।

ভাৰতৰ হৈ আয়ুষী শুক্লাই ৪ অভাৰত মাত্ৰ ১০ ৰান দি ৪টা উইকেট দখল কৰে। খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও তেওঁক নিৰ্বাচিত কৰা হয়। পাৰুণিকাইও ২টা উইকেট দখল কৰে।তেওঁ ৪ অভাৰত ২৭ ৰান দিয়ে। শবনাম আৰু ধৃতিয়ে ১-১ উইকেট লাভ কৰে।

এই জয়েৰে ভাৰতে ১৯ বছৰ অনুৰ্ধৰ ৱমেনছ টি-২০ এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। শ্ৰীলংকাক ৪ উইকেটত পৰাস্ত কৰিছে ভাৰতে। ভাৰতৰ হৈ কমলিনীয়ে ২৬টা বলৰ বিনিময়ত ২৮ ৰান সংগ্ৰহ কৰে। তৃষাই ২৪ বলৰ বিনিময়ত ৩২ ৰানৰ ইনিংছ খেলে। মিথিলাই ১২টা বলত ১৭টা অপৰাজিত ৰান সংগ্ৰহ কৰে। ৩ ৰান সংগ্ৰহ কৰি আউট হয় অধিনায়ক নিকি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ