--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজানৰ লাউডস্পীকাৰ আৰু হনুমান চালিছাক লৈ আৰম্ভ হোৱা বিতৰ্ক এতিয়া তুংগত আছে। এই বিষয়টোক লৈ মুম্বাইৰ পৰা দিল্লীলৈ ৰাজনৈতিক হুলস্থূল আৰম্ভ হৈছে। এনে সময়তে এনচিপি কৰ্মী ফাহমিদা হাছানে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত হনুমান চালিছাৰ সৈতে অন্যান্য ধৰ্মীয় পাঠ আবৃত্তি কৰাৰ অনুমতি বিচাৰি এখন পত্ৰ লিখিছে। মহাৰাষ্ট্ৰৰ পৰা আৰম্ভ হোৱা হনুমান চালিছাক লৈ ৰাজনৈতিক কাজিয়া এতিয়াও শেষ হোৱা নাই। 

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) নেতা ফাহমিদা হাছান খানে তেওঁক প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত হনুমান চালিচা পঢ়িবলৈ অনুমতি দিয়াৰ দাবী জনাইছে। তেওঁ পত্ৰখনত লিখিছে যে ''মই ফাহমিদা হাছানে আপোনাক কাতৰেৰে নিবেদন কৰি জনাইছো যে মোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ বাহিৰত হনুমান চালিচা, নৱকৰ মন্ত্ৰ, গুৰু গ্ৰন্থ আৰু নোভিনো পঢ়িবলৈ অনুমতি প্ৰদান কৰক। অনুগ্ৰহ কৰি মোক দিন আৰু সময় কওঁক।'' ফাহমিদা হাছান খানৰ এই দাবীক সাংসদ নৱনীত ৰাণা আৰু তেওঁৰ স্বামী ৰবি ৰাণাৰ দাবীৰ সৈতে সম্পৰ্কিত হিচাপে দেখা গৈছে। 

ছ'চিয়েল মিডিয়াতো মানুহে কৈছে যে নৱনীত ৰাণাৰ ঘোষণাৰ পিছত এয়া এনচিপিৰ প্ৰতিক্ৰিয়া। নৱনীত ৰাণা আৰু তেওঁৰ স্বামী ৰবি ৰাণাই ঘোষণা কৰিছিল যে দুয়োজনে উদ্ধৱ ঠাকৰেৰ পৈতৃক ঘৰ মাতোশ্ৰীৰ বাহিৰত হনুমান চালিচা পঢ়িব। তেওঁলোকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বাসগৃহ মাতোশ্ৰীৰ বাহিৰত হনুমান চালিচা আবৃত্তি কৰাৰ কথা কৈছিল, যিয়ে শিৱসেনাৰ কৰ্মীসকলক অত্যন্ত উত্তেজিত কৰি তুলিছিল আৰু তেওঁলোকে ৰাণাৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

মুম্বাই আৰক্ষীয়ে ৰাণা দম্পতীৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰে আৰু পাছত ইয়াত ৰাজদ্ৰোহৰ অভিযোগ উত্থাপিত হয়। দেওবাৰে মুম্বাইৰ এখন আদালতে ৰাণা দম্পতীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। পিছত দেওবাৰে নিশা অমৰাৱতীৰ সাংসদ নৱনীত ৰাণাক বাইকুল্লা মহিলা কাৰাবাসলৈ লৈ যোৱা হয়। 

আনহাতে তেওঁৰ স্বামী আৰু বিধায়ক ৰবি ৰাণাক নৱী মুম্বাইৰ তালোজা কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। ফাহমিদা হাছান খানে কৈছিল যে তেওঁ দিল্লীৰ লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰী বাসভৱনৰ বাহিৰত নামাজ, হনুমান চালিচা, দুৰ্গা চালিচা, নমোকাৰ মন্ত্ৰ আৰু বহুতো ধৰ্মীয় পাঠ পঢ়িব বিচাৰে। ফাহমিদাই কৈছিল যে তেওঁ হনুমান চালিচা পাঠ কৰে আৰু তেওঁৰ ঘৰত দুৰ্গা পূজাও পতা হয়। NCP কৰ্মী ফাহমিদা হাছানৰ এই পত্ৰক লৈ সমগ্ৰ ৰাজনৈতিক মহলতে চলিছে সৰৱ চৰ্চা।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ