--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইয়া নহয় হলীউড বা বলীউডৰ থ্ৰীলাৰ চিনেমা, এইয়া হায়দৰাবাদৰ এক চাঞ্চল্যকৰ ঘটনা ৷ হায়দৰাবাদৰ এজন লোকে পত্নীক হত্যা কৰি মৃতদেহটো টুকুৰা টুকুৰ কৰি প্ৰেচাৰ কুকাৰত উতলাই অপৰাধটো লুকুৱাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰা ৪৫ বছৰীয়া প্ৰাক্তন সেনা জোৱান গুৰু মূৰ্তিয়ে আৰক্ষীৰ আগত অপৰাধ স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে যদিও তেওঁৰ ভয়ানক কাহিনী এতিয়াও নিশ্চিত হোৱা নাই।

যোৱা ১৬ জানুৱাৰীত ভেংকট মাধৱী (৩৫) নিৰুদ্দেশ হোৱাৰ খবৰ দিছিল পৰিয়ালে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগে লগে তেওঁৰ স্বামীক সন্দেহ কৰে। যেতিয়া তেওঁলোকে তেওঁক সোধা-পোছা কৰে তেতিয়া তেওঁ এটা ভয়ংকৰ অপৰাধৰ সবিশেষ প্ৰকাশ কৰে।

আৰক্ষী পৰিদৰ্শক নাগাৰাজুৱে কয় যে, "পিতৃ-মাতৃয়ে আমাৰ ওচৰত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছিল। স্বামীও তেওঁলোকৰ সৈতে আহিছিল। আমি সন্দেহ কৰি জেৰা কৰিছিলো। তেওঁ অপৰাধ স্বীকাৰ কৰে।" গুৰু মূৰ্তিয়ে বাথৰুমত পত্নীৰ মৃতদেহ টুকুৰা টুকুৰ কৰি কুকাৰত উতলাই দিয়া বুলি আৰক্ষীক দাবী কৰা বুলি জানিব পৰা গৈছে। বিবৃতি অনুসৰি তেওঁ হাড়বোৰ পৃথক কৰি পেষ্টলেৰে পিহি পুনৰ উতলাইছিল। তিনিদিন ধৰি একাধিকবাৰ মাংস আৰু হাড় ৰান্ধি অৱশিষ্টখিনি পেক কৰি বিলত পেলোৱা বুলি জানিব পৰা গৈছে। দাবীসমূহ পৰীক্ষা কৰা হৈছে।

এই দম্পতীৰ দুটা সন্তান আছে, এজন ল’ৰা আৰু এগৰাকী ছোৱালী ৷ উল্লেখ্য যে দুয়োৰে মাজত সঘনাই কাজিয়া হৈছিল। কিয় আৰু কেনেকৈ এই হত্যাকাণ্ড সংঘটিত হ’ল সেয়া স্পষ্ট হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ