--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভমেলাত মালা বিক্ৰী কৰিবলৈ গৈ ভাইৰেল হোৱা মনালিছা ভোছলে নামৰ যুৱতীগৰাকীক লৈ সামাজিক মাধ্যমত চর্চা অব্যাহত আছে। 

শাৰীৰিক সৌন্দর্য বিশেষকৈ নীলা চকুযুৰিৰ বাবে ভাইৰেল হৈ পৰা ইণ্ডোৰৰ স্থায়ী বাসিন্দা মনালিছাই কুম্ভমেলাত বিভিন্ন ধৰণৰ মালা বিক্ৰী কৰিবলৈ উপস্থিত হৈছিল। কিন্তু মালাতকৈ চকুৰ সৌন্দৰ্যৰ কাৰণে তেওঁ সামাজিক মাধ্যমত বিগত কিছুদিন ধৰি যথেষ্ট চৰ্চিত হৈছে। 

অৱশ্যে পিতৃৰ নিৰ্দেশত ইতিমধ্যে ইণ্ডোৰলৈ প্ৰত্যাৱৰ্তন কৰিলে মনালিছাই। কিন্তু একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, মনালিছাক দক্ষিণ ভাৰতৰ ছবিত অভিনয়ৰ বাবে প্ৰস্তাৱ দিয়া হৈছে। 

একাংশ সংবাদ মাধ্যমে উল্লেখ কৰা অনুসৰি, বি সুকুমাৰে 'পুষ্পা-৩'ত অভিনয়ৰ প্ৰস্তাৱ দিছে মনালিছাক। অভিনেতা অল্লু অর্জুনে দক্ষিণৰ ছবিত মনালিছাই অভিনয় কৰাটো বিচাৰিছে বুলিও বাতৰিত প্ৰকাশ। মনালিছাই অৱশ্যে ইতিমধ্যে তেওঁ নিজৰ ইউটিউব চেনেলো খুলিলে। মনালিছাই সদৰী কৰা অনুসৰি, কুম্ভমেলালৈ তেওঁ মালা বিক্ৰী কৰিবলৈ গৈছিল যদিও সকলোৱে তেওঁক চাবলৈহে ভিৰ কৰিছিল, মালা কিন্তু বিক্ৰী নহ'ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post