--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভমেলাত মালা বিক্ৰী কৰিবলৈ গৈ ভাইৰেল হোৱা মনালিছা ভোছলে নামৰ যুৱতীগৰাকীক লৈ সামাজিক মাধ্যমত চর্চা অব্যাহত আছে। 

শাৰীৰিক সৌন্দর্য বিশেষকৈ নীলা চকুযুৰিৰ বাবে ভাইৰেল হৈ পৰা ইণ্ডোৰৰ স্থায়ী বাসিন্দা মনালিছাই কুম্ভমেলাত বিভিন্ন ধৰণৰ মালা বিক্ৰী কৰিবলৈ উপস্থিত হৈছিল। কিন্তু মালাতকৈ চকুৰ সৌন্দৰ্যৰ কাৰণে তেওঁ সামাজিক মাধ্যমত বিগত কিছুদিন ধৰি যথেষ্ট চৰ্চিত হৈছে। 

অৱশ্যে পিতৃৰ নিৰ্দেশত ইতিমধ্যে ইণ্ডোৰলৈ প্ৰত্যাৱৰ্তন কৰিলে মনালিছাই। কিন্তু একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, মনালিছাক দক্ষিণ ভাৰতৰ ছবিত অভিনয়ৰ বাবে প্ৰস্তাৱ দিয়া হৈছে। 

একাংশ সংবাদ মাধ্যমে উল্লেখ কৰা অনুসৰি, বি সুকুমাৰে 'পুষ্পা-৩'ত অভিনয়ৰ প্ৰস্তাৱ দিছে মনালিছাক। অভিনেতা অল্লু অর্জুনে দক্ষিণৰ ছবিত মনালিছাই অভিনয় কৰাটো বিচাৰিছে বুলিও বাতৰিত প্ৰকাশ। মনালিছাই অৱশ্যে ইতিমধ্যে তেওঁ নিজৰ ইউটিউব চেনেলো খুলিলে। মনালিছাই সদৰী কৰা অনুসৰি, কুম্ভমেলালৈ তেওঁ মালা বিক্ৰী কৰিবলৈ গৈছিল যদিও সকলোৱে তেওঁক চাবলৈহে ভিৰ কৰিছিল, মালা কিন্তু বিক্ৰী নহ'ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement