--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ সম্পৰ্ক এটা চলি থাকোতে প্ৰেমিকে প্ৰেমিকাক সাবটি ধৰা বা চুমা খোৱাটো কোনো অপৰাধ নহয়। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই ৰায় দিয়ে। ন্যায়ালয়ে কয় যে প্ৰেমত পৰা যুৱক আৰু যুৱতীৰ মাজত আলিংগন আৰু চুমা খোৱাটো স্বাভাৱিক কথা। যৌন নিৰ্যাতনৰ অভিযোগ উঠা এজন যুৱকক সকাহ দি আদালতে এই মন্তব্য কৰিছে।

আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ আনন্দ ভেংকটেশে কয় যে, আই পি চিৰ ধাৰা ৩৫৪-এ (১) (i)ৰ অধীনত যৌন নিৰ্যাতনৰ অপৰাধ হ’বলৈ হলে যুৱকজনে যুৱতীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত থকা দুজন মানুহৰ মাজত সাৱটি ধৰা বা চুমা খোৱাটো একেবাৰে স্বাভাৱিক কথা। এয়া কোনো কাৰণতে অপৰাধ নহয়।

এগৰাকী যুৱতীয়ে অভিযোগ কৰি কৈছিল যে ২০২২ চনৰ ১৩ নৱেম্বৰত তেওঁ প্ৰেমিকক কোনো স্থানত লগ কৰিছিল। ইয়াৰ পিছত দুয়োৰে মাজত কথা-বতৰা হ’ল। ইয়াৰ মাজতে যুৱকজনে যুৱতীগৰাকীক সাবটি ধৰে আৰু চুম্বন কৰে। 

যুৱতীগৰাকীয়ে পিতৃ-মাতৃক এই ঘটনাৰ বিষয়ে অৱগত কৰে। ইয়াৰ পিছত যুৱকজনক যুৱতীগৰাকীক বিয়া কৰাবলৈ কোৱা হৈছিল যদিও যুৱকজনে নাকচ কৰিছিল। ইয়াৰ পিছতে যুৱতীগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে আদালতে যুৱকজনক নিৰ্দোষী বুলি ঘোষণা কৰে। আদালতে কয় যে উত্থাপিত অভিযোগ সঁচা কিন্তু যুৱকজনৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ ৰুজু কৰিব নোৱাৰিব। প্ৰেমৰ সম্পৰ্কত আলিংগন আৰু চুম্বন কেতিয়াও অপৰাধ নহয়। ইয়াত কোনো আইনী ব্যৱস্থাৰ প্ৰয়োজন নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ