--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ সম্পৰ্ক এটা চলি থাকোতে প্ৰেমিকে প্ৰেমিকাক সাবটি ধৰা বা চুমা খোৱাটো কোনো অপৰাধ নহয়। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই ৰায় দিয়ে। ন্যায়ালয়ে কয় যে প্ৰেমত পৰা যুৱক আৰু যুৱতীৰ মাজত আলিংগন আৰু চুমা খোৱাটো স্বাভাৱিক কথা। যৌন নিৰ্যাতনৰ অভিযোগ উঠা এজন যুৱকক সকাহ দি আদালতে এই মন্তব্য কৰিছে।

আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ আনন্দ ভেংকটেশে কয় যে, আই পি চিৰ ধাৰা ৩৫৪-এ (১) (i)ৰ অধীনত যৌন নিৰ্যাতনৰ অপৰাধ হ’বলৈ হলে যুৱকজনে যুৱতীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত থকা দুজন মানুহৰ মাজত সাৱটি ধৰা বা চুমা খোৱাটো একেবাৰে স্বাভাৱিক কথা। এয়া কোনো কাৰণতে অপৰাধ নহয়।

এগৰাকী যুৱতীয়ে অভিযোগ কৰি কৈছিল যে ২০২২ চনৰ ১৩ নৱেম্বৰত তেওঁ প্ৰেমিকক কোনো স্থানত লগ কৰিছিল। ইয়াৰ পিছত দুয়োৰে মাজত কথা-বতৰা হ’ল। ইয়াৰ মাজতে যুৱকজনে যুৱতীগৰাকীক সাবটি ধৰে আৰু চুম্বন কৰে। 

যুৱতীগৰাকীয়ে পিতৃ-মাতৃক এই ঘটনাৰ বিষয়ে অৱগত কৰে। ইয়াৰ পিছত যুৱকজনক যুৱতীগৰাকীক বিয়া কৰাবলৈ কোৱা হৈছিল যদিও যুৱকজনে নাকচ কৰিছিল। ইয়াৰ পিছতে যুৱতীগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে আদালতে যুৱকজনক নিৰ্দোষী বুলি ঘোষণা কৰে। আদালতে কয় যে উত্থাপিত অভিযোগ সঁচা কিন্তু যুৱকজনৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ ৰুজু কৰিব নোৱাৰিব। প্ৰেমৰ সম্পৰ্কত আলিংগন আৰু চুম্বন কেতিয়াও অপৰাধ নহয়। ইয়াত কোনো আইনী ব্যৱস্থাৰ প্ৰয়োজন নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে