--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ কাণ্ড। এগৰাকী গৰ্ভৱতী মহিলাক কঢ়িয়াই অনা এম্বুলেন্সত সংঘটিত হয় প্ৰচণ্ড বিস্ফোৰণ। প্ৰথমে এম্বুলেন্সত জুই লাগিছিল আৰু তাৰ পিছত বিস্ফোৰণ। এম্বুলেন্সত থকা অক্সিজেন চিলিণ্ডাৰ ফাটি যোৱাৰ ফলত এই বিস্ফোৰণ সংঘটিত হয়। এম্বুলেন্স চালকৰ বুদ্ধিমত্তাৰ বাবে জীৱন ৰক্ষা পৰিল গৰ্ভৱতী মহিলাগৰাকীৰ। 

এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ জলগাঁও চহৰত। ধন্যবাদৰ পাত্ৰ যে চালকৰ সজাগতাৰ বাবেই এম্বুলেন্সত থকা গৰ্ভৱতী মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ জীৱন ৰক্ষা পৰিল। এম্বুলেন্সৰ পৰা নামি অহাৰ লগে লগে কেইমিনিটমান পিছতে অক্সিজেন চিলিণ্ডাৰটো বিস্ফোৰণ হৈ গাড়ীখন বহু ওপৰলৈকে উৰি খণ্ড-বিখণ্ড হৈ যায়।

এম্বুলেন্সত অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণ হোৱা ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত দেখা গৈছে যে এম্বুলেন্সখনত জুই লাগি যোৱাৰ পিছত এক বৃহৎ বিস্ফোৰণ ঘটি এম্বুলেন্সখন খণ্ড-বিখণ্ড হৈ যোৱাৰ লগতে ওচৰৰ ঘৰবোৰৰ খিৰিকী ভাঙি গৈছিল। 

তথ্য অনুসৰি দাদা ৱাডী অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন উৰণ সেঁতুত সংঘটিত হৈছে এই ঘটনা। এখন এম্বুলেন্সে গৰ্ভৱতী মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালক এৰাণ্ডোল চৰকাৰী চিকিৎসালয়লৈ লৈ গৈ আছিল। এই সময়ছোৱাত চালকজনে এম্বুলেন্সখনৰ ইঞ্জিনৰ পৰা ধোঁৱা ওলোৱা দেখিলে।

কোনো পলম নকৰাকৈ চালকজনে এম্বুলেন্সখন পথৰ দাঁতিত ৰখাই গাড়ীখনৰ পৰা নামিল। লগতে তেওঁ এম্বুলেন্সত থকা গৰ্ভৱতী মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালক নামিবলৈ কয়, তাৰ পিছত গৰ্ভৱতী মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালেও এম্বুলেন্সৰ পৰা লৰালৰিকৈ নামি তাৰ পৰা আঁতৰি থিয় হয়।


সকলোৱে এম্বুলেন্সৰ পৰা নামি নিৰাপদ স্থান পোৱাৰ লগে লগেই এম্বুলেন্সত জুই লাগিল। অলপ সময়ৰ ভিতৰতে এম্বুলেন্সত ৰখা অক্সিজেন চিলিণ্ডাৰত ভয়ংকৰ বিস্ফোৰণ ঘটে, যাৰ ফলত গাড়ীখন টুকুৰা টুকুৰকৈ উৰি যায়।

সঁচাই ৰাখে হৰি মাৰে কোনে....

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post