--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ কাণ্ড। এগৰাকী গৰ্ভৱতী মহিলাক কঢ়িয়াই অনা এম্বুলেন্সত সংঘটিত হয় প্ৰচণ্ড বিস্ফোৰণ। প্ৰথমে এম্বুলেন্সত জুই লাগিছিল আৰু তাৰ পিছত বিস্ফোৰণ। এম্বুলেন্সত থকা অক্সিজেন চিলিণ্ডাৰ ফাটি যোৱাৰ ফলত এই বিস্ফোৰণ সংঘটিত হয়। এম্বুলেন্স চালকৰ বুদ্ধিমত্তাৰ বাবে জীৱন ৰক্ষা পৰিল গৰ্ভৱতী মহিলাগৰাকীৰ। 

এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ জলগাঁও চহৰত। ধন্যবাদৰ পাত্ৰ যে চালকৰ সজাগতাৰ বাবেই এম্বুলেন্সত থকা গৰ্ভৱতী মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ জীৱন ৰক্ষা পৰিল। এম্বুলেন্সৰ পৰা নামি অহাৰ লগে লগে কেইমিনিটমান পিছতে অক্সিজেন চিলিণ্ডাৰটো বিস্ফোৰণ হৈ গাড়ীখন বহু ওপৰলৈকে উৰি খণ্ড-বিখণ্ড হৈ যায়।

এম্বুলেন্সত অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণ হোৱা ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত দেখা গৈছে যে এম্বুলেন্সখনত জুই লাগি যোৱাৰ পিছত এক বৃহৎ বিস্ফোৰণ ঘটি এম্বুলেন্সখন খণ্ড-বিখণ্ড হৈ যোৱাৰ লগতে ওচৰৰ ঘৰবোৰৰ খিৰিকী ভাঙি গৈছিল। 

তথ্য অনুসৰি দাদা ৱাডী অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন উৰণ সেঁতুত সংঘটিত হৈছে এই ঘটনা। এখন এম্বুলেন্সে গৰ্ভৱতী মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালক এৰাণ্ডোল চৰকাৰী চিকিৎসালয়লৈ লৈ গৈ আছিল। এই সময়ছোৱাত চালকজনে এম্বুলেন্সখনৰ ইঞ্জিনৰ পৰা ধোঁৱা ওলোৱা দেখিলে।

কোনো পলম নকৰাকৈ চালকজনে এম্বুলেন্সখন পথৰ দাঁতিত ৰখাই গাড়ীখনৰ পৰা নামিল। লগতে তেওঁ এম্বুলেন্সত থকা গৰ্ভৱতী মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালক নামিবলৈ কয়, তাৰ পিছত গৰ্ভৱতী মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালেও এম্বুলেন্সৰ পৰা লৰালৰিকৈ নামি তাৰ পৰা আঁতৰি থিয় হয়।


সকলোৱে এম্বুলেন্সৰ পৰা নামি নিৰাপদ স্থান পোৱাৰ লগে লগেই এম্বুলেন্সত জুই লাগিল। অলপ সময়ৰ ভিতৰতে এম্বুলেন্সত ৰখা অক্সিজেন চিলিণ্ডাৰত ভয়ংকৰ বিস্ফোৰণ ঘটে, যাৰ ফলত গাড়ীখন টুকুৰা টুকুৰকৈ উৰি যায়।

সঁচাই ৰাখে হৰি মাৰে কোনে....

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ