--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনিও কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচনৰ সদস্য আৰু ইপিএফঅ’ৰ এটিএম কাৰ্ড আৰু মোবাইল এপ মুকলি কৰাৰ বাবে কৌতুহলী, তেন্তে ইয়াৰ সৈতে জড়িত সুখবৰ আপোনাৰ বাবে । কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মাণ্ডবিয়াই ইপিএফঅ’ এটিএম কাৰ্ড আৰু মোবাইল এপ মুকলিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে। মনসুখ মাণ্ডবিয়াই কয় যে চলিত বৰ্ষৰ মে’-জুন মাহৰ ভিতৰত এম্প্লয়ি প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচনৰ মোবাইল এপ আৰু ডেবিট কাৰ্ডৰ সুবিধা মুকলি কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইপিএফঅ’ ২.০ৰ অধীনত সমগ্ৰ আইটি ব্যৱস্থাটো উন্নীত কৰা হ’ব বুলিও অৱগত কৰে। ইয়াৰ কাম চলি আছে আৰু জানুৱাৰী মাহৰ শেষৰ ফালে ইয়াৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত ২০২৫ চনৰ মে’-জুনৰ ভিতৰত অৰ্থাৎ বছৰৰ মাজভাগলৈকে ইপিএফঅ’ ৩.০ এপ মুকলি কৰা হ’ব, যাৰ জৰিয়তে ইপিএফঅ’ৰ গ্ৰাহকসকলে বেংকিং সুবিধা লাভ কৰিব পাৰিব। বিশেষকৈ ইয়াৰ ফলত ইপিএফঅ’ৰ সমগ্ৰ ব্যৱস্থাটো কেন্দ্ৰীভূত হ’ব আৰু দাবী নিষ্পত্তি প্ৰক্ৰিয়াটো সহজ হৈ পৰিব।

শ্ৰম মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি ইপিএফঅ’ ৩.০ৰ জৰিয়তে কৰ্মচাৰী ভৱিষ্য পুঁজি সংস্থাৰ গ্ৰাহকসকলে যাতে দেশৰ যিকোনো ঠাইৰ পৰা বেংকিং সুবিধা লাভ কৰিব পাৰে তাৰ বাবে বিত্ত মন্ত্ৰালয় আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মাজত আলোচনা চলি আছে। ইয়াক কাৰ্যকৰী হোৱাৰ লগে লগে ইপিএফঅ’ৰ সদস্যসকলে ডেবিট কাৰ্ড লাভ কৰিব পাৰিব আৰু এটিএমৰ পৰা পিএফৰ ধন উলিয়াব পাৰিব।

এটা গুৰুত্বপূৰ্ণ কথা মনত ৰখাটো উচিত যে গ্ৰাহকে ইপিএফঅ’ এটিএম কাৰ্ডৰ জৰিয়তে নিজৰ সমগ্ৰ পিএফৰ ধন আৰু বৰঙণি উলিয়াবলৈ নোৱাৰিব। ইয়াৰ বাবে উলিওৱাৰ সীমা আৰোপ কৰা হ’ব যাতে ইপিএফঅ’ৰ সদস্যসকলে একেলগে সকলো ধন উলিয়াব নোৱাৰে। উল্লখ্য যে আপুনি এতিয়া ইপিএফঅ’ৰ পৰা পূৰ্বৰ দৰে অনুমতি লোৱাৰ প্ৰয়োজন নহ’ব, আনহাতে আগতে ইপিএফঅ’ৰ পৰা অনুমতি লোৱাটো প্ৰয়োজনীয় আছিল।

এই আপডেট আৰু পদক্ষেপসমূহৰ আটাইতকৈ ডাঙৰ লাভ হ’ব যে ই ইপিএফঅ’ৰ গ্ৰাহকসকলক বহু সকাহ প্ৰদান কৰিব আৰু তেওঁলোকে নিজৰ ধন উলিয়াবলৈ দীঘলীয়া ফৰ্ম পূৰণ কৰাৰ প্ৰয়োজন নহ’ব। ইয়াৰ বাহিৰেও তেওঁলোকে ইপিএফঅ’ৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা নাথাকিব ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement