--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিবাহ সকলোৰে জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ পৰ্যায়। ইয়াৰ ফলত দুজন মানুহৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ যায়। বহুতে নিজৰ বিয়াৰ আয়োজন কৰে আড়ম্বৰপূৰ্ণভাৱে। এই বিয়াবোৰত বহুত খৰচ হয়। গতিকে বহুতৰে সাধাৰণতে বিয়া পাতিবলৈও পৰ্যাপ্ত ধন নাথাকে।

ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰে এনে লোকক বিবাহৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে। উত্তৰ প্ৰদেশ চৰকাৰে নিজৰ ৰাজ্যৰ জনসাধাৰণক বিবাহৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে। চৰকাৰে কিমান হাজাৰ টকা আৰ্থিক সাহায্য প্ৰদান কৰে জানো আহক। আৰু ইয়াৰ লাভ কোনে কোনে পায়?

উত্তৰ প্ৰদেশ চৰকাৰে নিজৰ ৰাজ্যৰ নাগৰিকৰ বাবে বহু আঁচনি চলায়। ইউপিৰ জনসাধাৰনে লাভ কৰে বহু সুবিধা। বিবাহৰ বাবেও আৰ্থিক অনুদান প্ৰদান কৰে ইউ পি চৰকাৰে। শেহতীয়াকৈ চৰকাৰে আৰম্ভ কৰিছে ছাদি অনুধন নামৰ নতুন আঁচনি। এই আঁচনিৰ অধীনত চৰকাৰে প্ৰদান কৰে ২০ হাজাৰকৈ টকা।

উত্তৰ প্ৰদেশ চৰকাৰৰ ছাদি অনুধন যোজনাৰ অধীনত ২০ হাজাৰ টকাৰ আৰ্থিক অনুদান উপলব্ধ। অনুধন যোজনাৰ লাভ ৰাজ্যৰ পিছপৰা শ্ৰেণীৰ দৰিদ্ৰ লোকসকলক কন্যাৰ বিবাহৰ বাবে আৰ্থিক সাহায্য দিয়া হয়। ইয়াৰ বাবে চৰকাৰে কিছুমান যোগ্যতাৰ মাপকাঠী নিৰ্ধাৰণ কৰিছে। আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ বাৰ্ষিক আয় ১ লাখ টকাতকৈ কম হ’ব লাগে।

আঁচনিখনৰ বাবে আবেদন কৰিবলৈ ইয়াৰ অফিচিয়েল ৱেবছাইট http://shadianudan.upsdc.gov.in যাব লাগিব। ইয়াৰ পিছত পৰ্টেলত অনুৰোধ কৰা সকলো তথ্য প্ৰৱেশ কৰিব লাগিব। তেতিয়া আপোনাৰ আধাৰৰ লগত লিংক কৰা মোবাইলত পোৱা OTP আহিব। ইয়াত প্ৰৱেশ কৰিব লাগিব। তাৰ পিছত আয় আৰু জাতি প্ৰমাণ পত্ৰৰ তথ্য দিব লাগিব। ইয়াৰ পিছত, উপযুক্ত কৰ্তৃপক্ষই ই-জিলা চাৰ্ভাৰৰ যোগেদি আপোনাৰ এপ্লিকেচন পৰীক্ষা কৰে আৰু ইয়াক আগবঢ়ায়। ইয়াৰ পিছত অনুদান মুকলি কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post