--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিবাহ সকলোৰে জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ পৰ্যায়। ইয়াৰ ফলত দুজন মানুহৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ যায়। বহুতে নিজৰ বিয়াৰ আয়োজন কৰে আড়ম্বৰপূৰ্ণভাৱে। এই বিয়াবোৰত বহুত খৰচ হয়। গতিকে বহুতৰে সাধাৰণতে বিয়া পাতিবলৈও পৰ্যাপ্ত ধন নাথাকে।

ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰে এনে লোকক বিবাহৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে। উত্তৰ প্ৰদেশ চৰকাৰে নিজৰ ৰাজ্যৰ জনসাধাৰণক বিবাহৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে। চৰকাৰে কিমান হাজাৰ টকা আৰ্থিক সাহায্য প্ৰদান কৰে জানো আহক। আৰু ইয়াৰ লাভ কোনে কোনে পায়?

উত্তৰ প্ৰদেশ চৰকাৰে নিজৰ ৰাজ্যৰ নাগৰিকৰ বাবে বহু আঁচনি চলায়। ইউপিৰ জনসাধাৰনে লাভ কৰে বহু সুবিধা। বিবাহৰ বাবেও আৰ্থিক অনুদান প্ৰদান কৰে ইউ পি চৰকাৰে। শেহতীয়াকৈ চৰকাৰে আৰম্ভ কৰিছে ছাদি অনুধন নামৰ নতুন আঁচনি। এই আঁচনিৰ অধীনত চৰকাৰে প্ৰদান কৰে ২০ হাজাৰকৈ টকা।

উত্তৰ প্ৰদেশ চৰকাৰৰ ছাদি অনুধন যোজনাৰ অধীনত ২০ হাজাৰ টকাৰ আৰ্থিক অনুদান উপলব্ধ। অনুধন যোজনাৰ লাভ ৰাজ্যৰ পিছপৰা শ্ৰেণীৰ দৰিদ্ৰ লোকসকলক কন্যাৰ বিবাহৰ বাবে আৰ্থিক সাহায্য দিয়া হয়। ইয়াৰ বাবে চৰকাৰে কিছুমান যোগ্যতাৰ মাপকাঠী নিৰ্ধাৰণ কৰিছে। আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ বাৰ্ষিক আয় ১ লাখ টকাতকৈ কম হ’ব লাগে।

আঁচনিখনৰ বাবে আবেদন কৰিবলৈ ইয়াৰ অফিচিয়েল ৱেবছাইট http://shadianudan.upsdc.gov.in যাব লাগিব। ইয়াৰ পিছত পৰ্টেলত অনুৰোধ কৰা সকলো তথ্য প্ৰৱেশ কৰিব লাগিব। তেতিয়া আপোনাৰ আধাৰৰ লগত লিংক কৰা মোবাইলত পোৱা OTP আহিব। ইয়াত প্ৰৱেশ কৰিব লাগিব। তাৰ পিছত আয় আৰু জাতি প্ৰমাণ পত্ৰৰ তথ্য দিব লাগিব। ইয়াৰ পিছত, উপযুক্ত কৰ্তৃপক্ষই ই-জিলা চাৰ্ভাৰৰ যোগেদি আপোনাৰ এপ্লিকেচন পৰীক্ষা কৰে আৰু ইয়াক আগবঢ়ায়। ইয়াৰ পিছত অনুদান মুকলি কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ