--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেউতাকৰ লগত পাহাৰ বগোৱাৰ হাবিয়াসে সলনি কৰিলে এগৰাকী কণ্যাৰ জীৱন। ১৭ বছৰ বয়সত পিতৃৰ সৈতে এন্টাৰ্কটিকাৰ মাউণ্ট ভিনছনৰ শিখৰত ভৰি দি গঢ়িলে বিশ্ব ৰেকৰ্ড৷ বিশ্বৰ আটাইতকৈ কম বয়সীয়া মহিলা হিচাপে সাতখন মহাদেশৰ সাত শৃংগ জয় কৰা সৰ্বকনিষ্ঠ মহিলা হিচাপে পৰিগণিত হয় কাম্যা৷  

অভিলেখ সৃষ্টিকাৰী কিশোৰীগৰাকীৰ নাম কাম্য কাৰ্তিকেয়ন। মুম্বাইৰ বাসিন্দা কাম্যা ভাৰতীয় নৌসেনাৰ শিশু বিদ্যালয়ৰ ছাত্ৰী।তেওঁৰ পিতৃ এছ কাৰ্তিকেয়ানে ভাৰতীয় নৌসেনাত কমাণ্ডাৰ পদত কৰ্মৰত। পিতৃৰ হাতত ধৰি ১৩ বছৰ বয়সতে পৰ্বতাৰোহণৰ জগতখনত ভৰি দিছিল কাম্যাই। তেতিয়াৰ পৰাই ইটোৰ পিছত সিটো নিদৰ্শন দাঙি ধৰিছে কাম্যাই। ২০১৭ আফ্ৰিকাৰ মাউণ্ট কিলিমাঞ্জাৰো(৫৮৯৫ মিটাৰ) আৰোহণ কৰিছিল। তেতিয়াৰ পৰাই কাম্যাই চেভেন পিকছ জয় কৰাৰ সপোন দেখিবলৈ আৰম্ভ কৰে। ২০২০ চনত দক্ষিণ আমেৰিকাৰ মাউণ্ট একনকাগুয়া(৬৯৬১ মিটাৰ) জয় কৰা বিশ্বৰ আটাইতকৈ কম বয়সীয়া মহিলা হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত চলিত বৰ্ষৰ মে’ মাহত বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট (৮৮৪৮ মিটাৰ)জয় কৰে। সেই সময়ত ১৬ বছৰীয়া কাম্যাই নেপালৰ পৰা এভাৰেষ্ট আৰোহণ কৰা আটাইতকৈ কম বয়সীয়া মহিলা হিচাপে এক নজিৰ গঢ়ি তুলিছিল। অৱশ্যে অন্ধ্ৰ প্ৰদেশৰ ১৩ বছৰীয়া পূৰ্ণ মালবাটৰ হাতত তিব্বতৰ ফালৰ পৰা এভাৰেষ্ট আৰোহণ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তিৰ অভিলেখৰ আধিকাৰী। উল্লেখযোগ্য যে নেপালত ট্ৰেকিংৰ বাবে নূন্যতম বয়স ১৬ বছৰ৷

ইয়াৰ পিছত ৫৬৪২ মিটাৰ উচ্চতাৰ ইউৰোপৰ মাউণ্ট এলব্ৰাছ, অষ্ট্ৰেলিয়াৰ মাউণ্ট কোচিয়াজকো (২২২৮ মিটাৰ), উত্তৰ আমেৰিকাৰ মাউণ্ট ডেনালি (৬১৯৪ মিটাৰ)ত এটা এটাকৈ  জয় কৰে। ২৪ ডিচেম্বৰৰ পুৱা কাম্যাই এন্টাৰ্কটিকাৰ  ৪৮৯২ মিটাৰ উচ্চতাৰ মাউণ্ট ভিনছনৰ শিখৰত ভৰি দি সাতখন মহাদেশ ভ্ৰমণৰ অন্ত পেলায়। 

কাম্যাই সফলতাৰ পাছত মত প্ৰকাশ কৰি কয় এতিয়াও বিশ্বাস কৰিব পৰা নাই! শৈশৱৰ পৰাই সপোন দেখিছিল সপ্ত শৃংগ জয়ী হোৱাৰ। সাত বছৰ ধৰি মই নিজকে প্ৰস্তুত কৰিছিলো। প্ৰতিটো শৃংগই সাহস আৰু সহনশীলতাৰ পাঠ শিকাইছে। আশাকৰোঁ মোৰ কাহিনীয়ে আনকো অনুপ্ৰাণিত কৰিব। পিতা-পুত্ৰীৰ এই সফলতাত ভাৰতীয় নৌসেনাই দুয়োকে অভিনন্দন জনোৱাৰ লগতে। নৌসেনাৰ এক বিবৃতিত এই বিজয় কেৱল নৌসেনাৰ বাবেই নহয়, ভাৰতৰ বাবেও গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে

কাম্যৰ সফলতাৰ বিষয়ে শুনি এভাৰেষ্ট আৰু সপ্তশৃংগ বিজয়ী বঙালী পৰ্বতাৰোহী সত্যৰূপ সিদ্ধান্তে কয়, ইমান কম বয়সতে এই নিদৰ্শন দাঙি ধৰাটো সঁচাকৈয়ে অবিশ্বাস্য!নতুন প্ৰজন্মৰ পৰ্বতাৰোহীসকলক দেখি দুঃসাহসিক ক্ৰীড়াক আগুৱাই নিয়াৰ দায়িত্ব সঠিক হাতত আছে বুলি উল্লেখ কৰে৷ উল্লেখযোগ্য যে সত্যৰূপ সিদ্ধান্তে ২০১৯ চনত ৩৫ বছৰ ৯ মাহ বয়সত এই অভিলেখ গঢ়িছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?