--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেউতাকৰ লগত পাহাৰ বগোৱাৰ হাবিয়াসে সলনি কৰিলে এগৰাকী কণ্যাৰ জীৱন। ১৭ বছৰ বয়সত পিতৃৰ সৈতে এন্টাৰ্কটিকাৰ মাউণ্ট ভিনছনৰ শিখৰত ভৰি দি গঢ়িলে বিশ্ব ৰেকৰ্ড৷ বিশ্বৰ আটাইতকৈ কম বয়সীয়া মহিলা হিচাপে সাতখন মহাদেশৰ সাত শৃংগ জয় কৰা সৰ্বকনিষ্ঠ মহিলা হিচাপে পৰিগণিত হয় কাম্যা৷  

অভিলেখ সৃষ্টিকাৰী কিশোৰীগৰাকীৰ নাম কাম্য কাৰ্তিকেয়ন। মুম্বাইৰ বাসিন্দা কাম্যা ভাৰতীয় নৌসেনাৰ শিশু বিদ্যালয়ৰ ছাত্ৰী।তেওঁৰ পিতৃ এছ কাৰ্তিকেয়ানে ভাৰতীয় নৌসেনাত কমাণ্ডাৰ পদত কৰ্মৰত। পিতৃৰ হাতত ধৰি ১৩ বছৰ বয়সতে পৰ্বতাৰোহণৰ জগতখনত ভৰি দিছিল কাম্যাই। তেতিয়াৰ পৰাই ইটোৰ পিছত সিটো নিদৰ্শন দাঙি ধৰিছে কাম্যাই। ২০১৭ আফ্ৰিকাৰ মাউণ্ট কিলিমাঞ্জাৰো(৫৮৯৫ মিটাৰ) আৰোহণ কৰিছিল। তেতিয়াৰ পৰাই কাম্যাই চেভেন পিকছ জয় কৰাৰ সপোন দেখিবলৈ আৰম্ভ কৰে। ২০২০ চনত দক্ষিণ আমেৰিকাৰ মাউণ্ট একনকাগুয়া(৬৯৬১ মিটাৰ) জয় কৰা বিশ্বৰ আটাইতকৈ কম বয়সীয়া মহিলা হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত চলিত বৰ্ষৰ মে’ মাহত বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট (৮৮৪৮ মিটাৰ)জয় কৰে। সেই সময়ত ১৬ বছৰীয়া কাম্যাই নেপালৰ পৰা এভাৰেষ্ট আৰোহণ কৰা আটাইতকৈ কম বয়সীয়া মহিলা হিচাপে এক নজিৰ গঢ়ি তুলিছিল। অৱশ্যে অন্ধ্ৰ প্ৰদেশৰ ১৩ বছৰীয়া পূৰ্ণ মালবাটৰ হাতত তিব্বতৰ ফালৰ পৰা এভাৰেষ্ট আৰোহণ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তিৰ অভিলেখৰ আধিকাৰী। উল্লেখযোগ্য যে নেপালত ট্ৰেকিংৰ বাবে নূন্যতম বয়স ১৬ বছৰ৷

ইয়াৰ পিছত ৫৬৪২ মিটাৰ উচ্চতাৰ ইউৰোপৰ মাউণ্ট এলব্ৰাছ, অষ্ট্ৰেলিয়াৰ মাউণ্ট কোচিয়াজকো (২২২৮ মিটাৰ), উত্তৰ আমেৰিকাৰ মাউণ্ট ডেনালি (৬১৯৪ মিটাৰ)ত এটা এটাকৈ  জয় কৰে। ২৪ ডিচেম্বৰৰ পুৱা কাম্যাই এন্টাৰ্কটিকাৰ  ৪৮৯২ মিটাৰ উচ্চতাৰ মাউণ্ট ভিনছনৰ শিখৰত ভৰি দি সাতখন মহাদেশ ভ্ৰমণৰ অন্ত পেলায়। 

কাম্যাই সফলতাৰ পাছত মত প্ৰকাশ কৰি কয় এতিয়াও বিশ্বাস কৰিব পৰা নাই! শৈশৱৰ পৰাই সপোন দেখিছিল সপ্ত শৃংগ জয়ী হোৱাৰ। সাত বছৰ ধৰি মই নিজকে প্ৰস্তুত কৰিছিলো। প্ৰতিটো শৃংগই সাহস আৰু সহনশীলতাৰ পাঠ শিকাইছে। আশাকৰোঁ মোৰ কাহিনীয়ে আনকো অনুপ্ৰাণিত কৰিব। পিতা-পুত্ৰীৰ এই সফলতাত ভাৰতীয় নৌসেনাই দুয়োকে অভিনন্দন জনোৱাৰ লগতে। নৌসেনাৰ এক বিবৃতিত এই বিজয় কেৱল নৌসেনাৰ বাবেই নহয়, ভাৰতৰ বাবেও গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে

কাম্যৰ সফলতাৰ বিষয়ে শুনি এভাৰেষ্ট আৰু সপ্তশৃংগ বিজয়ী বঙালী পৰ্বতাৰোহী সত্যৰূপ সিদ্ধান্তে কয়, ইমান কম বয়সতে এই নিদৰ্শন দাঙি ধৰাটো সঁচাকৈয়ে অবিশ্বাস্য!নতুন প্ৰজন্মৰ পৰ্বতাৰোহীসকলক দেখি দুঃসাহসিক ক্ৰীড়াক আগুৱাই নিয়াৰ দায়িত্ব সঠিক হাতত আছে বুলি উল্লেখ কৰে৷ উল্লেখযোগ্য যে সত্যৰূপ সিদ্ধান্তে ২০১৯ চনত ৩৫ বছৰ ৯ মাহ বয়সত এই অভিলেখ গঢ়িছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ