--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ গাজিয়াবাদত পোহৰলৈ আহিছে এক আশ্চৰ্যজনক ঘটনা৷ জানিব পৰা মতে বৰষুণৰ সময়ত বজ্ৰপাতৰ বাবে পথাৰত এটা গাঁতৰ সৃষ্টি হৈছিল আৰু সেই গাঁতত শিৱলিংগ দেখা গৈছিল। বজ্ৰপাতৰ পিছত শিৱলিংগ দেখা পোৱাৰ খবৰে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইয়াৰ লগে লগে সেই স্থানত মানুহে পূজা আৰম্ভ কৰে আৰু তেওঁলোকে ইয়াক এক ঐশ্বৰিক অনুষ্ঠান হিচাপে গণ্য কৰিছে।

গাজিয়াবাদৰ মুছুৰী থানা এলেকাৰ গাঁও মুবাৰিকপুৰ দাসনা অঞ্চলত এই আশ্বৰ্যকৰ ঘটনাটো সংঘটিত হৈছে। বজ্ৰপাতৰ বাবে পথাৰত স্বয়ংক্ৰিয়ভাৱে সৃষ্টি হোৱা ৮-১০ ফুট দ গাঁতত এটা প্ৰাচীন শিৱলিংগ দেখিবলৈ পোৱা যায়। এই গাঁতটো চাবলৈ মানুহ আহি তেওঁলোকে এই দৃশ্য দেখিল আচৰিত হৈ পৰে।  ইয়াৰ পিছতে সেই স্থানত বৃহৎ সংখ্যক লোক সমবেত হয়।

গাঁওখনৰ ৰাইজে জনোৱা মতে, পথাৰত বজ্ৰপাতৰ ফলত সৃষ্টি হোৱা গাঁতটোত এটা শিৱলিংগ উদ্ধাৰ কৰা হৈছে। গাঁৱৰ মানুহে বিশ্বাস কৰে যে এইটো এটা ঐশ্বৰিক পৰিঘটনা। পথাৰৰ পৰা শিৱলিংগ উলিয়াই পূজা কৰি ওচৰৰ মন্দিৰত স্থাপন কৰিছে  বুলি জানিব পৰা গৈছে। সেই স্থানত এতিয়া স্থানীয় ৰাইজে শিৱ মন্দিৰ নিৰ্মাণৰ কথা কৈছে। পথাৰত উদ্ধাৰ হোৱা শিৱলিংগত তিনিটা শাৰী থকা ত্ৰিপুণ্ড চিহ্ন আছে। পথাৰৰ গাঁতত শিৱলিংগ পোৱাৰ লগে লগে ইয়াৰ মানুহবোৰ বৰ উৎফুল্লিত হৈ পৰে আৰু মহিলাসকলেও ভজন আৰু কীৰ্তন কৰে। খেতিৰ গৰাকীয়েও কয় যে তেওঁ নিজৰ খেতিৰ মাটি মন্দিৰ নিৰ্মাণৰ বাবে প্ৰদান কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post