--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে দেশৰ বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে বিভিন্ন ধৰণৰ আঁচনি আনে। দেশৰ কোটি কোটি জনসাধাৰণে চৰকাৰৰ আঁচনি সমূহৰ সুবিধা লয়। দেশৰ কৃষকৰ জনসংখ্যা যথেষ্ট বেছি। সেয়ে কৃষকৰ বাবেও চৰকাৰে বহু ধৰনৰ আঁচনি ৰূপায়ন কৰে।

PM Kisan Yojana: 17th Installment To Be Released Soon - Here's How To  Complete E-KYC | Times Now

সমগ্ৰ দেশৰ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে চৰকাৰে ২০১৮ চনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আৰম্ভ কৰিছিল। এই আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে কৃষকসকলক বছৰি ৬ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে।এই আঁচনিখনত চৰকাৰে প্ৰতি ৪ মাহৰ ব্যৱধানত ডিবিটিৰ জৰিয়তে পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ ২০০০ টকাৰ মুঠ তিনিটা কিস্তি প্ৰেৰণ কৰে। বৰ্তমানলৈকে দেশৰ ১৩ কোটিৰো অধিক কৃষকে এই আঁচনিৰ সুবিধা লাভ কৰিছে।

এতিয়া আপোনালোকৰ মনলৈ হয়তো প্ৰশ্ন আহিছে যে এই আঁচনিৰ সুবিধা এখন ঘৰৰ দুজন সদস্যই অৰ্থাৎ পতি-পত্নী উভয়ে লাভ কৰিব পাৰিবনে ? তেন্তে উত্তৰটো হ’ল নোৱাৰে। ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত কৃষক পৰিয়ালৰ এজন সদস্যকহে এই আঁচনিৰ অধীনত সুবিধা প্ৰদান কৰিব পাৰিব। আৰু ইয়াৰ মতে স্বামী-স্ত্ৰী একেটা পৰিয়ালৰ অংশ। এনে পৰিস্থিতিত দুয়োজনে এই সুবিধা লাভ কৰিব নোৱাৰে।

একেদৰে যদি দুজন ভাতৃ পৰিয়ালত থাকে। গতিকে দুয়োজনে এই সুবিধা লাভ কৰিব নোৱাৰিব। অৱশ্যে যদি দুয়োজন ভাতৃয়ে পৃথকে পৃথকে থাকে আৰু দুয়োৰে সুকীয়া পৰিয়াল থাকে। তেতিয়া দুয়োজনে বেলেগকৈ এই আঁচনিৰ সুবিধাৰ সুফল পাব পাৰে।

প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত খেতিযোগ্য ভূমি থকা মাটিধাৰী কৃষক পৰিয়ালে সুবিধা লাভৰ যোগ্য। লগতে ২ হেক্টৰ পৰ্যন্ত মাটি থকা ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকে এই সুবিধা লাভ কৰে। এই আঁচনিৰ অধীনত দৰিদ্ৰ কৃষকক আৰ্থিক সাহায্য প্ৰদান কৰাটোৱেই হৈছে চৰকাৰৰ মূল উদ্দেশ্য।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ