--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে দেশৰ বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে বিভিন্ন ধৰণৰ আঁচনি আনে। দেশৰ কোটি কোটি জনসাধাৰণে চৰকাৰৰ আঁচনি সমূহৰ সুবিধা লয়। দেশৰ কৃষকৰ জনসংখ্যা যথেষ্ট বেছি। সেয়ে কৃষকৰ বাবেও চৰকাৰে বহু ধৰনৰ আঁচনি ৰূপায়ন কৰে।

PM Kisan Yojana: 17th Installment To Be Released Soon - Here's How To  Complete E-KYC | Times Now

সমগ্ৰ দেশৰ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে চৰকাৰে ২০১৮ চনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আৰম্ভ কৰিছিল। এই আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে কৃষকসকলক বছৰি ৬ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে।এই আঁচনিখনত চৰকাৰে প্ৰতি ৪ মাহৰ ব্যৱধানত ডিবিটিৰ জৰিয়তে পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ ২০০০ টকাৰ মুঠ তিনিটা কিস্তি প্ৰেৰণ কৰে। বৰ্তমানলৈকে দেশৰ ১৩ কোটিৰো অধিক কৃষকে এই আঁচনিৰ সুবিধা লাভ কৰিছে।

এতিয়া আপোনালোকৰ মনলৈ হয়তো প্ৰশ্ন আহিছে যে এই আঁচনিৰ সুবিধা এখন ঘৰৰ দুজন সদস্যই অৰ্থাৎ পতি-পত্নী উভয়ে লাভ কৰিব পাৰিবনে ? তেন্তে উত্তৰটো হ’ল নোৱাৰে। ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত কৃষক পৰিয়ালৰ এজন সদস্যকহে এই আঁচনিৰ অধীনত সুবিধা প্ৰদান কৰিব পাৰিব। আৰু ইয়াৰ মতে স্বামী-স্ত্ৰী একেটা পৰিয়ালৰ অংশ। এনে পৰিস্থিতিত দুয়োজনে এই সুবিধা লাভ কৰিব নোৱাৰে।

একেদৰে যদি দুজন ভাতৃ পৰিয়ালত থাকে। গতিকে দুয়োজনে এই সুবিধা লাভ কৰিব নোৱাৰিব। অৱশ্যে যদি দুয়োজন ভাতৃয়ে পৃথকে পৃথকে থাকে আৰু দুয়োৰে সুকীয়া পৰিয়াল থাকে। তেতিয়া দুয়োজনে বেলেগকৈ এই আঁচনিৰ সুবিধাৰ সুফল পাব পাৰে।

প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত খেতিযোগ্য ভূমি থকা মাটিধাৰী কৃষক পৰিয়ালে সুবিধা লাভৰ যোগ্য। লগতে ২ হেক্টৰ পৰ্যন্ত মাটি থকা ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকে এই সুবিধা লাভ কৰে। এই আঁচনিৰ অধীনত দৰিদ্ৰ কৃষকক আৰ্থিক সাহায্য প্ৰদান কৰাটোৱেই হৈছে চৰকাৰৰ মূল উদ্দেশ্য।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে