--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পেট্ৰ’ল-ডিজেলৰ জুই চাই দামবৃদ্ধিত ক্ষোভিত দেশবাসী! শতকৰ ঘৰ পাৰ হোৱা পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্য ই এতিয়া যেন পৰা কৰিব সকলো সীমা৷ ৰাজ্যত কেতিয়াবা যদি চৰকাৰ বিৰোধী শ্ল’গান, আন কেতিয়াবা আকৌ চাইকেল চলায় অভিনৱ প্ৰতিবাদ৷ তথাপি যেন ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই প্ৰতিবাদৰ কণ্ঠই৷ মুঠতে পেট্ৰ’ল-ডিজেলৰ দামবৃদ্ধিত জৰ্জৰিত হৈ পৰিছে জনতা৷

এইবাৰ মধ্যপ্রদেশত সৰ্বাধিক হৈছে পেট্র’ল-ডিজেলৰ দাম। মধ্যপ্রদেশত আজি প্ৰতিলিটাৰ পেট্র’লৰ মূল্য হ’লগৈ ১২০টকা, ডিজেলত ১০৯টকা অতিক্রম৷ দিল্লীতো পেট্র’লৰ ১০৮ টকা অতিক্রম৷ মহাৰাষ্ট্রত পেট্র’লে ১১৭টকা অতিক্রম কৰে৷ সেই একে ছবি অসমতো দেখাবলৈ পোৱা গৈছে৷

ৰাজ্যখনৰ মাজুলীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৭ টকা হ’লগৈ৷ গুৱাহাটীত পেট্ৰ’লৰ দাম ১০৪.৬৫ টকা৷ আনহাতে, গুৱাহাটীতো ডিজেলৰ দাম ৯৭.২৪ টকা৷ ডিজেলৰ দামেও শতকৰ ঘৰ স্পৰ্শ কৰাৰ দিশে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত