--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘পুষ্পা’ৰ জ্বৰত আক্ৰান্ত চলচ্চিত্ৰপ্ৰেমী। এতিয়া ছবিঘৰে ছবিঘৰে, মানুহৰ মুখে মুখে,ভিতৰে বাহিৰে কেবল এটাই নাম পুষ্পা,পুষ্পা আৰু পুষ্পা। অতি কম সময়ৰ ভিতৰতে ছবিখনে শ্ৰোতা-দৰ্শকৰ হৃদয়ত স্থান পাবলৈ সক্ষম হৈছে। কেৱল তেলেগু ভাষাতে নহয়। আল্লু অৰ্জুনৰ ছবি 'পুষ্পা: দ্য ৰাইজ'-এ হিন্দী ভাষাতো সফলতাৰ চূড়া স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। স্মৰ্তব্য যে, ছবিখন হিন্দীৰ লগতে, তামিল, মালায়ালম আৰু কানাড়া ভাষাতো ডাব কৰা হৈছে। বাণিজ্য বিশ্লেষক ৰমেশ বালাই টুইট কৰি কয় যে, হিন্দীত ডাব কৰা 'পুষ্পা: দ্য ৰাইজ' ছবিখনে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। মুঠ ৫টা ভাষাত ডাব কৰা ছবিখনে ছবিগৃহত সমানে সমাদৰ লাভ কৰিছে।‘ ছবিখনে ভাৰতত মুঠ ৩১৯ কোটি টকাৰ ব্যৱসায় কৰিছে। বিদেশত ছবিখনে লাভ কৰিছে ৩৫ কোটি। সৰ্বমুঠ ৩৫৪ কোটি। কৰনা মহামাৰী চলাকালীন সময়ত ৩০০ কোটিৰ সীমা অতিক্ৰম কৰা 'পুষ্পা'ই একমাত্ৰ ছবিৰূপে বিবেচিত হৈছে। ৰমেশ বালাই টুইটত লিখিছে, ‘ এই ছবিখনৰ পাছত আল্লুৱে অন্য এক কৃতিত্ব অৰ্জন কৰিছে। কেৱল হিন্দীভাষাতে ছবিখনে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছে।‘ ইয়াৰ পূৰ্বে জনপ্ৰিয় ছুপাৰষ্টাৰ প্ৰভাস আৰু ৰজনীকান্তৰহে তলিকাত নাম আছিল বুলিও সদৰী কৰে ৰমেশ বালাই। ছবিখনৰ যাত্ৰাৰ ইয়াতে সামৰণি পৰা নাই। পৰিচালক সুকুমাৰে ইতিমধ্যে দ্বিতীয় ছিকুৱেলছৰ কথা ঘোষণা কৰিছেই। দ্বিতীয় খণ্ড আহিব 'পুষ্পা: দ্য ৰুল' নামেৰে। প্ৰথম খণ্ডটোতকৈ দ্বিতীয় খণ্ডটো আৰু অধিক আকৰ্ষণীয় হব বুলি জনাইছে আল্লু অৰ্জুনে। মন কৰিবলগীয়া যে, আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনাই আকৌ এবাৰ ৰঙা চন্দন কাঠৰ চোৰাং ব্যৱসায়ী ‘পুষ্পাৰাজ’ৰ কাহিনীৰে দৰ্শকক মোহাচ্ছন্ন কৰিবলৈ সাজু হৈছে। সামান্থা প্ৰভুৱে সেই ছবিখনতো 'ইউ অন্তাভা'ৰ দৰে গীতত নৃত্য কৰাৰ সুযোগ পাব নে নাই সেয়া সময়তহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু