--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘পুষ্পা’ৰ জ্বৰত আক্ৰান্ত চলচ্চিত্ৰপ্ৰেমী। এতিয়া ছবিঘৰে ছবিঘৰে, মানুহৰ মুখে মুখে,ভিতৰে বাহিৰে কেবল এটাই নাম পুষ্পা,পুষ্পা আৰু পুষ্পা। অতি কম সময়ৰ ভিতৰতে ছবিখনে শ্ৰোতা-দৰ্শকৰ হৃদয়ত স্থান পাবলৈ সক্ষম হৈছে। কেৱল তেলেগু ভাষাতে নহয়। আল্লু অৰ্জুনৰ ছবি 'পুষ্পা: দ্য ৰাইজ'-এ হিন্দী ভাষাতো সফলতাৰ চূড়া স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। স্মৰ্তব্য যে, ছবিখন হিন্দীৰ লগতে, তামিল, মালায়ালম আৰু কানাড়া ভাষাতো ডাব কৰা হৈছে। বাণিজ্য বিশ্লেষক ৰমেশ বালাই টুইট কৰি কয় যে, হিন্দীত ডাব কৰা 'পুষ্পা: দ্য ৰাইজ' ছবিখনে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। মুঠ ৫টা ভাষাত ডাব কৰা ছবিখনে ছবিগৃহত সমানে সমাদৰ লাভ কৰিছে।‘ ছবিখনে ভাৰতত মুঠ ৩১৯ কোটি টকাৰ ব্যৱসায় কৰিছে। বিদেশত ছবিখনে লাভ কৰিছে ৩৫ কোটি। সৰ্বমুঠ ৩৫৪ কোটি। কৰনা মহামাৰী চলাকালীন সময়ত ৩০০ কোটিৰ সীমা অতিক্ৰম কৰা 'পুষ্পা'ই একমাত্ৰ ছবিৰূপে বিবেচিত হৈছে। ৰমেশ বালাই টুইটত লিখিছে, ‘ এই ছবিখনৰ পাছত আল্লুৱে অন্য এক কৃতিত্ব অৰ্জন কৰিছে। কেৱল হিন্দীভাষাতে ছবিখনে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছে।‘ ইয়াৰ পূৰ্বে জনপ্ৰিয় ছুপাৰষ্টাৰ প্ৰভাস আৰু ৰজনীকান্তৰহে তলিকাত নাম আছিল বুলিও সদৰী কৰে ৰমেশ বালাই। ছবিখনৰ যাত্ৰাৰ ইয়াতে সামৰণি পৰা নাই। পৰিচালক সুকুমাৰে ইতিমধ্যে দ্বিতীয় ছিকুৱেলছৰ কথা ঘোষণা কৰিছেই। দ্বিতীয় খণ্ড আহিব 'পুষ্পা: দ্য ৰুল' নামেৰে। প্ৰথম খণ্ডটোতকৈ দ্বিতীয় খণ্ডটো আৰু অধিক আকৰ্ষণীয় হব বুলি জনাইছে আল্লু অৰ্জুনে। মন কৰিবলগীয়া যে, আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনাই আকৌ এবাৰ ৰঙা চন্দন কাঠৰ চোৰাং ব্যৱসায়ী ‘পুষ্পাৰাজ’ৰ কাহিনীৰে দৰ্শকক মোহাচ্ছন্ন কৰিবলৈ সাজু হৈছে। সামান্থা প্ৰভুৱে সেই ছবিখনতো 'ইউ অন্তাভা'ৰ দৰে গীতত নৃত্য কৰাৰ সুযোগ পাব নে নাই সেয়া সময়তহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি