--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড আৰু কাপুৰ পৰিয়াল ইটো মুদ্ৰাৰ যেন ইপিঠি-সিপিঠি। কাপুৰ পৰিয়ালক লৈ দৰ্শকৰ কৌতুহলৰ অন্ত নাই। ৰণবীৰ কাপুৰৰ পৰা কৰীণা কাপুৰলৈকে প্ৰত্যেকৰে সৰু বৰ যিকোনো পদক্ষেপৰ বিষয়ে জানিবলৈ আশাপালি ৰৈ থাকে তেওঁলোকৰ অনুৰাগী। এইবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কৰিশ্মা কাপুৰ। সম্প্ৰতি মুম্বাইৰ সংবাদ মাধ্যমৰ সৈতে মন খুলি কথা পাতিছে কৰিশ্মা কাপুৰে। মনৰ পুঞ্জীভূত বেদনা মুকলিকৈ প্ৰকাশ কৰিছে কৰিশ্মাই। এইবাৰ বলীউড অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বিবাহ আৰু বিচ্ছেদৰ বিষয়ে কৰিছে মুকলি মন্তব্য কৰিছে। দীৰ্ঘবিৰতিৰ মূৰত বিবাহৰ ১৩ বছৰৰ পাছত কিয় বিচ্ছেদৰ পথ বাচি ল’বলগীয়া হৈছিল সেই সকলোবোৰ কথা কৈ গৈছে কৰিশ্মা কাপুৰে। কৰিশ্মাই কয়, ‘বিবাহৰ পিছদিনাৰ পৰাই মোৰ স্বামী সঞ্জয় কাপুৰ আৰু শহুৰৰ ঘৰৰ সকলোৱে মোক মানসিকভাৱে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল।’ কেৱল সেয়াই নহয়। মধুচন্দ্রিমাৰ নিশা সঞ্জয় কাপুৰে তেওঁৰ বন্ধুৰ শয্যাসংগী হোৱাৰ প্ৰস্তাৱ দিছিল বুলিও কয় কৰিশ্মাই। স্বামী সঞ্জয়ে কেৱল এই ভয়ংকৰ প্ৰস্তাৱটো দিয়েই ক্ষান্ত হোৱা নাছিল। তেওঁৰ বন্ধুৰ সৈতে কৰিশ্মাৰ মূল্যও নিৰ্ধাৰণ কৰিছিল বুলি কয় অভিনেত্ৰীগৰাকীয়ে। সঞ্জয়ৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি নজনোৱা বাবে কৰিশ্মাৰ ওপৰত শাৰিৰীক অত্যাচাৰ চলাইছিল বুলিও অভিযোগ কৰিশ্মা কাপুৰৰ।কৰিশ্মাৰে সঞ্জয়ে বিবাহৰ পাছতো তেওঁৰ আগৰ পত্নীৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল বুলি কয় তেওঁ। কৰিশ্মাই কয়, ‘তেওঁলোকৰ নিয়মীয়া শাৰীৰিক সম্পৰ্ক আছিল। এই সম্পৰ্কৰ বিৰুদ্ধে কথা ক’বলৈ গ’লেই সঞ্জয়ে মোক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল।’ স্মৰ্তব্য যে, ২০১৬ চনত সন্তানৰ কথা ভাবিয়েই কৰিশ্মাই দিল্লীৰ পৰা মুম্বাইলৈ যোৱাৰ সিদ্ধান্ত লয় আৰু বিবাহ বিচ্ছেদৰ আনুষ্ঠানিক ঘোষণা কৰে। কৰিশ্মাৰ স্বামীৰ বিষয়ে মুম্বাইৰ আন এক সংবাদ মাধ্যমত ৰণধীৰ কাপুৰে কয়, ‘সঞ্জয় এজন অতি নিম্ন শ্ৰেণীৰ ব্যক্তি আছিল। হিংস্ৰ স্বভাৱৰ বাহিৰে তেওঁৰ একো গুণেই নাছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু