--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড আৰু কাপুৰ পৰিয়াল ইটো মুদ্ৰাৰ যেন ইপিঠি-সিপিঠি। কাপুৰ পৰিয়ালক লৈ দৰ্শকৰ কৌতুহলৰ অন্ত নাই। ৰণবীৰ কাপুৰৰ পৰা কৰীণা কাপুৰলৈকে প্ৰত্যেকৰে সৰু বৰ যিকোনো পদক্ষেপৰ বিষয়ে জানিবলৈ আশাপালি ৰৈ থাকে তেওঁলোকৰ অনুৰাগী। এইবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কৰিশ্মা কাপুৰ। সম্প্ৰতি মুম্বাইৰ সংবাদ মাধ্যমৰ সৈতে মন খুলি কথা পাতিছে কৰিশ্মা কাপুৰে। মনৰ পুঞ্জীভূত বেদনা মুকলিকৈ প্ৰকাশ কৰিছে কৰিশ্মাই। এইবাৰ বলীউড অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বিবাহ আৰু বিচ্ছেদৰ বিষয়ে কৰিছে মুকলি মন্তব্য কৰিছে। দীৰ্ঘবিৰতিৰ মূৰত বিবাহৰ ১৩ বছৰৰ পাছত কিয় বিচ্ছেদৰ পথ বাচি ল’বলগীয়া হৈছিল সেই সকলোবোৰ কথা কৈ গৈছে কৰিশ্মা কাপুৰে। কৰিশ্মাই কয়, ‘বিবাহৰ পিছদিনাৰ পৰাই মোৰ স্বামী সঞ্জয় কাপুৰ আৰু শহুৰৰ ঘৰৰ সকলোৱে মোক মানসিকভাৱে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল।’ কেৱল সেয়াই নহয়। মধুচন্দ্রিমাৰ নিশা সঞ্জয় কাপুৰে তেওঁৰ বন্ধুৰ শয্যাসংগী হোৱাৰ প্ৰস্তাৱ দিছিল বুলিও কয় কৰিশ্মাই। স্বামী সঞ্জয়ে কেৱল এই ভয়ংকৰ প্ৰস্তাৱটো দিয়েই ক্ষান্ত হোৱা নাছিল। তেওঁৰ বন্ধুৰ সৈতে কৰিশ্মাৰ মূল্যও নিৰ্ধাৰণ কৰিছিল বুলি কয় অভিনেত্ৰীগৰাকীয়ে। সঞ্জয়ৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি নজনোৱা বাবে কৰিশ্মাৰ ওপৰত শাৰিৰীক অত্যাচাৰ চলাইছিল বুলিও অভিযোগ কৰিশ্মা কাপুৰৰ।কৰিশ্মাৰে সঞ্জয়ে বিবাহৰ পাছতো তেওঁৰ আগৰ পত্নীৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল বুলি কয় তেওঁ। কৰিশ্মাই কয়, ‘তেওঁলোকৰ নিয়মীয়া শাৰীৰিক সম্পৰ্ক আছিল। এই সম্পৰ্কৰ বিৰুদ্ধে কথা ক’বলৈ গ’লেই সঞ্জয়ে মোক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল।’ স্মৰ্তব্য যে, ২০১৬ চনত সন্তানৰ কথা ভাবিয়েই কৰিশ্মাই দিল্লীৰ পৰা মুম্বাইলৈ যোৱাৰ সিদ্ধান্ত লয় আৰু বিবাহ বিচ্ছেদৰ আনুষ্ঠানিক ঘোষণা কৰে। কৰিশ্মাৰ স্বামীৰ বিষয়ে মুম্বাইৰ আন এক সংবাদ মাধ্যমত ৰণধীৰ কাপুৰে কয়, ‘সঞ্জয় এজন অতি নিম্ন শ্ৰেণীৰ ব্যক্তি আছিল। হিংস্ৰ স্বভাৱৰ বাহিৰে তেওঁৰ একো গুণেই নাছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ