--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰভু হনুমান হিন্দু ধৰ্মৰ এগৰাকী উল্লেখযোগ্য দেৱতা। সমগ্ৰ বিশ্বজুৰি অনেক হনুমানভক্ত আছে। মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামৰ শ্ৰেষ্ঠ সেৱক তথা পৰম ভক্ত হিচাপে সৰ্বজন বিদিত প্ৰভু হনুমান। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বহু দেশত তেওঁক পূজা কৰা হয়। তেওঁ অতুলনীয় শক্তিৰ অধিকাৰী। তেওঁৰ অংগবোৰ বজ্ৰৰ দৰে কঠিন আৰু শক্তিশালী। তেওঁক ‘বজ্ৰাংগ’ নাম দিয়া হৈছিল যিটো সাধাৰণ ভাষাত ‘বজৰং’ হৈ পৰিছিল। বজৰংবলী কেৱল গদাধাৰী মহাযোদ্ধা নহয়, তেওঁৰ আশ্বৰ্যকৰ আৰু বহুমুখী মানসিক আৰু তীক্ষ্ণ বৌদ্ধিক গুণো আছে। 
When is Hanuman Jayanti 2024: Get to know the date, timings, mythological  origin, puja vidhi, and more | When Is News - The Indian Express
প্ৰজ্ঞা, জ্ঞান, শক্তি, বীৰত্ব, সংযম, সেৱা, নিষ্ঠা, নেতৃত্ব, সমৃদ্ধি ইত্যাদি অসাধাৰণ গুণেৰে চহকী হোৱাৰ পাছতো প্ৰভু হনুমানৰ তিলমানো অহংকাৰ নাই। মঙলবাৰে পৱনপুত্ৰ হনুমান জীৰ জন্ম হোৱা বুলি বিশ্বাস কৰা হয়, যাৰ বাবে মঙলবাৰৰ দিনটো হনুমানৰ নামত উৎসৰ্গিত। 

চিৰঞ্জীৱী হনুমানক পৱনপুত্ৰ বুলি কোৱা হয়। শিশু অৱস্থাত এবাৰ হনুমান জীক শুৱাই দিয়াৰ পাছত মাতৃ অঞ্জনী ঘৰৰ কামত ব্যস্ত হৈ পৰিল। হনুমানজীয়ে সাৰ পোৱাৰ পাছতে ভোক লাগিল। তেওঁ আকাশলৈ চাই দেখিলে জিলিকি থকা সূৰ্যক। সূৰ্যক মিঠা ফল বুলি ভাবি আকাশলৈ উৰা মাৰিলে হনুমান আৰু সূৰ্যটো তেওঁ গিলি পেলালে। সেই সময়ত সূৰ্যগ্ৰহণ চলি আছিল। সূৰ্য্যৰ এই গতি অনুভৱ কৰি ৰাহুৱে দেৱৰাজ ইন্দ্ৰৰ ওচৰলৈ গৈ গোটেই ঘটনাটো ক’লে। তেতিয়া দেৱৰাজ ইন্দ্ৰই দেখিলে যে কণমানি হনুমানে সূৰ্য্যক গিলিবলৈ ধৰিছে আৰু সমগ্ৰ পৃথিৱীত সৃষ্টি হৈছে বিশৃংখলতাৰ।
Hanuman's Hungry Adventure: When Hanuman Tried to Eat the Sun – Laddoo
কথা বিষম দেখি ইন্দ্ৰই বজ্ৰৰে আঘাত কৰে হনুমানক। বজ্ৰৰ আঘাতৰ বাবে সূৰ্য হনুমানৰ মুখৰ পৰা মুক্ত হৈ পৰিল আৰু হনুমান জী অচেতন হৈ পৰিল। পুত্ৰক অচেতন হোৱা দেখি পৱন দেৱতা ক্ষোভিত হৈ পৰিল আৰু তেতিয়া পৱন দেৱতাই বায়ুৰ গতি বন্ধ কৰি দিলে যাৰ ফলত সমগ্ৰ বিশ্বতে বায়ু পৰিসঞ্চালন বন্ধ হৈ গ’ল আৰু সকলো জীৱৰ মৃত্যু হ’বলৈ ধৰিলে।
Graphic India's 'The Legend of Hanuman' to return to Disney+ Hotstar for  season three -
জীৱজগতৰ এই হাহাকাৰ দেখি দেৱলোকত হাহাকাৰৰ সৃষ্টি হ'ল। তাৰপাছত দেৱৰাজ ইন্দ্ৰকে ধৰি সকলো দেৱতা ভগৱান ব্ৰহ্মাৰ ওচৰলৈ গ’ল। ইয়াৰ পিছত ব্ৰহ্মাকে ধৰি সকলো দেৱতাই পৱন দেৱৰ ওচৰলৈ গৈ বায়ুৰ পৰিসঞ্চালন আৰম্ভ কৰিবলৈ অনুৰোধ জনালে আৰু হনুমান জীক বল, শক্তি, বুদ্ধি, পৰাক্ৰম আৰু দীৰ্ঘায়ু জীৱনেৰে অমৰ হ’বলৈ বৰদান দিয়ে। লগে লগে প্ৰভু হনুমানে পুনৰ নতুন জীৱন লাভ কৰে আৰু পৱন দেৱতাই বায়ুৰ সঞ্চালন কৰাত মানুহকে ধৰি সকলো জীৱৰে প্ৰাণৰক্ষা পৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ