--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰ অনুসৰি কেতিয়াবা গ্ৰহৰ মিলনে সৃষ্টি কৰে বিৰল ঘটনা- পৰিঘটনাৰ।সেয়েহে জ্যোতিষশাস্ত্ৰৰ মতে জানুৱাৰী মাহত সূৰ্য্য আৰু বুধৰ বৃহৎ মিলন হ'বলৈ গৈ আছে। সূৰ্য্য আৰু বুধৰ সংমিশ্ৰণে বুধাদিত্য নামৰ ৰাজযোগৰ সৃষ্টি কৰিব। ২০২৫ চনৰ প্ৰথম ভাগতে গঠন হ'বলগীয়া এই ৰাজযোগে কিছু ৰাশিৰ লোকক শুভ ফল প্ৰদান কৰিব। কোনকেইটা ৰাশিত বুধাদিত্য ৰাজযোগে শুভ ফল প্ৰদান কৰি ভাগ্য সলনি কৰিব পাৰে জানো আহক।

বৃষ ৰাশি-
জ্যোতিষশাস্ত্ৰৰ মতে ২০২৫ৰ প্ৰথম ভাগতেই গঠিত বুধাদিত্য ৰাজযোগ বৃষ ৰাশিৰ বাবে অতি বিশেষ। সূৰ্য্য আৰু বুধৰ এই ৰাজযোগে বৃষ ৰাশিৰ লোকসকলক শুভফল প্ৰদান কৰিব। সপোনবোৰ বাস্তৱায়িত কৰিব পাৰিব, পৰিয়ালৰ মাজৰ সম্পৰ্কত মধুৰতা থাকিব, বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব, আয়ৰ নতুন নতুন উৎস গঢ় লৈ উঠিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে ভাল ফলাফল দেখুওৱাব পাৰিব।

কন্যা ৰাশি-
কন্যা ৰাশিৰ জাতক-জাতিকাৰ বাবেও বুধাদিত্য ৰাজযোগ শুভ বুলিব পাৰি। ৰাজযোগৰ শুভ প্ৰভাৱৰ বাবে সামাজিক ক্ষেত্ৰত সন্মান বাঢ়িব। বিষয়াসকলৰ পৰা সহযোগিতা আৰু সমৰ্থন লাভ কৰিব। কিছু ভাল খবৰ লাভ কৰিব পাৰে, ব্যৱসায়ত জড়িতসকলৰ অৰ্থনৈতিক উন্নতিৰ সম্ভাৱনাৰ লগতে হঠাৎ আৰ্থিক লাভৰ যোগো পৰিলক্ষিত হয়।

তুলা ৰাশি-
তুলা ৰাশিৰ লোকসকলে ২০২৫ চনৰ জানুৱাৰী মাহত চাকৰি আৰু ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব।তদুপৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ সৈতে জড়িতসকলে ভাল ফলাফল লাভ কৰিব। আৰ্থিক অৱস্থা আগতকৈ উন্নত হ'ব। কৰ্মক্ষেত্ৰত প্ৰভাৱ বৃদ্ধি পাব। ব্যৱসায়ীসকলে বিনিয়োগৰ পৰা উন্নত ফল লাভ কৰিব। ব্যৱসায় কৰাসকলে আৰ্থিক বিষয়ত যথেষ্ট সফলতা লাভ কৰিব। কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে বন্ধুত্ব গঢ় লৈ উঠিব পাৰে।

মীন ৰাশি-
বুধাদিত্য ৰাজযোগে মীন ৰাশিৰ লোকসকলৰ বাবেও ভাল বুলিব পাৰি। জানুৱাৰী মাহৰ আৰম্ভণিতে কিছু গুৰুত্বপূৰ্ণ কাম কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত অৰ্থনৈতিকভাৱে অগ্ৰগতি লাভ কৰিব। কৰ্মস্থলীত নিয়োজিত লোকে ভাল উপহাৰ লাভ কৰিব পাৰে। ভাগ্য আপোনাৰ পক্ষত থাকিব। কৰ্মক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ কাম সমাধা হ'ব। বিনিয়োগৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা প্ৰকট।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন