--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰ অনুসৰি কেতিয়াবা গ্ৰহৰ মিলনে সৃষ্টি কৰে বিৰল ঘটনা- পৰিঘটনাৰ।সেয়েহে জ্যোতিষশাস্ত্ৰৰ মতে জানুৱাৰী মাহত সূৰ্য্য আৰু বুধৰ বৃহৎ মিলন হ'বলৈ গৈ আছে। সূৰ্য্য আৰু বুধৰ সংমিশ্ৰণে বুধাদিত্য নামৰ ৰাজযোগৰ সৃষ্টি কৰিব। ২০২৫ চনৰ প্ৰথম ভাগতে গঠন হ'বলগীয়া এই ৰাজযোগে কিছু ৰাশিৰ লোকক শুভ ফল প্ৰদান কৰিব। কোনকেইটা ৰাশিত বুধাদিত্য ৰাজযোগে শুভ ফল প্ৰদান কৰি ভাগ্য সলনি কৰিব পাৰে জানো আহক।

বৃষ ৰাশি-
জ্যোতিষশাস্ত্ৰৰ মতে ২০২৫ৰ প্ৰথম ভাগতেই গঠিত বুধাদিত্য ৰাজযোগ বৃষ ৰাশিৰ বাবে অতি বিশেষ। সূৰ্য্য আৰু বুধৰ এই ৰাজযোগে বৃষ ৰাশিৰ লোকসকলক শুভফল প্ৰদান কৰিব। সপোনবোৰ বাস্তৱায়িত কৰিব পাৰিব, পৰিয়ালৰ মাজৰ সম্পৰ্কত মধুৰতা থাকিব, বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব, আয়ৰ নতুন নতুন উৎস গঢ় লৈ উঠিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে ভাল ফলাফল দেখুওৱাব পাৰিব।

কন্যা ৰাশি-
কন্যা ৰাশিৰ জাতক-জাতিকাৰ বাবেও বুধাদিত্য ৰাজযোগ শুভ বুলিব পাৰি। ৰাজযোগৰ শুভ প্ৰভাৱৰ বাবে সামাজিক ক্ষেত্ৰত সন্মান বাঢ়িব। বিষয়াসকলৰ পৰা সহযোগিতা আৰু সমৰ্থন লাভ কৰিব। কিছু ভাল খবৰ লাভ কৰিব পাৰে, ব্যৱসায়ত জড়িতসকলৰ অৰ্থনৈতিক উন্নতিৰ সম্ভাৱনাৰ লগতে হঠাৎ আৰ্থিক লাভৰ যোগো পৰিলক্ষিত হয়।

তুলা ৰাশি-
তুলা ৰাশিৰ লোকসকলে ২০২৫ চনৰ জানুৱাৰী মাহত চাকৰি আৰু ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব।তদুপৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ সৈতে জড়িতসকলে ভাল ফলাফল লাভ কৰিব। আৰ্থিক অৱস্থা আগতকৈ উন্নত হ'ব। কৰ্মক্ষেত্ৰত প্ৰভাৱ বৃদ্ধি পাব। ব্যৱসায়ীসকলে বিনিয়োগৰ পৰা উন্নত ফল লাভ কৰিব। ব্যৱসায় কৰাসকলে আৰ্থিক বিষয়ত যথেষ্ট সফলতা লাভ কৰিব। কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে বন্ধুত্ব গঢ় লৈ উঠিব পাৰে।

মীন ৰাশি-
বুধাদিত্য ৰাজযোগে মীন ৰাশিৰ লোকসকলৰ বাবেও ভাল বুলিব পাৰি। জানুৱাৰী মাহৰ আৰম্ভণিতে কিছু গুৰুত্বপূৰ্ণ কাম কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত অৰ্থনৈতিকভাৱে অগ্ৰগতি লাভ কৰিব। কৰ্মস্থলীত নিয়োজিত লোকে ভাল উপহাৰ লাভ কৰিব পাৰে। ভাগ্য আপোনাৰ পক্ষত থাকিব। কৰ্মক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ কাম সমাধা হ'ব। বিনিয়োগৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা প্ৰকট।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ