--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনৈতিক উদ্দেশ্য আগত ৰাখিয়েই হওঁক বা আন কোনো কাৰণতে হওঁক, ঋণ ৰেহাই দিয়াৰ নামত কেন্দ্ৰীয় চৰকাৰৰ খৰচ হৈছে প্ৰায় ২৫ লাখ কোটি টকা।  মোদী চৰকাৰৰ দুটা কাৰ্যকালত ঋণ ৰেহাই দিয়াৰ নামত ৰাজহুৱা খণ্ডত ২৫  লাখ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰ ফলত বৃহৎ হেঁচা পৰিছে দেশৰ ৰাজকোষত। 

তথ্য জনাৰ  অধিকাৰ আইনৰ (আৰটিআই) অধীনত দাখিল কৰা এখন আবেদনৰ উত্তৰ দি  ৰিজাৰ্ভ বেঙ্কে এই তথ্য প্ৰদান কৰিছে।চুৰাটৰ  সমাজকৰ্মী সঞ্জয় ইৱাজাই তথ্য জনাৰ  অধিকাৰ আইনৰ (আৰটিআই) অধীনত চৰকাৰে ঋণ ৰেহাইৰ নামত কিমান ধন খৰচ কৰিছে সেয়া জানিব বিচাৰিছিল। তেওঁ জানিব বিচাৰিছিল যে ঋণ ৰেহাই দিয়াৰ নামত  কেন্দ্ৰই কিমান ৰাজহ হেৰুৱাইছে। সেই আবেদনৰ পিছতে  এই সত্যটো পোহৰলৈ আহে। 

২০১৪ চনত মোদী চৰকাৰ প্ৰথমে শাসনলৈ অহাৰ পিছত চৰকাৰ খনে  এই বৃহৎ ব্যয় কৰিছে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ৰাজ্যিক মালিকানাধীন বেংকসমূহৰ জৰিয়তে ১০.৪১ লাখ কোটি টকাৰ ঋণ ৰেহাই দিয়া হৈছে।আৰু এই তথ্য প্ৰকাশ হোৱাৰ পিছত, প্ৰশ্ন উত্থাপন  হৈছেইমান বৃহৎ মাত্ৰাত ঋণ ৰেহাই দিয়া হৈছে কিয়? 

এনেদৰে ঋণ ৰেহাই  দিয়াৰ ফলত কোন বেছি লাভাৱান্বিত হৈছে? বিশেষকৈ বৃহৎ বণিক গোষ্ঠীয়েই যদি ঋণ ৰেহাইৰ সুবিধা লাভ কৰিছে তেন্তে দেশৰ সাধাৰণ শ্ৰেণীৰ জনতা এনে ব্যৱস্থাৰ দ্বাৰা মুঠেও উপকৃত হোৱা নাই বুলিও বহুতে মন্তব্য কৰিছে। 

বহুতে লগতে এইবুলিও কৈছে যে বৃহৎ বণিকগোষ্ঠীক ঋণ ৰেহাই দিয়াৰ কথা মুঠেও নুই কৰিব নোৱাৰি। অৱশ্যে ৰিজাৰ্ভ বেংকৰ উত্তৰত এতিয়ালৈকে কাক কাক ঋণ ৰেহাই দিয়া হৈছে সেই বিষয়ত কোনো কথা উল্লেখ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ