--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনৈতিক উদ্দেশ্য আগত ৰাখিয়েই হওঁক বা আন কোনো কাৰণতে হওঁক, ঋণ ৰেহাই দিয়াৰ নামত কেন্দ্ৰীয় চৰকাৰৰ খৰচ হৈছে প্ৰায় ২৫ লাখ কোটি টকা।  মোদী চৰকাৰৰ দুটা কাৰ্যকালত ঋণ ৰেহাই দিয়াৰ নামত ৰাজহুৱা খণ্ডত ২৫  লাখ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰ ফলত বৃহৎ হেঁচা পৰিছে দেশৰ ৰাজকোষত। 

তথ্য জনাৰ  অধিকাৰ আইনৰ (আৰটিআই) অধীনত দাখিল কৰা এখন আবেদনৰ উত্তৰ দি  ৰিজাৰ্ভ বেঙ্কে এই তথ্য প্ৰদান কৰিছে।চুৰাটৰ  সমাজকৰ্মী সঞ্জয় ইৱাজাই তথ্য জনাৰ  অধিকাৰ আইনৰ (আৰটিআই) অধীনত চৰকাৰে ঋণ ৰেহাইৰ নামত কিমান ধন খৰচ কৰিছে সেয়া জানিব বিচাৰিছিল। তেওঁ জানিব বিচাৰিছিল যে ঋণ ৰেহাই দিয়াৰ নামত  কেন্দ্ৰই কিমান ৰাজহ হেৰুৱাইছে। সেই আবেদনৰ পিছতে  এই সত্যটো পোহৰলৈ আহে। 

২০১৪ চনত মোদী চৰকাৰ প্ৰথমে শাসনলৈ অহাৰ পিছত চৰকাৰ খনে  এই বৃহৎ ব্যয় কৰিছে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ৰাজ্যিক মালিকানাধীন বেংকসমূহৰ জৰিয়তে ১০.৪১ লাখ কোটি টকাৰ ঋণ ৰেহাই দিয়া হৈছে।আৰু এই তথ্য প্ৰকাশ হোৱাৰ পিছত, প্ৰশ্ন উত্থাপন  হৈছেইমান বৃহৎ মাত্ৰাত ঋণ ৰেহাই দিয়া হৈছে কিয়? 

এনেদৰে ঋণ ৰেহাই  দিয়াৰ ফলত কোন বেছি লাভাৱান্বিত হৈছে? বিশেষকৈ বৃহৎ বণিক গোষ্ঠীয়েই যদি ঋণ ৰেহাইৰ সুবিধা লাভ কৰিছে তেন্তে দেশৰ সাধাৰণ শ্ৰেণীৰ জনতা এনে ব্যৱস্থাৰ দ্বাৰা মুঠেও উপকৃত হোৱা নাই বুলিও বহুতে মন্তব্য কৰিছে। 

বহুতে লগতে এইবুলিও কৈছে যে বৃহৎ বণিকগোষ্ঠীক ঋণ ৰেহাই দিয়াৰ কথা মুঠেও নুই কৰিব নোৱাৰি। অৱশ্যে ৰিজাৰ্ভ বেংকৰ উত্তৰত এতিয়ালৈকে কাক কাক ঋণ ৰেহাই দিয়া হৈছে সেই বিষয়ত কোনো কথা উল্লেখ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত