--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অদম্য পৰিশ্ৰম, সততা আৰু গ্ৰাহকৰ আস্থাই অতি কম সময়ৰ ভিতৰতে তেওঁৰ ব্যৱসায়ৰ পৰিসৰ বহু গুণ বৃদ্ধি কৰিছে। বর্তমান ৰূপালী চেতিয়া দহোটীয়াৰ হাতত মুঠ চাৰিটা কুঁহিয়াৰ ৰস উলিওৱা মেচিন আছে।

ডিজিটেল ডেস্ক: ৰাজ্যজুৰি অব্যাহত থকা প্ৰচণ্ড গৰমৰ মাজত পথচাৰীৰ বাবে এক গিলাচ সতেজ কুঁহিয়াৰ ৰসে যেন মুহূৰ্ততে স্বস্তি কঢ়িয়াই আনে। এনে সময়তে তিনিচুকীয়া জিলাৰ মাকুমৰ ডিগবৈ পথত বন বিভাগৰ নাহৰ ভৱনৰ সন্মুখত গছৰ ছাঁত কুঁহিয়াৰৰ ৰস আৰু নাৰিকলৰ পানী বিক্ৰী কৰি কেৱল নিজৰ জীৱিকাই নহয়, আন বহু মহিলাৰ জীৱনতো আত্মনিৰ্ভৰশীলতাৰ বাট মুকলি কৰিছে ৰূপালী চেতিয়া দহোটীয়াই। প্রায় ডেৰ বছৰ পূৰ্বে মাত্র ১৫ হাজাৰ টকা ধাৰলৈ লৈ আৰম্ভ কৰা এই সৰু ব্যৱসায়টোৱে আজি এক সফল উদ্যোগৰ ৰূপ লৈছে। আৰম্ভণিতে আর্থিক সংকটৰ বাবে ধাৰ কৰা টকাৰে এটা কুঁহিয়াৰ ৰস উলিওৱা মেচিন ক্ৰয় কৰি ব্যৱসায় আৰম্ভ কৰিছিল ৰূপালীয়ে। 


অদম্য পৰিশ্ৰম, সততা আৰু গ্ৰাহকৰ আস্থাই অতি কম সময়ৰ ভিতৰতে তেওঁৰ ব্যৱসায়ৰ পৰিসৰ বহু গুণ বৃদ্ধি কৰিছে। বর্তমান ৰূপালী চেতিয়া দহোটীয়াৰ হাতত মুঠ চাৰিটা কুঁহিয়াৰ ৰস উলিওৱা মেচিন আছে। ইয়াৰে এটা মাকুমত তেওঁ নিজে চলায়, আন এটা মাকুমতে পৰিয়ালৰ লোকে পৰিচালনা কৰে। বাকী দুটা মেচিনৰ এটা বৰডুমচা আৰু আনটো ডিগবৈত ভাৰাত দি অতিৰিক্ত উপাৰ্জনৰ পথ সৃষ্টি কৰিছে। 


গৰমৰ বতৰত প্ৰতিদিনে প্রায় ৮০ৰ পৰা ১০০ কিল'গ্রাম পর্যন্ত কুঁহিয়াৰৰ ৰস বিক্ৰী হয় বুলি জানিবলৈ দিয়ে ৰূপালীয়ে। তেওঁৰ বিপণীত সদায় গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয়। গ্ৰাহকৰ মতে, পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশ, উন্নত মান আৰু আন্তৰিক ব্যৱহাৰৰ বাবেই ৰূপালীৰ কুঁহিয়াৰৰ ৰসে বিশেষ জনপ্রিয়তা লাভ কৰিছে। কেৱল নিজৰ ব্যৱসায়তে সীমাবদ্ধ নাথাকি ৰূপালী চেতিয়া দহোটীয়াই আন মহিলাসকলকো স্বাৱলম্বী হোৱাৰ বাবে উৎসাহিত কৰি আহিছে। ইতিমধ্যে দহগৰাকীতকৈও অধিক মহিলাক কুঁহিয়াৰৰ ৰসৰ ব্যৱসায় আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়া, মেচিন ক্রয়ত সহযোগিতা কৰা আৰু ব্যৱসায়ৰ উপযোগী স্থান নির্বাচনত সহায় আগবঢ়াইছে। 


তেওঁৰ এই পদক্ষেপে বহু মহিলাৰ বাবে আত্মসংস্থাপনৰ নতুন দিশ মুকলি কৰিছে। নিজৰ সফলতাৰ বিষয়ে ৰূপালী চেতিয়া দহোটীয়াই কয়, 'প্রথমতে টকাৰ অসুবিধাৰ বাবে ১৫ হাজাৰ টকা ধাৰলৈ লৈ মেচিনটো কিনিছিলোঁ। এটা মেচিনৰ পৰাই আৰম্ভ হৈছিল যাত্রা। এতিয়া মুঠ চাৰিটা মেচিন হৈছে যদিও এটা বর্তমান মেৰামতিৰ বাবে দিয়া আছে। এতিয়া সকলো বস্তুৰ দাম বৃদ্ধি পাইছে। এজনৰ উপাৰ্জনেৰে পৰিয়াল চলোৱা সহজ নহয়। এই ব্যৱসায়ৰ পৰা হোৱা আয়েৰেই দুয়োটা সন্তানক হোষ্টেলত ৰাখি পঢুৱাইছোঁ। সেয়ে মই বিচাৰোঁ অধিক সংখ্যক মহিলা এইধৰণৰ আত্মসংস্থাপনৰ কামত আগবাঢ়ি আহক। মহিলাসকলে সামান্য উপার্জন কৰিলেও পৰিয়ালৰ আৰ্থিক দায়িত্ব ভাগ-বতৰা কৰাত যথেষ্ট সহায় হয়।' 


এগৰাকী স্থানীয় মহিলাই কয়, 'ৰূপালী এগৰাকী অতি খোলা মনৰ আৰু সহায়প্ৰৱণ মহিলা। তেওঁ নিজৰ ব্যৱসায়ৰ সফলতাতেই সীমাবদ্ধ নাথাকি আন মহিলাসকলকো আগবঢ়াই নিবলৈ সদায় চেষ্টা কৰে। তেওঁৰ কৰ্মস্পৃহা, ব্যৱহাৰ আৰু সাহসে বহু মহিলাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।' মাত্ৰ ডেৰ বছৰৰ ভিতৰতে ধাৰ কৰা ১৫ হাজাৰ টকাৰ পৰা আৰম্ভ কৰা সৰু ব্যৱসায়ক সফল উদ্যোগলৈ ৰূপান্তৰিত কৰি ৰূপালী চেতিয়া দহোটীয়াই প্রমাণ কৰিছে যে দৃঢ় ইচ্ছা শক্তি, পৰিশ্ৰম আৰু আত্মবিশ্বাস থাকিলে যিকোনো প্রত্যাহ্বান অতিক্রম কৰি স্বাৱলম্বী হ'ব পাৰি। নিজৰ সফলতাৰ সমান্তৰালভাৱে আন মহিলাসকলকো আত্মনিৰ্ভৰশীলতাৰ পথ দেখুওৱাৰ বাবে ৰূপালী চেতিয়া দহোটীয়া এতিয়া অঞ্চলটোৰ বহু মহিলাৰ বাবে আদর্শ হিচাপে পৰিগণিত হৈছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান