--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাচলিত ধনিয়া দিয়াটো এক অভ্যাস যাৰ অবিহনে আঞ্জাৰ সোৱাদ অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। ধনিয়াই কেৱল পাচলিৰ সোৱাদ বৃদ্ধি কৰাই নহয়, স্বাস্থ্য সুন্দৰ কৰি ৰখাটো সহায় কৰিব পাৰে। কাৰণ খাদ্যৰ তালিকাত সদায় ব্যৱহাৰ কৰিব পৰা ধনিয়াৰ পাতৰ আছে বহুতো উপকাৰী গুণ। জানো আহক ধনিয়া পাতত থকা ৫টা লাভালাভৰ বিষয়ে। সেউজীয়া ধনিয়াত ভিটামিন এ, বি, চি, কে, কেলচিয়াম, ফছফৰাছ, পটাছিয়াম, ছডিয়াম আৰু মেগনেছিয়ামৰ দৰে পুষ্টি থাকে। এই পুষ্টিবোৰে আমাৰ শৰীৰক সুস্থ কৰি ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। ১. যকৃত ৰোগত ধনিয়া অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। কাৰণ ধনিয়াত পৰ্যাপ্ত পৰিমাণৰ ক্ষাৰ আৰু ফ্লেভোনইড থাকে। এই উপাদানবোৰে যকৃতৰ ৰোগ যেনে-জণ্ডিচ নিৰাময় কৰাত সহায় কৰে। ২. পাচনতন্ত্ৰ আৰু অন্ত্ৰৰ হজম স্বাস্থ্যৱান কৰি ৰাখে ধনিয়াই। ধনিয়া সেৱনে মানুহক পাচন নলীৰ ব্যাঘাত আৰু অন্ত্ৰৰ ৰোগৰ পৰা সকাহ দিয়ে। ই পাচনতন্ত্ৰ শক্তিশালী কৰি পেট সুস্থ কৰি ৰখাৰ লগতে ভোকও বৃদ্ধি কৰে। ৩. ধনিয়াত যথেষ্ট পৰিমাণ এণ্টিঅক্সিডেণ্ট থাকে বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে। এইবোৰে মুক্ত ৰেডিকেলৰ দ্বাৰা হোৱা কোষীয় ক্ষতি প্ৰতিহত কৰে। ধনিয়াৰ নিয়মীয়া সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি শক্তিশালী কৰে। ৪. হৃদৰোগ প্ৰতিৰোধ কৰাত ধনিয়া সেৱনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা অপ্ৰয়োজনীয় অতিৰিক্ত ছডিয়াম উলিয়ায় শৰীৰটোক ভিতৰৰ পৰা সুস্থ কৰি ৰাখে। ধনিয়া ব্যৱহাৰে বেয়া কলেষ্টৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ৫. ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে। খাদ্যত ধনিয়া ব্যৱহাৰে এনে এনজাইম সক্ৰিয় কৰে, যি শৰীৰত ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই শৰীৰত ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখে আৰু ব্যক্তিজনক সুস্থ তুলিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান