--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাচলিত ধনিয়া দিয়াটো এক অভ্যাস যাৰ অবিহনে আঞ্জাৰ সোৱাদ অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। ধনিয়াই কেৱল পাচলিৰ সোৱাদ বৃদ্ধি কৰাই নহয়, স্বাস্থ্য সুন্দৰ কৰি ৰখাটো সহায় কৰিব পাৰে। কাৰণ খাদ্যৰ তালিকাত সদায় ব্যৱহাৰ কৰিব পৰা ধনিয়াৰ পাতৰ আছে বহুতো উপকাৰী গুণ। জানো আহক ধনিয়া পাতত থকা ৫টা লাভালাভৰ বিষয়ে। সেউজীয়া ধনিয়াত ভিটামিন এ, বি, চি, কে, কেলচিয়াম, ফছফৰাছ, পটাছিয়াম, ছডিয়াম আৰু মেগনেছিয়ামৰ দৰে পুষ্টি থাকে। এই পুষ্টিবোৰে আমাৰ শৰীৰক সুস্থ কৰি ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। ১. যকৃত ৰোগত ধনিয়া অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। কাৰণ ধনিয়াত পৰ্যাপ্ত পৰিমাণৰ ক্ষাৰ আৰু ফ্লেভোনইড থাকে। এই উপাদানবোৰে যকৃতৰ ৰোগ যেনে-জণ্ডিচ নিৰাময় কৰাত সহায় কৰে। ২. পাচনতন্ত্ৰ আৰু অন্ত্ৰৰ হজম স্বাস্থ্যৱান কৰি ৰাখে ধনিয়াই। ধনিয়া সেৱনে মানুহক পাচন নলীৰ ব্যাঘাত আৰু অন্ত্ৰৰ ৰোগৰ পৰা সকাহ দিয়ে। ই পাচনতন্ত্ৰ শক্তিশালী কৰি পেট সুস্থ কৰি ৰখাৰ লগতে ভোকও বৃদ্ধি কৰে। ৩. ধনিয়াত যথেষ্ট পৰিমাণ এণ্টিঅক্সিডেণ্ট থাকে বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে। এইবোৰে মুক্ত ৰেডিকেলৰ দ্বাৰা হোৱা কোষীয় ক্ষতি প্ৰতিহত কৰে। ধনিয়াৰ নিয়মীয়া সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি শক্তিশালী কৰে। ৪. হৃদৰোগ প্ৰতিৰোধ কৰাত ধনিয়া সেৱনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা অপ্ৰয়োজনীয় অতিৰিক্ত ছডিয়াম উলিয়ায় শৰীৰটোক ভিতৰৰ পৰা সুস্থ কৰি ৰাখে। ধনিয়া ব্যৱহাৰে বেয়া কলেষ্টৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ৫. ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে। খাদ্যত ধনিয়া ব্যৱহাৰে এনে এনজাইম সক্ৰিয় কৰে, যি শৰীৰত ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই শৰীৰত ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখে আৰু ব্যক্তিজনক সুস্থ তুলিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ