--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে দেশৰ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে সংসদত কৰ্কট ৰোগৰ এখন ভয়াৱহ ছবি দাঙি ধৰিছে। তেওঁ উল্লেখ কৰা তথ্য অনুসৰি কেৱল কৰ্কট ৰোগত আক্ৰান্ত হৈয়েই ২০ লক্ষাধিক ৰোগী মৃত্যু মুখত পৰিছে। কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে যদিও বহুসংখ্যক লোকৰ এই ৰোগত মৃত্যুৰ তথ্যই স্বাভাৱিকতেই মানুহৰ মনত উদ্বেগৰ সৃষ্টি কৰিছে। তথ্য অনুসৰি ২০১৮ৰ পৰা ২০২০ চনৰ ভিতৰত ভাৰতত ৪০ লাখৰো অধিক কৰ্কট ৰোগী ধৰা পৰিছে। ইয়াৰে ২২.৫৪ লাখ লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। শুকুৰবাৰে লোকসভাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই এই তথ্য দাঙি ধৰিছে। তেওঁ কয় যে ২০২০ চনত ১৩,৯২,১৭৯ জন ২০১৯ চনত ১৩,৫৮,৪১৫ জন আৰু ২০১৮ চনত ১৩,২৫,২৩২ জন কৰ্কট ৰোগী ধৰা পৰিছে। ইয়াৰ বিপৰীতে ২০২০ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰায় ৭,৭০,২৩০গৰাকী ২০১৯ চনত ৭,৫১,৫১৭ গৰাকী আৰু ২০১৮ চনত ৭,৩৩,১৩৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। তেওঁ এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য দাঙি ধৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। বহিৰাগত জীৱনশৈলী, ধঁপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰ, সুৰা, অস্বাস্থ্যকৰ আহাৰ, বায়ু প্ৰদূষণ আদি কাৰকৰ বাবে দেশত কৰ্কট ৰোগত মানুহ আক্ৰান্ত হৈছে বুলি তেওঁ জনাইছে। উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ (পিএমএছএছৱাই) অধীনত ২২খনকৈ নতুন এইমছ আৰু আন বহু উন্নত প্ৰতিষ্ঠানত অংক’লজীৰ ওপৰত গুৰুত্ব দি কৰ্কট ৰোগৰ চিকিৎসা ব্যৱস্থাৰ প্ৰসাৰতাৰ চেষ্টা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীজনে লগতে কয় যে আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰীজন আৰোগ্য যোজনাৰ (পিএমজেএৱাই) আদি আঁচনিৰ অধীনতো কৰ্কট ৰোগৰ চিকিৎসা উপলব্ধ। তেওঁ কয় যে ৰাষ্ট্ৰীয় আৰোগ্য নিধি আৰু স্বাস্থ্য মন্ত্ৰীৰ বিচাৰাধীন অনুদান (এইচএমডিজি)ৰ আঁচনিৰ অধীনত কৰ্কট ৰোগকে ধৰি জীৱনৰ প্ৰতি ভাবুকিপূৰ্ণ ৰোগত ভুগি থকা দৰিদ্ৰসীমাৰ তলত বাস কৰা পৰিয়ালৰ ৰোগীসকলক বিত্তীয় সাহায্য প্ৰদান কৰা হয়। উল্লেখযোগ্য যে বছৰি প্ৰায় ৭ লাখকৈ লোকে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাব লগা পৰিস্থিতিয়ে দেশৰ স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে। মন কৰিব লগীয়া কথা যে ২০২০ চনৰ পৰা বৰ্তমানলৈকে ২ বছৰত প্ৰায় ৫ লাখ লোকে মৃত্যুক সাবটি লৈছে। কিন্তু বিশ্বজুৰি আতংক সৃষ্টিকাৰী ক’ভিডতকৈ ভাৰতত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যাহে সৰ্বাধিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ