--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে দেশৰ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে সংসদত কৰ্কট ৰোগৰ এখন ভয়াৱহ ছবি দাঙি ধৰিছে। তেওঁ উল্লেখ কৰা তথ্য অনুসৰি কেৱল কৰ্কট ৰোগত আক্ৰান্ত হৈয়েই ২০ লক্ষাধিক ৰোগী মৃত্যু মুখত পৰিছে। কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে যদিও বহুসংখ্যক লোকৰ এই ৰোগত মৃত্যুৰ তথ্যই স্বাভাৱিকতেই মানুহৰ মনত উদ্বেগৰ সৃষ্টি কৰিছে। তথ্য অনুসৰি ২০১৮ৰ পৰা ২০২০ চনৰ ভিতৰত ভাৰতত ৪০ লাখৰো অধিক কৰ্কট ৰোগী ধৰা পৰিছে। ইয়াৰে ২২.৫৪ লাখ লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। শুকুৰবাৰে লোকসভাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই এই তথ্য দাঙি ধৰিছে। তেওঁ কয় যে ২০২০ চনত ১৩,৯২,১৭৯ জন ২০১৯ চনত ১৩,৫৮,৪১৫ জন আৰু ২০১৮ চনত ১৩,২৫,২৩২ জন কৰ্কট ৰোগী ধৰা পৰিছে। ইয়াৰ বিপৰীতে ২০২০ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰায় ৭,৭০,২৩০গৰাকী ২০১৯ চনত ৭,৫১,৫১৭ গৰাকী আৰু ২০১৮ চনত ৭,৩৩,১৩৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। তেওঁ এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য দাঙি ধৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। বহিৰাগত জীৱনশৈলী, ধঁপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰ, সুৰা, অস্বাস্থ্যকৰ আহাৰ, বায়ু প্ৰদূষণ আদি কাৰকৰ বাবে দেশত কৰ্কট ৰোগত মানুহ আক্ৰান্ত হৈছে বুলি তেওঁ জনাইছে। উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ (পিএমএছএছৱাই) অধীনত ২২খনকৈ নতুন এইমছ আৰু আন বহু উন্নত প্ৰতিষ্ঠানত অংক’লজীৰ ওপৰত গুৰুত্ব দি কৰ্কট ৰোগৰ চিকিৎসা ব্যৱস্থাৰ প্ৰসাৰতাৰ চেষ্টা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীজনে লগতে কয় যে আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰীজন আৰোগ্য যোজনাৰ (পিএমজেএৱাই) আদি আঁচনিৰ অধীনতো কৰ্কট ৰোগৰ চিকিৎসা উপলব্ধ। তেওঁ কয় যে ৰাষ্ট্ৰীয় আৰোগ্য নিধি আৰু স্বাস্থ্য মন্ত্ৰীৰ বিচাৰাধীন অনুদান (এইচএমডিজি)ৰ আঁচনিৰ অধীনত কৰ্কট ৰোগকে ধৰি জীৱনৰ প্ৰতি ভাবুকিপূৰ্ণ ৰোগত ভুগি থকা দৰিদ্ৰসীমাৰ তলত বাস কৰা পৰিয়ালৰ ৰোগীসকলক বিত্তীয় সাহায্য প্ৰদান কৰা হয়। উল্লেখযোগ্য যে বছৰি প্ৰায় ৭ লাখকৈ লোকে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাব লগা পৰিস্থিতিয়ে দেশৰ স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে। মন কৰিব লগীয়া কথা যে ২০২০ চনৰ পৰা বৰ্তমানলৈকে ২ বছৰত প্ৰায় ৫ লাখ লোকে মৃত্যুক সাবটি লৈছে। কিন্তু বিশ্বজুৰি আতংক সৃষ্টিকাৰী ক’ভিডতকৈ ভাৰতত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যাহে সৰ্বাধিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
আগষ্টত ২০০০ কোটি UPI লেনদেন
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান