--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিবলৈ আগবাঢ়িছে আয়কৰ বিধেয়ক। ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাভ কৰিছে এই বিধেয়কে। বিশেষ সূত্ৰ অনুসৰি এই বিধেয়কখনত আইনত পৰিণত হ’লে আয়কৰ আইনৰ বিধান কমেও ২৫-৩০ শতাংশ আয়কৰ বিধান হ্ৰাস কৰা হৈছে বিধেয়কখনত। এই বিধেয়কৰ জৰিয়তে কৰ আইনখন অধিক সৰল আৰু একত্ৰিত কৰা হৈছে। 

চৰকাৰে স্পষ্ট কৰি দিছে যে এই বিধেয়কখনে কোনো নতুন কৰ প্ৰৱৰ্তন নকৰে। কেৱল কৰ আইন সৰল কৰি অস্পষ্টতা দূৰ কৰি কৰদাতাসকলে সহজে মানি চলাটো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নতুন বিধেয়কখনৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে আইনী ভাষাৰ সৰলীকৰণ, যাতে সাধাৰণ কৰদাতাসকলেও সহজেই বুজিব পাৰে।

উল্লেখ্য যে নতুন আয়কৰ বিধেয়কত আয়কৰ বিভাগক অতিৰিক্ত ক্ষমতা দিয়া হোৱা নাই। বিধেয়কখনত সহজ কৰি তোলা হৈছে আয় আৰু কৰ গণনাও। জনসাধাৰণৰ হাততে থাকিব আয়কৰৰ হিচাপ আৰু সংসদৰ অনুমতি সাপেক্ষেহে আয়কৰ আৰোপ কৰা হ’ব।

বাজেট দাখিলৰ দিনা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখকৰিছিল যে নতুন আয়কৰ বিধেয়ক অতি সোনকালে আহি আছে।এই বিধেয়কৰ জৰিয়তে আয়কৰ আইনখন আৰু অধিক সৰল কৰি তোলা হৈছে। সমান্তৰালভাৱে নতুন আয়কৰ বিধেয়কখনে আইনখনৰ সৰলীকৰণ আৰু স্বচ্ছতাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post