--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিবলৈ আগবাঢ়িছে আয়কৰ বিধেয়ক। ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাভ কৰিছে এই বিধেয়কে। বিশেষ সূত্ৰ অনুসৰি এই বিধেয়কখনত আইনত পৰিণত হ’লে আয়কৰ আইনৰ বিধান কমেও ২৫-৩০ শতাংশ আয়কৰ বিধান হ্ৰাস কৰা হৈছে বিধেয়কখনত। এই বিধেয়কৰ জৰিয়তে কৰ আইনখন অধিক সৰল আৰু একত্ৰিত কৰা হৈছে। 

চৰকাৰে স্পষ্ট কৰি দিছে যে এই বিধেয়কখনে কোনো নতুন কৰ প্ৰৱৰ্তন নকৰে। কেৱল কৰ আইন সৰল কৰি অস্পষ্টতা দূৰ কৰি কৰদাতাসকলে সহজে মানি চলাটো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নতুন বিধেয়কখনৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে আইনী ভাষাৰ সৰলীকৰণ, যাতে সাধাৰণ কৰদাতাসকলেও সহজেই বুজিব পাৰে।

উল্লেখ্য যে নতুন আয়কৰ বিধেয়কত আয়কৰ বিভাগক অতিৰিক্ত ক্ষমতা দিয়া হোৱা নাই। বিধেয়কখনত সহজ কৰি তোলা হৈছে আয় আৰু কৰ গণনাও। জনসাধাৰণৰ হাততে থাকিব আয়কৰৰ হিচাপ আৰু সংসদৰ অনুমতি সাপেক্ষেহে আয়কৰ আৰোপ কৰা হ’ব।

বাজেট দাখিলৰ দিনা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখকৰিছিল যে নতুন আয়কৰ বিধেয়ক অতি সোনকালে আহি আছে।এই বিধেয়কৰ জৰিয়তে আয়কৰ আইনখন আৰু অধিক সৰল কৰি তোলা হৈছে। সমান্তৰালভাৱে নতুন আয়কৰ বিধেয়কখনে আইনখনৰ সৰলীকৰণ আৰু স্বচ্ছতাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ