--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ সময় ধৰি অশান্ত তথা হিংসাত্মক পৰিস্থিতিৰে পৰিবেস্তিত হৈ আহিছে মণিপুৰ। মনিপুৰৰ এনে পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এইবাৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিলে এন বীৰেণ সিঙে। দেওবাৰে ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে বীৰেণ সিঙে।

জানিব পৰা মতে, বীৰেন সিঙৰ বিৰুদ্ধে কংগ্ৰেছে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ পৰিকল্পনা কৰিছিল। ফলত অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদানৰো সম্ভাৱনা প্ৰকট হৈ পৰিছিল যদিও কনৰাড চাংমাৰ নেচনেল পিপলছ পাৰ্টিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছত চৰকাৰক বৰ্তাই ৰাখিবলৈ বিজেপিৰ হাতত সংখ্যাগৰিষ্ঠতা আছিল। কিন্তু সূত্ৰ অনুসৰি, দলীয় স্বাৰ্থক আওকান কৰি কেইবাজনো বিধায়কে বীৰেণ সিঙৰ বিৰুদ্ধে  অনাস্থা প্ৰস্তাৱত ভোট দিয়াৰ আশংকা আছিল। কাৰণ তেওঁলোকো মুখ্যমন্ত্ৰী সলনি কৰাৰ পক্ষত আছিল। মণিপুৰত প্ৰায় ১২ জন বিধায়ক  মুখ্যমন্ত্ৰী সলনি কৰাৰ পক্ষত আছিল। আনকি মণিপুৰ বিধানসভাৰ অধ্যক্ষৰ সৈতে বীৰেন সিঙৰ মতানৈক্যও চৰ্চালৈ আহিছিল।

এনে পৰিস্থিতিত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ অন্তত বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লয়। আজি পুৱা তেওঁ দিল্লীলৈ গৈ বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। দিল্লীত বিজেপিৰ বিজয়ৰ পিছত মণিপুৰৰ পৰিস্থিতিত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দলটোৰ শীৰ্ষ নেতৃত্বই নিবিচাৰে। সেয়েহে দিল্লীৰ পৰা উভতি অহাৰ পাছতে সন্ধিয়া মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে বীৰেন সিঙে। এতিয়া তেওঁৰ ঠাইত  কোনে মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিব সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post