--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ সময় ধৰি অশান্ত তথা হিংসাত্মক পৰিস্থিতিৰে পৰিবেস্তিত হৈ আহিছে মণিপুৰ। মনিপুৰৰ এনে পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এইবাৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিলে এন বীৰেণ সিঙে। দেওবাৰে ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে বীৰেণ সিঙে।

জানিব পৰা মতে, বীৰেন সিঙৰ বিৰুদ্ধে কংগ্ৰেছে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ পৰিকল্পনা কৰিছিল। ফলত অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদানৰো সম্ভাৱনা প্ৰকট হৈ পৰিছিল যদিও কনৰাড চাংমাৰ নেচনেল পিপলছ পাৰ্টিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছত চৰকাৰক বৰ্তাই ৰাখিবলৈ বিজেপিৰ হাতত সংখ্যাগৰিষ্ঠতা আছিল। কিন্তু সূত্ৰ অনুসৰি, দলীয় স্বাৰ্থক আওকান কৰি কেইবাজনো বিধায়কে বীৰেণ সিঙৰ বিৰুদ্ধে  অনাস্থা প্ৰস্তাৱত ভোট দিয়াৰ আশংকা আছিল। কাৰণ তেওঁলোকো মুখ্যমন্ত্ৰী সলনি কৰাৰ পক্ষত আছিল। মণিপুৰত প্ৰায় ১২ জন বিধায়ক  মুখ্যমন্ত্ৰী সলনি কৰাৰ পক্ষত আছিল। আনকি মণিপুৰ বিধানসভাৰ অধ্যক্ষৰ সৈতে বীৰেন সিঙৰ মতানৈক্যও চৰ্চালৈ আহিছিল।

এনে পৰিস্থিতিত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ অন্তত বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লয়। আজি পুৱা তেওঁ দিল্লীলৈ গৈ বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। দিল্লীত বিজেপিৰ বিজয়ৰ পিছত মণিপুৰৰ পৰিস্থিতিত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দলটোৰ শীৰ্ষ নেতৃত্বই নিবিচাৰে। সেয়েহে দিল্লীৰ পৰা উভতি অহাৰ পাছতে সন্ধিয়া মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে বীৰেন সিঙে। এতিয়া তেওঁৰ ঠাইত  কোনে মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিব সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ