--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শিৱলিংগক ভগৱান শিৱৰ প্ৰতীক বুলি গণ্য কৰা হয়। দেশৰ বহু ধৰ্মীয় স্থানত স্ব-নিৰ্মিত শিৱলিংগ থকাৰ বিপৰীতে বহু ৰজা, সাধু, ভক্তই নিৰ্মাণ কৰা শিৱলিংগও আছে।

ৰামেশ্বৰমত অৱস্থিত শিৱলিংগ
প্ৰবাদ অনুসৰি ভগৱান শ্ৰীৰামে নিজৰ প্ৰিয় মহাদেৱক পূজা কৰিবলৈ প্ৰতিষ্ঠা কৰা ৰামেশ্বৰমৰ শিৱলিংগৰ বিষয়ে সকলোৱে জানে। তেওঁ বালিৰে নিৰ্মাণ কৰি পূজা-অৰ্চনা কৰিছিল বুলি জনা যায় যদিও পাছলৈ সেই শিৱলিংগটো কঠিন ৰূপ ধাৰণ কৰিছিল। ইয়াক দেৱলিংগ বুলিও জনা যায়।

কোৱা হয় যে ভগৱান শিৱ বৰ দয়ালু আছিল, সেয়েহে তেওঁক ভোলানাথ বুলিও কোৱা হয়। গতিকে যিসকল ভক্তই নিজৰ সুবিধা অনুযায়ী শিৱলিংগ বনাই নিয়মীতৰূপে পূজা-অৰ্চনা কৰে তেওঁ ভগৱানৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হয়। এতিয়া আমি জানো আহক কোনটো শিৱলিংগক পূজা কৰি কেনেধৰণৰ ফল পোৱা যায় জানো আহক। 

* ফুলৰ শিৱলিংগ:-ফুলেৰে নিৰ্মিত শিৱলিংগক পূজা কৰিলে ভূমি-ভৱন লাভ কৰিব পাৰি, সেয়েহে এইখিনি লাভ কৰিব বিচৰা ভক্তসকলে ফুলেৰে নিৰ্মিত শিৱলিংগক পূজা কৰিব পাৰে।
* ৰূপৰ শিৱলিংগ:-সেইদৰে ৰূপৰ শিৱলিংগক পূজা কৰিলে পূৰ্বপুৰুষসকলে মুক্তি লাভ কৰে বুলি বিশ্বাস কৰা হয় কাৰণ এনে শিৱলিংগ পবিত্ৰ হয়।
স্ফটিক শিৱলিংগ
* স্ফটিকেৰে নিৰ্মিত শিৱলিংগ:-এনে শিৱলিংগত জল অভিষেক কৰিলে এজন ব্যক্তিৰ সকলো ইচ্ছা পূৰণ হয়। যিসকলৰ যিকোনো ধৰণৰ ইচ্ছা আছে কিন্তু চেষ্টা কৰিও সেয়া পূৰণ হোৱা নাই, তেতিয়া ৰীতি-নীতি অনুসৰি স্ফটিক শিৱলিংগৰ পূজা কৰিলে সুফল লাভ কৰিব।
* কাঁচৰ শিৱলিংগ:-কাঁচৰে নিৰ্মিত শিৱলিংগ অভিষেক কৰিলে এজন ব্যক্তিয়ে জীৱনত খ্যাতি লাভ কৰে। ইয়াৰ উপৰি ব্যক্তিজন সমাজত সন্মান আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।
* পিতলৰ শিৱলিংগ:-যদি আপোনাৰ জীৱনৰ বহু ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে পিতলৰ দ্বাৰা নিৰ্মিত শিৱলিংগত অভিষেক কৰিব লাগে, ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ থকা সকলো সমস্যা দূৰ হ’ব।
* পাৰদ শিৱলিংগ:-পাৰদ শিৱলিংগৰ অভিষেকক সৰ্বোত্তম ফলপ্ৰাপ্ত বুলি গণ্য কৰা হয়, শিৱলিংগৰ কেৱল দৰ্শনকে ভাগ্যৱান বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট এজন সেনা জোৱান
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক