--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় দুৰ্গা পূজা বা দুৰ্গোৎসৱ। আহিন মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। বসন্ত কালৰ দুৰ্গাপূজাক বাসন্তী পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামে জনা যায়।

প্ৰাচীন কালৰে পৰাই অসমত দুৰ্গা পূজা প্ৰচলিত হৈ আছে। ধৰ্মীয় দৃষ্টিকোণেৰে দুৰ্গা পূজাৰ বিভিন্ন শাস্ত্ৰীয় ব্যাখ্যা, পৌৰাণিক কাহিনী, ৰীতি-নীতি, পৰম্পৰা জড়িত হৈ আছে। গতিকে দেখা যায় যে যিবোৰ অশুভ শক্তি আছে, সেই সকলোবোৰৰ বিনাশকাৰী হৈছে দেৱী দুৰ্গা। সেয়েহে যুগে যুগে হিন্দুধৰ্মৰ শাক্তসকলে দেৱী দুৰ্গাক সমাজৰ পৰা অপায়-অমংগল, বিভেদকামী শক্তিক নাশ কৰিবৰ বাবেই আৰাধনা কৰি আহিছে।

দুৰ্গা পূজা পাঁচদিন পালন কৰা হয়। দুৰ্গা পূজাৰ প্ৰথম দিনটোক ‘বোধন’। ‘বোধন’ শব্দৰ অৰ্থ হৈছে জাগ্ৰত কৰা। ষষ্ঠীৰ দিনা ‘বিল্ব বোধন’ৰে দেৱী দুৰ্গাৰ পূজা আৰম্ভ কৰা হয়। দেৱী পূজাৰ আগেয়ে বেলগছত পূজা কৰি দেৱীক জাগ্ৰত অৱস্থাত অনা হয়। অৰ্থাৎ বেলগছ হৈছে শক্তিৰ প্ৰতীক, বেলপাতৰ আকৃতি ত্ৰিশূলসদৃশ। যুৰীয়া বেলত দেৱীৰ শক্তি সংস্থাপন কৰা হয় বাবে ইয়াক বেলবোধন বুলিও কোৱা হয়।

সপ্তমীৰ দিনা দেৱীক আহ্বান কৰি কলগছত স্থাপন কৰি দেৱী পূজাৰ আৰম্ভ কৰা হয়। এই মহাসপ্তমীৰ দিনা যুৰীয়া বেলৰ লগতে নৱপত্ৰিকাৰে দেৱীৰ ৰূপৰ পূজা কৰা হয়। এই নৱপত্ৰিকাত ৯বিধ শস্য থাকে। যেনে- কলগছ, মানকচু, হালধি, ধান, জয়ন্তী ফুলৰ গছ, ডালিম, অশোক, বগা অপৰাজিতা আৰু বেল থাকে। এই ৯বিধ দ্ৰব্য হালধীয়া সূতাৰে কলপুলিত বান্ধি তাত অপৰাজিতা ফুলৰ লতাৰে মেৰিয়াই ৰঙাপাৰি শাৰীৰে নকইনাৰ দৰে দীঘল ওৰণিৰে ঢাকি ৰখা হয়। এয়াই হৈছে ‘নৱপত্ৰিকা’।

নৱৰাত্ৰিৰ পূজা অষ্টমী তিথিৰ দিনা মহাষ্টমী পূজা কৰা হয়। হিন্দুধৰ্ম বৰ্ষপঞ্জী অনুসৰি আহিন মাহৰ শুক্লা অষ্টমী তিথিকে মহাঅষ্টমী হিচাপে পালন কৰা হয়। দুৰ্গা দেৱী ৯টা ৰূপৰ চৌষষ্ঠী যোগিনী আৰু অষ্টশক্তিক এই দিনটোত উপাসনা কৰা হয়। ভাৰতৰ বিভিন্ন অঞ্চলত ভিন্ন ৰূপত ইয়াৰ ব্যাখ্যা পোৱা যায়। এই অষ্টশক্তি প্ৰকৃততে দুৰ্গাৰেই ভিন্ন ৰূপ। প্ৰতিগৰাকীয়েই নাৰী শক্তিৰ লগতে ভিন্ন ব্যক্তিত্বক প্ৰতিনিধিত্ব কৰে। দুৰ্গা পূজাৰ এই অষ্টশক্তি হ'ল-ব্ৰাহ্মণি, মহেশ্বৰী,  কৌমাৰী,  বৈষ্ণবী,  বৰাহী,  নৰসিংহী,  ইন্দ্ৰাণী আৰু চামুণ্ডা।

শাৰদীয় দুৰ্গা পূজাৰ নৱমী তিথিত মহানৱমী পালন কৰা হয়। প্ৰবাদ অনুসৰি মহাশক্তি দুৰ্গাই মহিষাসুৰ বধৰ বাবে এই দিনটোতে মহিষমৰ্দিনী ৰূপ আৰু সংহাৰী যুঁজৰ আছিল অন্তিমটো দিন। দেৱী দুৰ্গাই সমস্ত শক্তিৰে নৱমীৰ শেষ ক্ষণত অমোঘ অস্ত্ৰৰে প্ৰহাৰ কৰাৰ ফলত দশমীৰ পুৱাই বধ হৈছিল মহিষাসুৰৰ।

উল্লেখ্য যে দহদিন ধৰি দেৱী দুৰ্গা আৰু মহিষাসুৰৰ যুদ্ধ চলি আছিল আৰু দশম দিনা দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰিছিল, এই দিনটোতে অশুভ শক্তিৰ ওপৰত শুভ শক্তিয়ে বিজয় সাব্যস্ত কৰিছিল। সেয়েহে এই দিনটোত বিজয় উছৱ হিচাপে বিজয়া দশমী পালন কৰা হয়। উৎসৱৰ অন্তিম দিনা ভক্তসকলে কোনো জলভাগ বা নদীত দেৱী দুৰ্গাৰ মূৰ্তি বিসৰ্জন দিয়ে। এই অনুষ্ঠানক দুৰ্গা বিসৰ্জন নামেৰেও জনা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
Advertisement