--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক অস্থিৰতা আৰু উত্তেজনাই বিৰাজ কৰাৰ সময়তে সম্প্ৰীতিৰ এক অতুলনীয় নিদৰ্শন দেখিবলৈ পোৱা গৈছে। দেশৰ ভালেমান প্ৰান্তত আজান বনাম হনুমান চালিছাৰ বিতৰ্ক চলি থকাৰ মাজতে উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ এটা মুছলমান পৰিয়ালে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক তেওঁলোকৰ ৯০ লাখ টকাৰ ব্যক্তিগত সম্পত্তি হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। যাতে দেশৰ মুছলমান সম্প্ৰদায়ৰ লোকসকললৈ এই বাৰ্তা যায় যে, মুছলমানসকলেও অযোধ্যা আৰু গেৰুৱা বৰণ ভাল পায়।

দৰাচলতে, চহৰখনৰ খালাপাৰনিবাসী ড০ মহম্মদ সমৰ গজনীয়ে শুকুৰবাৰে ঘোষণা কৰে যে তেওঁ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰায় ৯০ লাখ টকাৰ ব্যক্তিগত সম্পত্তি অৰ্পন কৰিব বিচাৰে। যাতে এই সম্পত্তি বিক্ৰী কৰি, ইয়াৰ ধন ৰাম মন্দিৰ নিৰ্মাণত ব্যৱহাৰ কৰিব পাৰি আৰু মুছলমান সম্প্ৰদায়লৈ বাৰ্তা যাব লাগে যে মুছলমানসকলেও অযোধ্যা আৰু গেৰুৱা বৰণ ভাল পায়। উল্লেখ্য যে, সমৰ গজনী নামৰ ব্যক্তিগৰাকীয়ে গেৰুৱা কাপোৰ পিন্ধি ঈদৰ নামাজ পঢ়ি ব্যাপক চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল।

উল্লেখ্য যে, মহম্মদ সমৰ গজনী বিজেপি সংখ্যালঘু সমাজ মৰ্চাৰ এজন প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী আছিল। যিজনে শেহতীয়াকৈ বিজেপিৰ প্ৰতি ভালপোৱা আৰু যোগী আদিত্যনাথৰ কাৰ্যকলাপত প্ৰতি প্ৰভাৱিত হৈ ৰাম মন্দিৰৰ বাবে তেওঁলোকৰ সম্পত্তি দান কৰাৰ কথা ঘোষণা কৰিছে। মহম্মদ সমৰে কয় যে অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ সৈতে সহযোগিতা কৰিবলৈ তেওঁ তেওঁৰ ব্যক্তিগত সম্পত্তি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক অৰ্পন কৰিব বিচাৰে, যাতে তেওঁ সেই সম্পত্তি বিক্ৰী কৰি পোৱা ধন তেওঁ ৰাম মন্দিৰ নিৰ্মাণত ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে সমগ্ৰ দেশৰ মুছলমানসকললৈ, সমগ্ৰ ৰাজ্যৰ মুছলমানসকললৈ এটা বাৰ্তা যায় যে মুছলমানসকলেও অযোধ্যা আৰু গেৰুৱা বৰণ ভাল পায়। ঘৃণাৰ যাতে কোনো অৱকাশ নাথাকে আৰু মুছলমান সম্প্ৰদায়েও ২০২৪ চনত যোগীক একাণপতীয়াকৈ সমৰ্থন কৰে।

তেওঁ কয় যে, ‘যোগী আদিত্যনাথক কোনো ধৰ্মৰ বিৰোধী নহয়, তেওঁ কেৱল অপৰাধী আৰু মাফিয়াৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছে। মোৰ ওচৰত ৯০ লাখ টকাৰ এটা সম্পত্তি আছে, যিটো মই অযোধ্যাৰ নামত যোগীজীৰ হাতত অৰ্পন কৰিম। ঈদৰ নামাজত মই পিন্ধা গেৰুৱা কাপোৰৰ জৰিয়তে মই দিব বিচৰা বাৰ্তাটো আছিল যে, যোগীজীৰ কাপোৰৰ যি গেৰুৱা ৰং সেয়া নিৰ্দিষ্ট ধৰ্ম বা হিন্দু-মুছলমানৰ বিৰোধী নহয়।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ